ETV Bharat / sitara

শেহতীয়াকৈ মুক্তি প্ৰাপ্ত পুষ্পাৰ প্ৰথমখণ্ডৰ ঢৌ মাৰ নৌযাওতেই শ্বুটিং আৰম্ভ হ’ল পুষ্পা-2 ৰ

author img

By

Published : Mar 11, 2022, 9:54 PM IST

আৰম্ভ হ’ল পুষ্পাৰ দ্বিতীয় খণ্ডৰ শ্বুটিং (Pushpa part 2 shoot begins) ৷ দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুন আৰু ৰশ্মিকা মাণ্ডানা অভিনীত চুপাৰ-ডুপাৰ হিট ছবি পুষ্পাৰ নিৰ্মাতা আগবাঢ়ি আহিছে এতিয়া ছবিখনৰ দ্বিতীয় খণ্ডলৈ ৷ পুষ্পাৰ অনুৰাগী সকলক অধিক সময় অপেক্ষা কৰাব বিচৰা নাই ছবিখনৰ নিৰ্মাতাই ৷

Pushpa the rule part 2
শ্বুটিং আৰম্ভ হ’ল পুষ্পা-2 ৰ

চিটাৰা ডেস্ক, 11 মাৰ্চ: মে ঝুকেগা নহী... চুপাৰ হিট ছবি পুষ্পাৰ বিখ্যাত এই সংলাপ এতিয়া সকলোৰে মুখে মুখে ৷ দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুন আৰু ৰশ্মিকা মাণ্ডানা অভিনীত ছবি পুষ্পাই মুক্তিৰ পিছতেই অভিলেখ গঢ়িবলৈ সক্ষম হয় ৷ দেশজুৰি বিপুল সমাদৰো লাভ কৰে ছবিখনে ৷

এতিয়া পুষ্পাৰ দ্বিতীয় খণ্ডলৈ অপেক্ষা কৰি থকা অনুৰাগী সকললৈ আহিছে এক সুখবৰ ৷ ছবিখনৰ নিৰ্মাতাই ইয়াৰ জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি ইতিমধ্যেই আৰম্ভ কৰিছে ইয়াৰ দ্বিতীয় খণ্ডৰ শ্বুটিং (Pushpa part 2 shoot begins) ৷ নিৰ্দেশক সুকুমাৰে আৰম্ভ কৰিছে পুষ্পা-দ্য ৰুল পাৰ্ট-2 ৰ শ্বুটিং ৷

Pushpa the rule part 2
শ্বুটিং আৰম্ভ হ’ল পুষ্পা-2 ৰ

প্ৰাপ্ত বাতৰি মতে এই বছৰৰ শেষৰ ফাললৈ ছবিখনৰ কাম সম্পূৰ্ণ হৈ উঠিব ৷ আন এটা সূত্ৰৰ পৰা জানিব পৰা মতে ছবিখন 2023 বৰ্ষৰ জানুৱাৰীতে মুক্তি হোৱাৰ কথা ৷ এনে হ’লে শ্বাহৰুখৰ ছবি পাঠানৰ সৈতে পুষ্পা-2 একে সময়তে মুক্তি হোৱাৰ সম্ভাৱনা আহি পৰিছে (Pushpa the rule part 2 shooting) ৷

পুষ্পা-দ্য ৰুল পাৰ্ট-2 তেলেগু ভাষাৰ উপৰিও মালয়ালম, তামিল আৰু কানাড়া ভাষাত মুক্তি হ’ব ৷ বৰ্তমানলৈকে হিন্দীত মুকলি দিয়াৰ কথা পোহৰলৈ অহা নাই ৷ ছবিখনৰ নিৰ্মাতাই যোৱা বছৰেই ঘোষণা কৰিছিল পাৰ্ট-2 ৰ কথা (Pushpa 2) ৷

চলচ্চিত্ৰখনৰ দ্বিতীয় অংশটো আল্লু অৰ্জুন, ৰশ্মিকা মাণ্ডানা, ফাহাদ ফাচিল আৰু ধনঞ্জয়কে আদি কৰি কেইবাজনো নামী-দামী তাৰকাৰ সৈতে নিৰ্মাণ কৰা হৈছে । ছবিখনৰ পৰিচালনা আৰু কাহিনী সুকুমাৰৰ ৷

লগতে পঢ়ক: Rishi Kapoor last film: শীঘ্ৰেই মুক্তি পাব ঋষি কাপুৰৰ অন্তিম খন ছবি 'শৰ্মাজী নামকিন'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.