ETV Bharat / sitara

অভিনেত্ৰী ৰবীনা টেণ্ডনলৈ জন্মদিনৰ শুভেচ্ছা... - অভিনেত্ৰী ৰবীনা টেণ্ডন

আজি 47 বছৰ বয়সত ভৰি দিলে ‘আখিয়োঁ চে গোলী মাৰে’ খ্যাত অভিনেত্ৰী ৰবীনা টেণ্ডনে(Raveena Tandon) ৷ 90 ৰ দশকৰ এগৰাকী সফল অভিনেত্ৰী আছিল ৰবীনা ৷ আজিও নিজৰ সৌন্দৰ্য আটক ধুনীয়াকৈ বজাই ৰাখিছে অভিনেত্ৰীগৰাকীয়ে ৷

author img

By

Published : Oct 26, 2021, 8:37 AM IST

চিটাৰা ডেস্ক, 26 অক্টোবৰ : ভাৰতীয় চলচ্চিত্ৰ জগত আকৰ্ষণীয় অভিনয় আৰু বহুমুখী প্ৰতিভাৰ বাবে জনপ্ৰিয়তা লাভ কৰা মোহময়ী অভিনেত্ৰী ৰবীনা টেণ্ডন(Raveena Tandon) । আজি 47 বছৰ বয়সত ভৰি দিলে 90 ৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী ৰবীনাই ৷

নিজৰ সৌন্দৰ্য আটক ধুনীয়াকৈ বজাই ৰখাৰ বাবে ৰবীনা আজিও দেখিবলৈ 30 বছৰীয়া অভিনেত্ৰীৰ লেখীয়া ৷ 90 ৰ দশকৰ এগৰাকী সফল অভিনেত্ৰী আছিল ৰবীনা টেণ্ডন । বহুকেইখন সফল বলীউডৰ ছবিত কৰা অভিনয়ৰ বাবে তেওঁ দৰ্শকৰ নয়নৰ মণি হৈ পৰিছিল ৷

1994 চনত টেণ্ডনে পাঁচখন সফল চলচ্চিত্ৰত অভিনয় কৰিছিল, যাৰ ভিতৰত আছে- দুখন সৰ্বাধিক উপাৰ্জনকাৰী চলচ্চিত্ৰ ‘দিলৱালে’(Dilwale) আৰু ‘মোহৰা’(Mohra) । আনহাতে, বক্স অফিচৰ হিট ছবি ‘লাডলা’(Laadla ,১৯৯৪) ত প্ৰদৰ্শন কৰা অভিনয়ৰ বাবে ৰবীনাই ‘শ্ৰেষ্ঠ সহ-অভিনেত্ৰী’ ৰ শিতানত ফিল্মফেয়াৰ বঁটা(Filmfare Award) লাভ কৰিবলৈ সক্ষম হয় ৷

ইয়াৰোপৰি ‘দমন : এ ভিক্টিম অৱ মেৰিটেল ভায়োলেন্স’(Daman: A Victim of Marital Violence) ছবিখনত অভিনয় কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা(National Film Award) লাভ কৰে অভিনেত্ৰীগৰাকীয়ে ৷ 2004 চনৰ 22 ফেব্ৰুৱাৰীত তেওঁ অনিল থাদানীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় । সম্প্ৰতি দম্পতীটোৰ দুটা সন্তান আছে- কন্যা ৰাশা আৰু পুত্ৰ ৰণবীৰ বৰ্ধন ।

ঘৰৱালী-বাহাৰৱালী (1998), বড়ে মিয়া ছোটে মিয়া (1998), দুল্হে ৰাজা (1998) আৰু আনাৰী নং.1 (1999), ক্ৰাইম ছবি শ্বুল (1999) আদি বহুকেইখন ছবিত অভিনয় কৰি জনপ্ৰিয়তাৰ শিখৰ চুবলৈ সক্ষম হৈছে অভিনেত্ৰী ৰবীনা টেণ্ডনে ৷ আনহাতে ‘তু চিজ বড়ী’ৰ পৰা ‘আখিয়োঁ চে গোলী মাৰে’ আদি বহুকেইটা জনপ্ৰিয় গীতত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিছে এইগৰাকী অভিনেত্ৰীয়ে ৷

লগতে পঢ়ক : চুপাৰষ্টাৰ ৰজনীকান্তলৈ দাদা চাহেব ফাল্কে বঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.