ETV Bharat / jagte-raho

লকডাউনৰ মাজতে মহাৰাষ্ট্ৰত জব্দ 94 লাখ টকাৰ নিষিদ্ধ গাঞ্জা - অপৰাধ অনুসন্ধান শাখা

মহাৰাষ্ট্ৰত লকডাউন চলি থকাৰ মাজতে আৰক্ষীয়ে জব্দ কৰে 94 লাখ টকা মূল্যৰ নিষিদ্ধ চোৰাং গাঞ্জা ৷ প্ৰায় 27 কুইন্টল গাঞ্জাৰ সৈতে আৰক্ষীয়ে দুগৰাকী ব্যক্তিক ইতিমধ্যে আটক কৰিছে ৷

মহাৰাষ্ট্ৰ আৰক্ষী
মহাৰাষ্ট্ৰ আৰক্ষী
author img

By

Published : Apr 11, 2020, 11:08 AM IST

নিউজ ডেস্ক, 11 এপ্ৰিলঃ সমগ্ৰ দেশতে কোভিড-19ৰ প্ৰকোপ অব্যাহত আছে ৷ এনে অৱস্থাত মহাৰাষ্ট্ৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বহু পৰিমানৰ নিষিদ্ধ চোৰাং গাঞ্জা ৷ অপৰাধ অনুসন্ধান শাখাৰ বিষয়া মহেন্দ্ৰ দেশমুখে এই কথা প্ৰকাশ কৰিছে ৷

শুকুৰবাৰে নিশাৰ ভাগত, আৰক্ষীয়ে গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত এইদৰে অভিযানৰ নেতৃত্ব দিয়ে ৷ ৰাজ্যখনৰ বালাজীনগৰ অঞ্চলত দীৰ্ঘদিন ধৰি এইদৰে চোৰাং গাঞ্জাৰ সৰবৰাহ অব্যাহত থকাৰ বিষয়ে আৰক্ষীয়ে তথ্য লাভ কৰি আহিছিল ৷ যোৱানিশাও আৰক্ষীয়ে এই বিষয়ে তথ্য লাভ কৰি এক অভিযান চলায় ৷ অভিযানকালত আৰক্ষীয়ে বহু পৰিমানে নিষিদ্ধ চোৰাং গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷

লকডাউনৰ সময়তে এইদৰে আৰক্ষীয়ে সফল অভিযানৰ নেতৃত্ব দি জব্দ কৰে 27 কুইন্টল চোৰাং গাঞ্জা ৷ জব্দ কৰা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় 94 লাখ টকা হ’ব বুলি জনাইছে আৰক্ষীয়ে ৷ ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে মনোজ ঝাড়ে আৰু গজানন মাঞ্জা নামৰ দুগৰাকী ব্যক্তিক আটক কৰিছে ৷ দুয়োৰে বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.