ETV Bharat / jagte-raho

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ বিৰুদ্ধে ৰুজু গোচৰ

author img

By

Published : Jun 3, 2020, 9:11 PM IST

দলিত সমাজক লৈ কৰা এক মন্তব্যৰ বাবে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ বিৰুদ্ধে হাৰিয়ানাত ৰুজু হৈছে এক গোচৰ ৷

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ বিৰুদ্ধে ৰুজু গোচৰ
প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ বিৰুদ্ধে ৰুজু গোচৰ

নিউজ ডেস্ক, 3 জুনঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ যুৱৰাজ সিঙৰ বিৰুদ্ধে হাৰিয়ানা আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ ৷ লকডাউনৰ সময়ত ভাৰতীয় দলৰ খেলুৱৈ ৰোহিত শৰ্মাৰ সৈতে হোৱা ইন্ষ্টাগ্ৰাম লাইভত দলিত সমাজক লৈ কৰা মন্তব্যৰ বাবে খেলুৱৈগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এই গোচৰ ৷ হাৰিয়ানাৰ হিচাৰৰ হাঁসী আৰক্ষী চকীত যুৱৰাজ সিঙৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে অধিবক্তা তথা সমাজকৰ্মী ৰজত কলসনে ৷ যুৱৰাজ সিং আৰু ৰোহিত শৰ্মাৰ মাজৰ ইন্ষ্টাগ্ৰাম লাইভৰ ভিডিঅ' ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷

বিগত সোমবাৰে দুয়োগৰাকী খেলুৱৈৰ মাজত হোৱা ইন্ষ্টাগ্ৰাম লাইভত প্ৰাক্তন ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে দলিত সমাজক লৈ তীৰ্যক মন্তব্য কৰিছিল ৷ এই মন্তব্যই দেশৰ দলিত সমাজৰ ভাৱনাক আঘাত দিয়াৰ লগতে দলিতৰ সমাজৰ সাধাৰণ অধিকাৰ ভংগ কৰিছে বুলি উল্লেখ কৰি হাঁসীৰ আৰক্ষী অধীক্ষক লোকেন্দ্ৰ সিঙৰ ওচৰত এই এজাহাৰ দাখিল কৰে ৰজত কলসনে ৷ ঘটনা সন্দৰ্ভত হাঁসীৰ আৰক্ষী অধীক্ষক লোকেন্দ্ৰ সিঙে এজাহাৰ লাভ কৰাৰ পিচতে যুৱৰাজ সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷

আৰক্ষী অধীক্ষক লোকেন্দ্ৰ সিঙে প্ৰকাশ কৰা অনুসৰি, আৰক্ষীয়ে যুৱৰাজ সিঙৰ উক্ত বিতৰ্কিত ভিডিঅ'টো লাভ কৰিছে আৰু অধিবক্তা ৰজত কলসনে দাখিল কৰা এজাহাৰৰ ভিত্তিত ইতিমধ্যে গোচৰ ৰুজু কৰিছে ৷ সমগ্ৰ ঘটনাৰ তদন্তৰ ভাৰ হাঁসীৰ উপ-আৰক্ষী অধীক্ষকক দিয়া হৈছে বুলি আৰক্ষী অধীক্ষক লোকেন্দ্ৰ সিঙে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.