ETV Bharat / sitara

জ্যেষ্ঠ অভিনেতা দিলীপ কুমাৰ চিকিৎসাধীন - দিলীপ কুমাৰ বাতৰি

বিগত কেইবাদিনো ধৰি শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সন্মুখীন হৈ আছিল বলীউডৰ জ্যেষ্ঠ অভিনেতা দিলীপ কুমাৰ ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁক চিকিৎসালয় ভৰ্তি কৰোৱা বুলি জানিবলৈ দিয়ে পত্নী সাইৰা বানুৱে ৷

Dilip Kumar admitted to hospital for breathlessness
জ্যেষ্ঠ অভিনেতা দিলীপ কুমাৰ চিকিৎসাধীন
author img

By

Published : Jun 6, 2021, 11:47 AM IST

চিটাৰা ডেস্ক,6 জুন: চিকিৎসাধীন বলীউডৰ জ্যেষ্ঠ অভিনেতা দিলীপ কুমাৰ ৷ শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ বাবে অভিনেতা গৰাকীক মুম্বাইৰ খাড় অঞ্চলৰ পি ডি হিন্দুজা হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

জ্যেষ্ঠ অভিনেতাগৰাকীয়ে বিগত কেইবাদিনো ধৰি শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সন্মুখীন হৈ আছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ এই কথা জানিবলৈ দিয়ে পত্নী সাইৰা বানুৱে ৷ যোৱা মাহতো 98 বৰ্ষীয় অভিনেতা গৰাকীক নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷

  • Veteran actor Dilip Kumar has been admitted to PD Hinduja Hospital in Mumbai. He was having breathing issues since past few days, says his wife Saira Banu pic.twitter.com/eNn4hfhELL

    — ANI (@ANI) June 6, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

বলীউডৰ ‘ট্ৰেজেডি কিং’ হিচাপে পৰিচিত অভিনেতাগৰাকীৰ কেৰিয়াৰ প্ৰায় ছয়টা দশকজুৰি প্ৰসাৰিত হৈ আছিল ৷ তেওঁ প্ৰায় 65 খন ছবিত অভিনয় কৰিছে ৷ ইয়াৰ ভিতৰত আছে ‘দেৱদাস’(1955), ‘নয়া দোৰ’(1957), ‘মুগল-ই-আজম’(1960), ‘গংগা যমুনা’(1961), ‘কৰ্মা’(1986) ৷ দিলীপ কুমাৰক 1994 চনত ‘দাদা চাহেব ফাল্কে’ বঁটাৰে আৰু 2015 চনত ‘পদ্ম বিভূষণ’ সন্মানেৰে সন্মানিত কৰা হৈছিল ৷

লগতে পঢ়ক- চৰকাৰলৈ কি আহ্বান জনালে কণ্ঠশিল্পী কুসুম কৈলাশে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.