চিটাৰা ডেস্ক, ৬ এপ্ৰিল: শেহতীয়াকৈ বলীউডত খোজ পেলোৱা দক্ষিণ ভাৰতীয় ছবি জগতৰ অভিনেত্ৰী ৰশ্মিকা মান্দানাক 'গুডবাই' ছবিত অমিতাভ বচ্চনৰ কন্যাৰ ৰূপত দেখা পোৱা যাব । সোমবাৰে 'গুডবাই' ছবিৰ দৃশ্যগ্ৰহণস্থলীত ৰশ্মিকাৰ জন্মদিন উদযাপন কৰা হৈছিল । ২৫ সংখ্যক জন্মদিনটোক 'সন্তোষজনক দিন' আখ্যা দি ছ'চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰিছিল মান্দানাই ।
তিনিখনকৈ ফটো শ্বেয়াৰ কৰি ৰশ্মিকাই লিখিছে যে, কেৱল ফটো তোলাৰ বাবেহে মাস্ক আঁতৰ কৰা হৈছে আৰু সকলোকে মাস্ক পৰিধান কৰিবলৈও আহ্বান জনায় । উল্লেখ্য যে, 'মিছন মজনু'ৰ পিছত দ্বিতীয়বাৰৰ বাবে বলীউড ছবিত অভিনয় কৰিব ৰশ্মিকাই । বৰ্তমান আগন্তুক ছবি 'গুডবাই'ৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে অভিনেত্ৰীগৰাকী ।
- " class="align-text-top noRightClick twitterSection" data="
">
'গুডবাই' সন্দৰ্ভত ৰশ্মিকাই পূৰ্বে এক সাক্ষাৎকাৰত কৈছিল যে, আৰম্ভণিতে যেতিয়া তেওঁ স্ক্ৰীপ্টখন পঢ়িছিল, তেতিয়া তেওঁক আন কোনে ছবিখনত অভিনয় কৰিব সেই বিষয়ে কোৱা নাছিল । স্ক্ৰীপ্টখন পঢ়াৰ পিছত তেওঁ ছবিখনত কাম কৰাৰ বাবে সন্মত হয় । পিছতহে তেওঁক কোৱা হৈছিল যে, ছবিখনত বিগ বিয়ে অভিনয় কৰিব ।
অমিতাভ বচ্চনে অভিনয় কৰিব বুলি জানিব পাৰি আচৰিত হৈ পৰিছিল দক্ষিণ ভাৰতীয় ছবি জগতৰ অভিনেত্ৰীগৰাকী । তেওঁ ভাৱিছিল যে, তেওঁৰ সৈতে ধেমালি কৰা হৈছে । তেওঁ ছবি নিৰ্মাতাক পুনৰ ফোন কৰি এই কথা নিশ্চিত কৰিছিল ।
পিছত আনুষ্ঠানিক ঘোষণাৰ পিছতহে ৰশ্মিকাই বিগ বিৰ সৈতে অভিনয় কৰিবলৈ পোৱাতো সত্য বুলি মানি লৈছিল । ২০১৬ চনত কানাড়া ছবি 'কিৰিক পাৰ্টী'ৰে তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল । তেলেগু ছবি চল'তো ৰশ্মিকাই অভিনয় কৰিছে ।
লগতে পঢ়ক:ক'ভিড-19 ত আক্ৰান্ত অভিনেতা বিকি কৌশল