ETV Bharat / international

Pakistan rain havoc: ৰুষ্ট প্ৰকৃতি ! ধাৰাসাৰ বৰষুণত পাকিস্তানত মৃত্যু 86, আহত 151

author img

By

Published : Jul 11, 2023, 7:15 AM IST

চুবুৰীয়া দেশ পাকিস্তানতো প্ৰকৃতিয়ে ধাৰণ কৰিছে কালৰূপ ৷ বানৰ কৱলত পৰি অৰ্ধশতাধিক লোকৰ মৃত্যু ৷ বিগত 15 দিনে হৈ আছে নেৰানেপেৰা বৰষুণ ৷

Pakistan rain havoc
Pakistan rain havoc

নেশ্যনেল ডেস্ক, 11 জুলাই: পাকিস্তানস্থিত এআৰআই নিউজে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ (এনডিএমএ) উদ্ধৃতি দি কয় যে শেহতীয়াকৈ ২৫ জুনৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰায় ৮৬ জন লোক নিহত আৰু ১৫১ জন আহত হৈছে ।

এনডিএমএ-য়ে প্ৰতিবেদনত কয় যে যোৱা ২৪ ঘণ্টাত সমগ্ৰ পাকিস্তানত হোৱা ধাৰাসাৰ বৰষুণত ছয়জন লোকৰ মৃত্যু হৈছিল আৰু আন ৯ জন আহত হৈছিল ৷ এনডিএমএৰ তথ্য অনুসৰি, এতিয়ালৈকে 86 জন লোকৰ মৃত্যু আৰু 151 জন আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে, যাৰ ভিতৰত আছে 16 গৰাকী মহিলা আৰু 37 টা শিশু । মুষলধাৰ বৰষুণে সমগ্ৰ দেশজুৰি বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰি থকাৰ ফলত প্ৰায় শতাধিক বাসগৃহৰো ক্ষতি হৈছে ।

পঞ্জাৱত ধাৰাসাৰ বৰষুণত সৰ্বাধিক ৫২ জন লোকৰ মৃত্যু হৈছে ৷ ইফালে, এনডিএমএৰ এক প্ৰতিবেদন অনুসৰি খাইবাৰ পাখতুনখোৱাত ২০ জন লোকৰ মৃত্যু হয় আৰু বেলুচিস্তানত ৬ জনে প্ৰাণ হেৰুৱায় । চলিত বৰ্ষৰ এপ্ৰিল মাহত, পাকিস্তানৰ এনডিএমএয়ে দাবী কৰিছিল যে 2023 চনত পাকিস্তানত প্ৰলয়ংকাৰী বানপানীৰ 72 শতাংশ সম্ভাৱনা আছে ৷

এনডিএমএৰ অধ্যক্ষ লেফটেনেণ্ট জেনেৰেল ইনাম হায়দৰে ৰাজহুৱা হিচাপ সমিতিক ( Public Accounts Committee) দিয়া এক বিবৃত্তিত কয় যে তাপমাত্ৰা, হিমবাহ গলি যোৱা আৰু আগতীয়া বাৰিষাৰ দ্ৰুত বৃদ্ধিৰ ফলত বানপানী হৈছে । হায়দৰে কয় যে এনডিএমএ আৰু পাকিস্তানৰ জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ১৭ টা উপগ্ৰহ নিৰীক্ষণ কৰি আছে আৰু ৩৬ টা বানপানীৰ আগতীয়া সতৰ্কবাণী প্ৰণালী স্থাপন কৰা হৈছে । তেওঁ উল্লেখ কৰে যে যদি যোৱা বছৰৰ দৰে প্ৰলয়ংকৰী বানপানী হয় তেন্তে পাকিস্তান এক বৃহৎ অৰ্থনৈতিক সংকটত পৰিব ৷

লগতে পঢ়ক: ISIL leader Osama al Muhajer : ড্ৰ’ন আক্ৰমণত নিহত আইছিছ নেতা ওছামা আল মুহাজেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.