ETV Bharat / international

Mass Killing in US: আমেৰিকাত পুনৰ গুলীচালনা; ৪ নিহত, ১৫ আহত

author img

By

Published : Apr 17, 2023, 1:59 PM IST

আমেৰিকাত নিৰীহৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ অব্যাহত আছে (Mass Shooting in US)। এইবাৰ এটা জন্মদিনৰ অনুষ্ঠানত দুৰ্বৃত্তৰ গুলীত নিহত ৪ জন লোক । প্ৰায় ১৫ গৰাকী কিশোৰ আহত হোৱাৰ খবৰ পোৱা গৈছে ।

Mass Killing in US
আমেৰিকাত পুনৰ গুলীচালনা ৪ জন নিহত

ইণ্টাৰনেশ্যনেল ডেস্ক,১৭ এপ্ৰিল : আমেৰিকাত পুনৰ বন্দুকধাৰীৰ সন্ত্ৰাস । এইবাৰ এটা জন্মদিনৰ অনুষ্ঠানত বন্দুকধাৰীৰ আক্ৰমণ (Shooting during birthday party in US)। দুৰ্বৃত্তৰ গুলীচালনাত ৪ জন লোক নিহত হোৱাৰ লগতে কিশোৰসহ প্ৰায় ১৫ জন লোক আহত হয় । ঘটনাক লৈ তীব্ৰ উত্তেজনা দক্ষিণ আমেৰিকাত । আমেৰিকাত গুলীচালনাৰ ঘটনা শেহতীয়াকৈ বৃদ্ধি পাইছে । কিছুদিনৰ পৰা দেশখনত একাংশ লোকে মুকলিকৈ গুলীচালনা কৰা দেখা গৈছে ।

শনিবাৰে নিশাও দক্ষিণ আমেৰিকাৰ আলাবামা ৰাজ্যত জন্মদিনৰ এক অনুষ্ঠানত পুনৰ গুলীচালনাৰ ঘটনা সংঘটিত হয় (4 Killed in Shooting at Alabama)। আলাবামা আৰক্ষীয়ে জনোৱা মতে ঘটনাটো শনিবাৰে নিশা প্ৰায় ১০:৩৪ বজাত ডেডভিলৰ ডাউনটাউনত সংঘটিত হৈছিল ।

আৰক্ষীয়ে জনোৱা মতে গুলীচালনাত নিহত হোৱা লোকসকলৰ ভিতৰত আছিল উচ্চ বিদ্যালয়ৰ এগৰাকী ফুটবল খেলুৱৈ । যিগৰাকী যুৱতীৰ জন্মদিন আছিল তেওঁৰ ভাতৃ ফিলষ্টাভিয়ছ ডাউডেলো এই গুলীচালনাত নিহত হয় । নিহত আন দুগৰাকী কিশোৰো ফুটবল দলৰে সদস্য আছিল । গুলীচালনাৰ পূৰ্বে কাজিয়া আৰু তীব্ৰ সংঘৰ্ষ হোৱা বুলি এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে জনাইছে ।

এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে ঘটনাটোত প্ৰায় ১৫ গৰাকী কিশোৰ আহত হয় (Kids injured in America shooting)। তাৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । ইফালে তেওঁলোকক ভৰ্তি কৰোৱা হাস্পতালখনৰ কৰ্তৃপক্ষৰ মতে ১৫ গৰাকী কিশোৰৰ ভিতৰত ৬ জনক চিকিৎসা কৰি ঘৰলৈ যাবলৈ দিয়া হৈছে । বাকী ৯ জনক উন্নত চিকিৎসা প্ৰদান কৰা হৈছে । তাৰ ভিতৰত পাঁচজনৰ অৱস্থা সংকটজনক আছিল আৰু চাৰিজনৰ অৱস্থা স্থিৰ আছিল বুলি হাস্পতাল কৰ্তৃপক্ষই জনাইছে ।

ইফালে সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত ৰহস্যৰ সৃষ্টি হৈছে । কোনে আৰু কিয় কিশোৰসকলক লক্ষ্য কৰি গুলীচালনা কৰিলে সেয়াও সন্দেহৰ আৱৰ্তত । আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

উল্লেখ্য যে আমেৰিকাত এই ধৰণৰ গুলীচালনাৰ ঘটনা বৃদ্ধি পোৱাত প্ৰশাসন চিন্তিত হৈ পৰিছে । ৰাষ্ট্ৰপতি জ' বিডেনেও শেহতীয়াকৈ এই ধৰণৰ ঘটনা বৃদ্ধি পোৱাত চিন্তিত হৈছে । আৰক্ষী প্ৰশাসনক এই ক্ষেত্ৰত কঠোৰ হ'বলৈও নিৰ্দেশ দিছে ৰাষ্ট্ৰপতিয়ে ।

লগতে পঢ়ক :Mexico mass shooting: দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ গ’ল ৭ বছৰীয়া শিশুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.