ETV Bharat / sitara

Akshay Kumar New Movie: বচ্চন পাণ্ডেত দেশী গুণ্ডাৰ ৰূপত অক্ষয় কুমাৰ

author img

By

Published : Feb 18, 2022, 2:00 PM IST

এক্সন-কমেডিৰে ভৰপূৰ ছবি বচ্চন পাণ্ডেৰ মুকলি হ’ল ট্ৰেইলাৰ (Bachchan Pandey Trailer) ৷ ছবিখনত দৰ্শকে পূৰ্বে কাহানিও নেদেখা অন্য এক ৰূপত দেখা পাব (Akshay Kumar New Movie) অক্ষয় কুমাৰক ৷

Bachchan Pandey
ট্ৰেইলাৰ মুকলি হ’ল বচ্চন পাণ্ডেৰ

চিটাৰা ডেস্ক, 18 ফ্ৰেব্ৰুৱাৰী: অনাগত ফাকুৱাৰ সময়চোৱাত মুক্তি হ’বলগীয়া ছবি 'বচ্চন পাণ্ডে'ৰ শুকুৰবাৰে ট্ৰেইলাৰ মুকলি কৰা হ’ল (Bachchan Pandey Trailer) ৷ থ্ৰিলাৰ-এক্সন-কমেডি আদি বিভিন্ন ৰসৰ সমাহাৰেৰ দৰ্শকৰ মাজলৈ আহি আছে 'বচ্চন পাণ্ডে' ৷ বলীউডৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰে ছবিখনত নিজৰ চৰিত্ৰৰে অন্য এক ৰূপত উপস্থাপন কৰিছে নিজকে অনুৰাগীৰ আগত (Akshay Kumar New Movie) ৷

আগতে কাহানিও নেদেখা হিংসাত্মক এজন দেশী গুণ্ডাৰ ৰূপত এইবাৰ বলীউডৰ খিলাড়ী আহি আছে ৰঙৰ উৎসৱত ৷ সদ্য় মুক্তিপ্ৰাপ্ত ট্ৰেইলাৰটো চাই এক্সনৰ লগতে হাঁহিৰ খোৰাকো পোৱা গ’ল ৷ ছবিনিৰ্মাতাৰ ৰূপত অভিনয় কৰা কৃতী সেননে বচ্চন পাণ্ডেৰ জীৱনৰ আধাৰত ছবি নিমাৰ্ণ কৰিবলৈ গৈ কি কি ঘটনা-পৰিঘটনাৰ সন্মুখীন হয় তাৰেই কাহিনী দেখিবলৈ পাব ছবিখনত দৰ্শকে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আৰ্ছাদ ৱাৰ্ছি, পংকজ ত্ৰিপাঠী, সঞ্জয় মিশ্ৰাকে ধৰি কেইবাজনো জনপ্ৰিয় অভিনেতাই অভিনয় কৰিছে ছবিখনত ৷ বচ্চন পাণ্ডেৰ প্ৰেমিকাৰ চৰিত্ৰ ৰূপায়ন কৰিছে জেকলিন ফাৰ্ণাণ্ডেজে ৷ ফাৰ্হাড চামজিৰ নিদেৰ্শনাত আহিবলগীয়া ছবিখনৰ প্ৰযোজনা চাজিদ নাদিয়াডৱালা আৰু ৱাৰডা খান নাদিয়াডৱালাৰ ৷ চলিত বৰ্ষৰ 18 মাৰ্চত মুক্তি লাভ কৰিব ছবিখনে ৷

লগতে পঢ়ক: বাৰ্লিনত বগা সাজত ফটোশ্বুট কৰি অনুৰাগীক মুহিছে আলিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.