ETV Bharat / sitara

‘‘এক্সিলেঞ্জ ইন চিনেমা’’ পুৰস্কাৰেৰে সন্মানিত কৰা হ’ব বলিউডৰ কিং খানক

author img

By

Published : Aug 5, 2019, 12:43 PM IST

এক্সিলেঞ্জ ইন চিনেমা পুৰস্কাৰেৰে ভিক্টোৰিয়াৰ ৰাজ্যপাল লিণ্ডা ডেচাওয়ে সন্মানিত কৰিব বলিউড জগতৰ কিং খান নামে খ্যাত শ্বাহৰুখ খানক ৷

‘‘এক্সিলেঞ্জ ইন চিনেমা’’ পুৰস্কাৰেৰে সন্মানিত কৰা হ’ব বলিউডৰ কিং খানক

নিউজ ডেস্ক, 5 আগষ্টঃ বলিউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানক সন্মানিত কৰা হ’ব এক্সিলেঞ্জ ইন চিনেমা পুৰস্কাৰেৰে ৷ অহা 8 আগষ্টত মেলৱৰ্ণত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱৰ দশম সংস্কৰণত ভিক্টোৰিয়াৰ ৰাজ্যপাল লিণ্ডা ডেচাওয়ে প্ৰদান কৰিব এই পুৰস্কাৰ ৷ মুখ্য অতিথি ৰূপে এই মহোৎসৱত অংশগ্ৰহণ কৰিব শ্বাহৰুখ খানে ৷ ভাৰতীয় ছবিজগতত আগবঢ়োৱা অৱদানৰ বাবে এই সন্মানেৰে সন্মানিত কৰা হ’ব বলিউডৰ কিং খানক ৷

এই সন্দৰ্ভত শ্বাহৰুখ খানে কয়,মোৰ বাবে এইয়া এক সুন্দৰ অনুভৱ,মই যথেষ্ট উৎসাহিত হৈ আছো ৰাজ্যপালগৰাকীক লগ পোৱাৰ বাবে ৷ এই মহোৎসৱৰ পৰিচালকে প্ৰকাশ কৰে যে,যেতিয়া হিন্দী চিনেমাৰ কথা ভৱা হয় তেতিয়া শ্বাহৰুখ খানৰ নাম প্ৰথমে মনলৈ আহে ৷ দেশৰ লগতে বিদেশতো নিজৰ অভিনয়ৰ যোগেদি যথেষ্ট জনপ্ৰিয় অভিনেতাগৰাকী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.