ETV Bharat / international

Blinken to Israel Visit : আজি যুদ্ধবিধ্বস্ত ইজৰাইললৈ যাব আমেৰিকান বিদেশ সচিব ব্লিঙ্কেন

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 10:38 AM IST

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগে জনাইছে যে বুধবাৰৰ পৰা শুকুৰবাৰলৈ তিনিদিনীয়া ইজৰাইল ভ্ৰমণৰ সময়ত বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে ইজৰাইল চৰকাৰৰ জ্যেষ্ঠ নেতাসকলক সাক্ষাৎ কৰিব ।

Blinken to Israel Visit
Blinken to Israel Visit

ইণ্টাৰনেচনেল ডেস্ক, ১১ অক্টোবৰ : বুধবাৰৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে ইজৰাইল ভ্ৰমণ কৰিব । "আমাৰ ইজৰাইলী বন্ধুসকলৰ পৰিস্থিতিৰ বিষয়ে পোনপটীয়াকৈ জানিবলৈ বিদেশ সচিবে ইজৰাইল ভ্ৰমণ কৰিব ।" মঙলবাৰে আমেৰিকাই কয় । "বিদেশ সচিব এণ্টনি জে ব্লিঙ্কেনে ১১-১৩ অক্টোবৰলৈ ইজৰাইল আৰু জৰ্ডান ভ্ৰমণ কৰিব । তাত তেওঁ জ্যেষ্ঠ বিষয়াসকলক সাক্ষাৎ কৰিব ।" আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগে এক বিবৃতিত কয় ।

বিদেশ সচিবে ইজৰাইলৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ ভুক্তভোগীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিব । তেওঁ উক্ত আক্ৰমণক কঠোৰে ভাষাৰে গৰিহণা দিছে । বিবৃতিটোত লগতে কোৱা হৈছে, "বিদেশ সচিবে ইজৰাইল চৰকাৰ আৰু জনসাধাৰণৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমৰ্থন পুনৰ নিশ্চিত কৰিব ।"

আনহাতে, বিদেশ বিভাগৰ মুখপাত্ৰ মেথিউ মিলাৰে কয়, "ব্লিঙ্কেনে ইজৰাইল চৰকাৰৰ জ্যেষ্ঠ নেতাসকলক সাক্ষাৎ কৰিবলৈ আৰু শনিবাৰে প্ৰাৰম্ভিক আক্ৰমণৰ পিছৰে পৰা তেওঁ আৰু ৰাষ্ট্ৰপতিয়ে তেওঁলোকৰ সৈতে কৰা আলোচনা অব্যাহত ৰাখিবলৈ অপেক্ষা কৰি আছে ।" বিবৃতিটোত লগতে কোৱা হৈছে যে ব্লিঙ্কেনে ইজৰাইলৰ নিৰাপত্তা বৃদ্ধিৰ পদক্ষেপৰ বিষয়েও আলোচনা কৰিব আৰু ইজৰাইলৰ আত্মৰক্ষাৰ অধিকাৰৰ প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ অটল সমৰ্থনৰ ওপৰত গুৰুত্ব আৰোপ কৰিব ।

ইফালে মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে কয় যে কিমানজন আমেৰিকান নাগৰিকক পণবন্দী কৰা হৈছে সেয়া স্পষ্ট নহয় । "আমি তেওঁলোকৰ অৱস্থাৰ বিষয়ে নাজানো আৰু আমি সঠিক কিমান সংখ্যক আমেৰিকান নাগৰিকক বন্দী কৰা হৈছে সেয়া নিশ্চিতকৈ ক'ব নোৱাৰোঁ । আমি আমেৰিকানসকলৰ কোনো এজনৰে যাতে হানি-বিঘিনি নহয় সেয়া নিশ্চিত কৰিবলৈ ঘণ্টাৰ পিছত ঘণ্টা কাম কৰিম । লগতে কিমান সংখ্যক আমেৰিকানক ক'ত বন্দী কৰি ৰখা হৈছে সেয়া নিশ্চিত কৰিম । আমি সেই তথ্য পোৱাৰ লগে লগে আপোনালোকক জনাম ।" ছুলিভানে কয় ।

তেওঁ লগতে কয়, "আপোনালোকে জানেনে অতি কৰুণ আৰু দুখজনকভাৱে পাৰ হৈ যোৱা প্ৰতিটো ঘণ্টাৰ লগে লগে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে । ই আমেৰিকানসকলৰ ক্ষেত্ৰতো সঁচা । বৰ্তমান আমেৰিকান নাগৰিকৰ মৃত্যুৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পাইছে ।" আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনেও ইজৰাইলত ১৪ জন আমেৰিকানৰ মৃত্যু নিশ্চিত কৰিছে আৰু লগতে কয় যে ইজৰাইলত বহুসংখ্যক আমেৰিকান বন্দী হৈ আছে ।

লগতে পঢ়ক :Israel War Against Hamas : চিৰিয়াৰ পৰা আক্ৰমণৰ প্ৰত্যুত্তৰ ইজৰাইলৰ; হামাছৰ সৈতে যুদ্ধত দুয়োপক্ষৰ নিহত ১৯০০

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.