ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ জুলাই : দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাৰ বৰ্তমানৰ পৰিস্থিতি অতি উদ্বেগজনক । সংকটত পৰা দেশখনলৈ কেতিয়া শান্তি ঘূৰি আহিব সেয়া যেন এটা ডাঙৰ প্ৰশ্ন দেশবাসীৰ মনত । প্ৰতিবাদত উত্তাল দেশখনত পুনৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে (Sri Lanka declares State of Emergency)। তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈ সামৰিক জেটেৰে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেয়ে মালদ্বীপলৈ পলাই যোৱাৰ (President Gotabaya Rajpaksa flees) পাছতে বুধবাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় ।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সংবাদ মাধ্যমক জনোৱা মতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ লগতে পশ্চিম প্ৰদেশত কাৰফিউ জাৰি কৰা হৈছে । ইফালে, ৰাষ্ট্ৰপতি ৰাজপাক্ষে মালদ্বীপলৈ ৰাওনা হোৱাৰ বাতৰি পোৱাৰ পিছতে দেশখনত প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহেৰ কাৰ্যালয়লৈ প্ৰতিবাদী ৰেলীৰ আয়োজন কৰে ।
প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীত একপ্ৰকাৰ উত্তাল হৈ পৰে (Protest in Sri Lanka demanding PM resignation)। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে যদিও বেৰিকেড ভাঙি কাৰ্যালয়ত প্ৰৱেশৰ চেষ্টা কৰে প্ৰতিবাদকাৰীসকলে । আনহাতে প্ৰধানমন্ত্ৰী বিক্ৰমসিংহেও ইতিমধ্যে কৈছে যে তেওঁ পদত্যাগ কৰিবলৈ আৰু সৰ্বদলীয় চৰকাৰৰ দায়িত্ব লোৱাৰ পথ মুকলি কৰিবলৈ ইচ্ছুক ।
বিগত শনিবাৰে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে বুধবাৰে ৰাজপাক্ষেয়ে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে । শ্ৰীলংকাৰ ৰাজনৈতিক দলসমূহে এক সৰ্বদলীয় চৰকাৰ গঠনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু পৰৱৰ্তী সময়ত সংকটত পৰা ৰাষ্ট্ৰখনক উদ্ধাৰৰ বাবে অহা ২০ জুলাইত নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰাৰ বাবে আগবাঢ়িছে । শ্ৰীলংকাৰ সংবিধানৰ মতে, যদি ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী উভয়ে পদত্যাগ কৰে, সংসদৰ অধ্যক্ষই সৰ্বাধিক ৩০ দিনৰ বাবে কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব ।
সংসদে ইয়াৰ এগৰাকী সদস্যক ৩০ দিনৰ ভিতৰত নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰিব । যিগৰাকীয়ে চলিত কাৰ্যকালৰ বাকী দুবছৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিব । ইফালে চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীসকলে ৰাজধানীৰ তিনিটা মুখ্য ভৱন ক্ৰমে ৰাষ্ট্ৰপতি সদন, ৰাষ্ট্ৰপতি সচিবালয় আৰু প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱন টেম্পল ট্ৰিজ দখল কৰি তেওঁলোকৰ পদত্যাগৰ দাবী জনাই আহিছে ।
লগতে পঢ়ক :Sri Lanka Crisis: ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্সাৰ আনুষ্ঠানিকভাৱে পদত্যাগ ঘোষণা