ETV Bharat / sitara

তেজৰ কৰ্কট ৰোগত আক্ৰান্ত প্ৰবীণ অভিনেত্ৰী কিৰণ খেৰ

author img

By

Published : Apr 1, 2021, 8:48 PM IST

তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে প্ৰবীণ অভিনেত্ৰী তথা বিজেপি সাংসদ কিৰণ খেৰ । টুইটযোগে এই কথা প্ৰকাশ কৰিলে কিৰণ খেৰৰ স্বামী তথা অভিনেতা অনুপম খেৰে । পত্নীক 'যোদ্ধা' আখ্যা দি অনুপম খেৰে কয় যে, কিৰণ খেৰ সোনকালেই আৰোগ্য হৈ উঠিব ।

তেজৰ কৰ্কট ৰোগত আক্ৰান্ত প্ৰবীণ অভিনেত্ৰী কিৰণ খেৰ
তেজৰ কৰ্কট ৰোগত আক্ৰান্ত প্ৰবীণ অভিনেত্ৰী কিৰণ খেৰ

চিটাৰা ডেস্ক, ১ এপ্ৰিল: টুইটযোগে অভিনেতা অনুপম খেৰে জনাইছে যে, তেওঁৰ পত্নী তথা প্ৰবীণ অভিনেত্ৰী কিৰণ খেৰ তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে । বৰ্তমান কিৰণ খেৰৰ চিকিৎসা চলি আছে বুলিও তেওঁ জানিবলৈ দিয়ে । তেওঁ টুইটত লিখিছে যে, তেওঁৰ পত্নী এগৰাকী যোদ্ধা আৰু শীঘ্ৰেই কৰ্কট ৰোগকো পৰাস্ত কৰিব ।

ইনষ্টাগ্ৰাম পোষ্টত অনুপম খেৰে লিখিছে যে, উৰাবাতৰিৰে পৰিস্থিতি ভাল অৱস্থালৈ নাহে । সেয়ে, পুত্ৰ ছিকন্দৰ আৰু তেওঁ বিজেপি সাংসদ তথা অভিনেত্ৰী কিৰণ খেৰৰ অসুস্থতাৰ বিষয়ে নিজে অনুৰাগীৰ আগত প্ৰকাশ কৰিছে বুলি পোষ্টটোত লিখিছে অনুপম খেৰে ।

কিৰণ খেৰ শীঘ্ৰেই আৰোগ্য হৈ উঠিব আৰু পূৰ্বতকৈও অধিক শক্তিশালী হ'ব বুলিও তেওঁ প্ৰকাশ কৰে । লগতে ভাল চিকিৎসকে চিকিৎসা কৰি থকাৰ বাবে তেওঁলোক সৌভাগ্যশালী বুলিও তেওঁ লিখিছে । কিৰণ খেৰ মৰমীয়াল মহিলা বাবে তেওঁক সকলোৱে মৰম কৰে আৰু এতিয়াও সকলোকে তেওঁ কিৰণ খেৰৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:উদয়পুৰত উপস্থিত অভিনেত্ৰী কংগনা ৰাণাৱট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.