ETV Bharat / jagte-raho

ডিব্ৰুগড়ৰ সদৰ থানাৰ 100 মিটাৰ ব্যাসাৰ্ধত উৎখাত নাৰীদেহৰ ব্যৱসায়

author img

By

Published : Jun 14, 2020, 2:35 AM IST

কোভিড-19ৰ লকডাউনৰ মাজতে ডিব্ৰুগড় চহৰত উৎখাত নাৰীদেহৰ চক্ৰ ৷ আচৰিত ধৰণে ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ পৰা 100 মিটাৰ দুৰত্বত দীৰ্ঘদিন ধৰি চলি আহিছিল এই ব্যৱসায় ৷

ডিব্ৰুগড়ৰ সদৰ থানাৰ 100 মিটাৰ ব্যাসাৰ্ধত উৎখাত নাৰীদেহৰ ব্যৱসায়
ডিব্ৰুগড়ৰ সদৰ থানাৰ 100 মিটাৰ ব্যাসাৰ্ধত উৎখাত নাৰীদেহৰ ব্যৱসায়

ডিব্ৰুগড়, 14 জুন : মহামাৰী কোভিড-19ৰ আতংকৰ মাজতে ডিব্ৰুগড়ত উৎখাত নাৰীদেহৰ ব্যৱসায় । ডিব্ৰুগড় আৰক্ষীৰ অভিযানত পাঁচগৰাকী মহিলা সহসাত জনক গ্ৰেপ্তাৰ । ডিব্ৰুগড়ৰ সদৰ থানাৰ পৰা মাত্ৰ এশ মিটাৰ নিলগতে চলি আহিছিল নাৰীদেহৰ অবৈধ ব্যৱসায় ৷

দীৰ্ঘদিনৰ পৰা চলি অহা এই চক্ৰটোৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ উপ আৰক্ষী অধীক্ষক পল্লৱী মজুমদাৰসহ সদৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ শইকীয়া, নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ কুমাৰ শইকীয়াৰ নেতৃত্বত অভিযান চলায় আৰক্ষীৰ এটা দলে ৷ ডিব্ৰুগড়ৰ সভ্য সমাজত কলংক অনা দেহ ব্যৱসায়ী চক্ৰটো উৎখাত কৰাৰ লগতে পাঁচগৰাকী মহিলা-যুৱতী আৰু দুজন যুৱকক হাতে-লোটে গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে ।

অৱশ্যে নাৰীদেহ ব্যৱসায়ী চক্ৰটোৰ মুল অভিযুক্ত তথা পূৰ্বে নাৰী দেহৰ ব্যৱসায় চলোৱাৰ অভিযোগত কেইবাবাৰো গ্ৰেপ্তাৰ হোৱা বিতৰ্কিত নন্দিনী নামৰ মহিলাগৰাকীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ সদৰ থানাৰ পিছফালে বিচি দাস পথৰ উক্ত নন্দিনীৰ বাসগৃহতে পূৰ্বতেও সংঘটিত হৈছিল এনে নাৰীজনিত ঘটনা । ইতিমধ্যে কেইবাবাৰো জেললৈ গৈছিল জনৈক নন্দিনীয়ে‌ । আৰক্ষীয়ে অভিযানত বকো ছয়গাঁৱৰ নিকুমনি কলিতা আৰু ডিব্ৰুগড় গ্ৰেহেম বজাৰৰ আনন্দ শ্বাহ নামৰ দুজন যুৱকৰ লগতে দুগৰাকী যুৱতী আৰু তিনিগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে । লগতে হাজাৰোধিক (চাৰিটা বেগ) কণ্ডম (নিৰোধ) জব্দ কৰে ।

লগতে পঢ়কঃ লাহৰীঘাটত নাৰীদেহৰ ৰমৰমীয়া বেহাঃ ৰাইজে কৰিলে উৎখাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.