ETV Bharat / politics

বিজেপিৰ আন মুখ্যমন্ত্ৰীসকলক দুৰ্নীতি শিকাব পাৰিব হিমন্ত বিশ্বই: ৰাহুল গান্ধী - Bharat Jodo Nyay Yatra

Rahul Gandhi: অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজন ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি মন্তব্য ৰাহুল গান্ধীৰ ৷ হিমন্ত বিশ্ব শৰ্মাই আন ৰাজ্যৰ বিজেপিৰ মুখ্যমন্ত্ৰীসকলক দুৰ্নীতি শিকাব পাৰিব বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

Rahul Gandhi
ভাৰত জোড়ো ন্যায় যাত্ৰাত ৰাহুল গান্ধী
author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 1:14 AM IST

Updated : Jan 23, 2024, 10:55 AM IST

ভাৰত জোড়ো ন্যায় যাত্ৰাত ৰাহুল গান্ধী

গুৱাহাটী, 19 জানুৱাৰী: " অসমক দিল্লীৰ পৰা নহয়, অসমক অসমৰ পৰাই চলোৱা হ’ব ৷" এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ৷ ভাৰত জোড়ো ন্যায় যাত্ৰাৰে অসমত উপস্থিত হোৱা কংগ্ৰেছ নেতাজনে শুকুৰবাৰে ধেমাজিৰ গোগামুখত এখন জনসভা সম্বোধন কৰি এই মন্তব্য কৰে ৷ নেতাজনে কয় যে, অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজন ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এজন দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী যিয়ে দেশৰ আন ৰাজ্যৰ বিজেপিৰ মুখ্যমন্ত্ৰীসকলক দুৰ্নীতি শিকাব পাৰিব বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে | জনসভাত ৰাহুল গান্ধীয়ে কয় যে, অসমত আদানীৰ প্ৰয়োজন নাই | কাৰণ মুখ্যমন্ত্ৰীৰ পৰিয়ালেই আদানী হৈ আছে ৷

তেওঁ কয় যে ভাৰত জোড়ো যাত্ৰাৰ পিছত বহুত মানুহে মোক পূৱৰ পৰা পশ্চিমলৈ আন এক যাত্ৰা কৰাৰ আহ্বান জনাইছিল ৷ এই আহ্বানৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰা মহাৰাষ্ট্ৰলৈ যাত্ৰা আৰম্ভ কৰা হৈছে ৷ তেওঁ প্ৰকাশ কৰে যে কংগ্ৰেছ আৰু আৰ এছ এছ- বিজেপিৰ লগত থকা যুজঁখন হ'ল আদৰ্শগত ৷ বিজেপিয়ে দেশখন দিল্লীৰ পৰা চলাব বিচাৰে ৷ দেশত এটা ভাষা আৰু এজন নেতাৰ শাসন প্ৰৱৰ্তন কৰিব বিচাৰে ৷ কংগ্ৰেছ এই আদৰ্শৰ তীব্ৰ বিৰোধী বুলি কয় তেওঁ ৷

উল্লেখ্য যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অসমত আজি দ্বিতীয় দিন ৷ এই যাত্ৰা আজি মাজুলীৰ পৰা ধেমাজি জিলাত উপস্থিত হয় ৷ শনিবাৰে অৰুণাচলত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা হ'ব ৷ দেওবাৰে নগাঁৱৰ কলিয়াবৰত হ’ব এই ন্যায় যাত্ৰা ৷

লগতে পঢ়ক: কংগ্ৰেছে এতিয়া ইয়াৰ পাপৰ ফল ভুগিছে: ভুৱন গাম

Last Updated : Jan 23, 2024, 10:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.