ETV Bharat / international

Israel Palestine War : ৰাফা সীমান্তৰে গাজাৰ পৰা ইজিপ্তলৈ ৰাওনা বিদেশী নাগৰিকৰ প্ৰথমটো দল - Israel attack on Gaza

তিনি সপ্তাহতকৈও অধিক দিন পূৰ্বে আৰম্ভ হোৱা ইজৰাইল-হামাছ যুদ্ধৰ পিছত বিদেশী নাগৰিকসকলক প্ৰথমবাৰৰ অৱৰোধ কৰা অঞ্চলটো এৰি যাবলৈ অনুমতি দিয়া হৈছে ।

ৰাফা সীমান্তৰে গাজাৰ পৰা ইজিপ্তলৈ ৰাওনা প্ৰথমটো বিদেশী নাগৰিকৰ দল
Israel Palestine War
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 4:19 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ১ নৱেম্বৰ : হামাছৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধই তিনি সপ্তাহ অতিক্ৰম কৰিলে । এই যুদ্ধত দুয়ো পক্ষৰ যথেষ্ট ক্ষতি হৈছে । বিশেষকৈ কেইবা হাজাৰ পেলেষ্টাইনী নাগৰিকৰ মৃত্যু হোৱাৰ লগতে লাখৰ ওপৰত লোক আঘাতপ্ৰাপ্ত হৈছে ।

আনহাতে, লাখ লাখ লোক গৃহহীন হৈছে । ধ্বংসস্তূপত পৰিণত হৈছে গাজা চহৰ । তাৰ মাজতে বুধবাৰে প্ৰথমবাৰৰ বাবে গাজাত বাস কৰা বিদেশী নাগৰিকসকলে গাজাৰ পৰা ইজিপ্ত অভিমুখে ৰাওনা হৈছে । তেওঁলোকে ৰাফা সীমান্ত পথেৰে ইজিপ্ত প্ৰৱেশ কৰা দেখা গৈছে । উল্লেখ্য যে তিনি সপ্তাহতকৈও অধিক সময় পূৰ্বে ইজৰাইল-হামাছ যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে এইসকল বিদেশী নাগৰিকক অৱৰোধ কৰি ৰখা অঞ্চলটো এৰি যাবলৈ অনুমতি দিয়া হৈছে ।

বুধবাৰৰ দিনটোৰ আৰম্ভণিতে, যোগাযোগ সেৱা প্ৰদানকাৰী পালটেল আৰু জাৱালে গাজাত যোগাযোগ আৰু ইণ্টাৰনেট সেৱা সম্পূৰ্ণৰূপে ব্যাহত হোৱাৰ প্ৰতিবেদন দিয়ে । যিটো হৈছে বিগত পাঁচ দিনৰ ভিতৰত দ্বিতীয়টো ডাঙৰ কৰ্তন । আনহাতে, মানৱতাবাদী সাহায্য সংস্থাসমূহে সতৰ্ক কৰি দিছে যে এনে ধৰণৰ ব্লেকআউটে ইতিমধ্যে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা গাজাত তেওঁলোকৰ কামত গুৰুতৰভাৱে ব্যাঘাত জন্মাব ।

গাজাত হামাছ পৰিচালিত স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি, ইজৰাইল-হামাছ যুদ্ধত পেলেষ্টাইনীসকলৰ মৃত্যুৰ সংখ্যা ৮,৫২৫ লৈ বৃদ্ধি পাইছে । আনহাতে, ইজৰাইল অধিকৃত পশ্চিম তীৰত হিংসাত্মক ঘটনা আৰু ইজৰাইলী অভিযানত ১২২ জনতকৈও অধিক পেলেষ্টাইনী নিহত হৈছে ।

ইফালে ইজৰাইলত ১,৪০০ ৰো অধিক লোক নিহত হৈছে । ইয়াৰে বেছিভাগেই ৭ অক্টোবৰৰ প্ৰাৰম্ভিক হামাছৰ আক্ৰমণত নিহত হয় । হামাছে উক্তদিনা ইজৰাইলত অকস্মাতে সন্ত্ৰাস আৰম্ভ কৰিছিল । সন্ত্ৰাসবাদী দলটোৱে প্ৰায় ২৪০ জন ব্যক্তিক ইজৰাইলৰ পৰা গাজালৈ পণবন্দী কৰি লৈ গৈছিল । পণবন্দীসকলৰ মাজৰ এগৰাকী মহিলা ইজৰাইলী সৈনিকক এক বিশেষ বাহিনীৰ অভিযানত উদ্ধাৰ কৰা হয় ।

লগতে পঢ়ক :Israel Hamas war: যুদ্ধৰ ফলত আশ্ৰয়হীন হৈ পৰিছে ২৯ খনকৈ আঞ্চলিক পৰিষদৰ শিশু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.