চিটাৰা ডেস্ক, 24 ফ্ৰেব্ৰুৱাৰী: প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) প্ৰকাশ কৰিছে যে কোটিপতি ঠগ সুকেশ চন্দ্ৰশেখৰে তেওঁৰ সহযোগী পিঙ্কি ইৰাণীৰ সহযোগত বলীউডৰ অভিনেত্ৰী ভূমি পেডনেকাৰ, সাৰা আলী খান আৰু জাহ্নৱী কাপুৰৰ ওচৰ চাপিবলৈ চেষ্টা কৰিছিল (ED revealed Sukesh tried to impress Sara Janhvi Bhumi) । । ইডিৰ এটা সূত্ৰই কৈছে যে পিঙ্কি ইৰাণীয়ে কেইগৰাকীমান অভিনেত্ৰীক তিহাৰ জেললৈ লৈ গৈছিল সুকেশক লগ কৰাবলৈ ৷ ইৰাণীয়ে এই অভিনেত্ৰী কেইগৰাকীৰ পৰিচয় প্ৰকাশ কৰা নাছিল । ছদ্ম নাম লৈ তেওঁ প্ৰায়ে বলীউডৰ অভিনেত্ৰীসকলক লগ কৰিবলৈ গৈছিল ।
এটা সূত্ৰই জানিবলৈ দিছে, "এখন বিএমডব্লিউ গাড়ীত বলীউডৰ অভিনেত্ৰীসকল তিহাৰ কাৰাগাৰৰ ৩ নম্বৰৰ গেটৰ পৰা উঠি গৈছিল । তাৰ পিছত এখন ইন’ভা গাড়ীয়ে অভিনেত্ৰীসকলক কাৰাগাৰৰ ভিতৰলৈ লৈ যায়, য'ত তেওঁলোকে সুকেশক লগ কৰে । সূত্ৰটোৱে লগতে কৈছে যে ইউনিটেকৰ সদস্য সঞ্জয় চন্দ্ৰ আৰু তিহাৰ কাৰাগাৰৰ কৰ্তৃপক্ষই অভিনেত্ৰী কেইগৰাকীক কাৰাগাৰৰ ভিতৰত লৈ গৈছিল । সুকেশে বিভিন্ন মডেল তথা বলীউডৰ তাৰকাসকলৰ বাবে প্ৰায় 20 কোটি টকা ব্যয় কৰিছে, অৱশ্যে বহুতে তেওঁৰ পৰা উপহাৰ ল’বলৈ অমান্তিও প্ৰকাশ কৰিছিল ৷
বৰ্তমান ন্যায়িক জিম্মাত আছে সুকেশ (Sukesh Chandrashekhar case) । ইডিয়ে গোচৰটোত দুখনকৈ অভিযোগপত্ৰ দাখিল কৰিছে । প্ৰথম অভিযোগপত্ৰখন সুকেশৰ বিৰুদ্ধে দাখিল কৰাৰ বিপৰীতে পৰিপূৰক অভিযোগপত্ৰ খন দাখিল কৰিছে পিঙ্কি ইৰাণীৰ বিৰুদ্ধে । উল্লেখযোগ্য যে, পিঙ্কিয়ে জেকলিন ফাৰ্ণাণ্ডেজৰ বাবে ব্যয়বহুল উপহাৰ বাছনি কৰিছিল আৰু সেইবোৰৰ পইচা সুকেশে পৰিশোধ কৰাৰ পিছত উপহাৰসমূহ জেকলিনৰ ঘৰত থৈ আহিছিল ৷
ইডিৰ সূত্ৰই কৈছে যে তেওঁলোকে সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে পঞ্জীয়ন কৰা ২০০ কোটি টকাৰ পি.এম.এল.এ. গোচৰত পিঙ্কিৰ বিৰুদ্ধে আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিছে । সূত্ৰটোৱে কৈছে যে পৰিপূৰক অভিযোগপত্ৰখনত আন সাতজনৰ সৈতে পিঙ্কি ইৰাণীক অভিযুক্ত হিচাপে নামাকৰণ কৰা হ'ব ।
লগতে পঢ়ক: Vikram Vedha Vikram First look: হৃত্বিক ৰোছনে পোষ্ট কৰিলে ‘বিক্ৰম বেধা’ৰ বিক্ৰমৰ ফাৰ্ষ্ট লুক