ETV Bharat / jagte-raho

106 টা চোৰাং গৰুসহ বিএছএফৰ জালত গৰু সৰবৰাহকাৰী

author img

By

Published : Jan 23, 2021, 12:18 PM IST

ভাৰত-বাংলা সীমান্তত বিএছএফৰ অভিযানত চোৰাং গৰুসহ জাল পৰে এগৰাকী সৰবৰাহকাৰী ৷ ধুবুৰী-দক্ষিণ শালমৰাৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফে চলাইছিল এই অভিযান ৷

106 টা চোৰাং গৰুসহ বিএছএফৰ জালত গৰু সৰবৰাহকাৰী
106 টা চোৰাং গৰুসহ বিএছএফৰ জালত গৰু সৰবৰাহকাৰী

আজাৰা, 23 জানুৱাৰী : 106 টা চোৰাং গৰুসহ বিএছএফৰ জালত গৰু সৰবৰাহকাৰী । 70 টা গৰু সৰবৰাহ কৰি থকাৰ সময়তে হাতে লোটে ধৰা পৰে গৰু সৰবৰাহকাৰী । ঘটনা অনুসৰি গুৱাহাটী ফ্ৰণ্টিয়াৰ বিএছএফৰ এটি বিশেষ দলে মাজনিশা অভিযান চলাই ভাৰতৰ পৰা বাংলাদেশলৈ 70 টা গৰু ভুটভুটিযোগে সৰবৰাহ কৰি থকাৰ সময়তে ধুবুৰীৰ দক্ষিণ শালমৰাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । গৰুকেইটাক সৰবৰাহ কৰা ছাহিনুৰ ইছলামকো বিএছএফে এই অভিযানত আটক কৰে । একে সময়তে বিএছএফে সমীপৱৰ্তী এলেকাত অভিযান চলাই পুনৰ 36 টা গৰু উদ্ধাৰ কৰে । গুৱাহাটী বিএছএফে উদ্ধাৰ হোৱা গৰুসহ সৰবৰাহকাৰীজনক দক্ষিণ শালমৰা আৰক্ষী চকীত গোটাই দিয়ে বুলি গুৱাহাটী ফ্ৰণ্টিয়াৰ বিএছএফে সদৰি কৰে । উল্লেখ্য যে পূৰ্বতেও বিএছএফে এনেদৰে অভিযান চলাই বহুতো গৰুসহ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : উজান বজাৰত 'গৰু' চাবলৈ ৰাইজৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.