বৰপেটা ২৭ এপ্ৰিলঃ পাঠশালাত জঘন্য ধৰ্ষণ কাণ্ড৷ পাঁচবছৰীয়া এটি দেৱ শিশুক ধৰ্ষণ নুৰ জামাল নামৰ যুৱকৰ৷ ভাড়াঘৰত একেলগে ভাৰাতীয়া হিচাপে থকা লম্পট নুৰ জামালে সংঘটিত কৰে এই অপকাণ্ডৰ৷ উল্লেখ্য যে, মাতৃ কাপোৰ ধুই থকাৰ লগতে পিতৃ শুই থকাৰ সময়তে এই অপকৰ্ম চৰিতাৰ্থ কৰে যুৱকজনে৷ ঘটনা সংঘটিত কৰাৰ পিচত অসংযত অৱস্থাত মাতৃয়ে নিজ কন্যাক উদ্ধাৰ কৰে ধৃত জামালৰ ভাড়াঘৰৰ ৰূমৰ পৰা ৷
আৰু পঢ়কঃ ভয়ংকৰ ! আভ্যন্তৰীণ কন্দলত জৰ্জৰিত আলফা স্বাধীন
ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কৰায়ত্ব কৰে ধৰ্ষণকাৰী যুৱকজনক৷ ৰিক্সা চলাই জীৱিকা নিৰ্বাহ কৰা পিতৃ আৰু দুৰ্ভগীয়া মাতৃয়ে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে ৷ এনেদৰে ৫ বছৰীয়া দেৱশিশুক ধৰ্ষণ কৰা ঘটনাই সমগ্ৰ পাঠশালাতেই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । অতি শীঘ্ৰেই ধৰ্ষণকাৰীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে পাঠশালাৰ বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে ৷