নিউজ ডেস্ক, 15 নৱেম্বৰ: দেশবাসীৰ লগতে কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ অনুৰাগীলৈ আহিছে সুখবৰ ৷ এক জটিল অৱস্থাত 12 নৱেম্বৰত মুম্বাইৰ ব্ৰিছ কেণ্ডী হাস্পাতালত ভৰ্ত্তি কৰোৱা হৈছিল প্ৰসিদ্ধ গায়িকা লতা মংগেশকাৰক ৷ ভাইৰেল সংক্ৰমণৰ ফলত শ্বাস প্ৰশ্বাসত অসুবিধাৰ সন্মুখীন হৈছিল গায়িকাগৰাকী ৷ চিকিৎসাধীন হৈ থকা গায়িকাগৰাকীৰ এতিয়া স্বাস্থ্যৰ কিছু উন্নতি ঘটিছে ৷ বৰ্তমান তেখেত সংকটমুক্ত বুলি চিকিৎসকে জানিবলৈ দিছে ৷
-
Lata didi is stable..and recovering...
— Lata Mangeshkar (@mangeshkarlata) November 14, 2019 " class="align-text-top noRightClick twitterSection" data="
We thank each one of you, for your concern, care and prayers!
">Lata didi is stable..and recovering...
— Lata Mangeshkar (@mangeshkarlata) November 14, 2019
We thank each one of you, for your concern, care and prayers!Lata didi is stable..and recovering...
— Lata Mangeshkar (@mangeshkarlata) November 14, 2019
We thank each one of you, for your concern, care and prayers!
কিন্তু তেওঁক লৈ ছ’চিয়েল মিডিয়াত অপবাদ প্ৰচাৰ হোৱাৰ পিচতে পৰিয়ালৰ লোকে তেওঁৰ টুইটাৰ একাউণ্টৰ জৰিয়তে টুইত কৰি তেওঁৰ স্বাস্থ্যৰ উন্নতি হোৱা বুলি জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, 28 ছেপ্টেম্বত 90 বছৰ বয়সত ভৰি দিয়া স্বনামধন্য গায়িকা গৰাকীয়ে 1000 ত কৈও অধিক হিন্দী গীতত নিজৰ কন্ঠ নিগৰাইছিল ৷
লগতে চাওক- ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰা শিশু শিল্পী ভনীতা দাসৰ মনৰ কথাৰে...