ইণ্টাৰনেচনেল ডেস্ক, ২৬ জানুৱাৰী : নেপালত যোৱা ১৫ জানুৱাৰীত সংঘটিত বিমান দুৰ্ঘটনাৰ পৰা উদ্ধাৰ হোৱা ব্লেক বক্সটো (black box of plane crash in Nepal) বিশ্লেষণৰ বাবে ছিংগাপুৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে (Nepal plane crash Black box sent to Singapore) । বিমানখনত থকা ৭২ জন লোকৰ আটাইকেইজনৰে মৃত্যু হোৱা দুৰ্ঘটনাটোৰ কাৰণ বিশ্লেষণৰ বাবে এইটো কৰা হৈছে । বৃহস্পতিবাৰে নেপালৰ চৰকাৰী সূত্ৰত এইকথা প্ৰকাশ । ফ্লাইট ডাটা ৰেকৰ্ডাৰ আৰু ককপিট ভইচ ৰেকৰ্ডাৰ দুয়োটা চিংগাপুৰৰ পৰিবহণ সুৰক্ষা অনুসন্ধান ব্যুৰোৰ বিশেষজ্ঞসকলৰ দ্বাৰা পৰীক্ষা কৰা হ'ব (Singapores Transportation Safety Investigation Bureau) ।
অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ (Civil Aviation Authority of Nepal) মুখপাত্ৰ ৰাজেন্দ্ৰ কুমাৰ কে চিয়ে কয়, "নেপালৰ অনুসন্ধানকাৰী দলটোৱে শুকুৰবাৰে ফ্লাইট ডাটা ৰেকৰ্ডাৰ আৰু ককপিট ভইচ ৰেকৰ্ডাৰ লৈ ৰাওনা হ'ব । তাত ডাটা ডাউনলোড আৰু বিশ্লেষণ কৰা হ'ব ।" প্ৰথমতে অৱশ্যে এইটো পৰামৰ্শ দিয়া হৈছিল যে ব্লেক বক্সটো ফ্ৰান্সলৈ লৈ যোৱা হ'ব, য'ত বিমানখন নিৰ্মাণ কৰা হৈছিল । কিন্তু নেপালী কৰ্তৃপক্ষই বৰ্তমান ৰেকৰ্ডাৰবোৰ ছিংগাপুৰলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে (Nepal plane crash in January 2023) ।
উল্লেখ্য, নেপাল চৰকাৰে গঠন কৰা এখন সমিতিয়ে এতিয়াও ইয়েটি এয়াৰলাইনছৰ বিমান দুৰ্ঘটনাৰ কাৰণ বিচাৰি আছে । ৰাজধানী কাঠমাণ্ডুৰ পৰা ২০০ কিলোমিটাৰ (১২৫ মাইল) পশ্চিমে অৱস্থিত ৰিজ'ৰ্ট চহৰ পোখৰাত ১৫ জানুৱাৰীত সংঘটিত দুৰ্ঘটনাৰ পিছত উদ্ধাৰকাৰীসকলে এতিয়াও সন্ধানহীন হৈ থকা দুজন লোকৰ অৱশেষৰ বাবে পাহাৰখনত তন্নতন্নকৈ অনুসন্ধান কৰি আছে ।
দ্বৈত ইঞ্জিনৰ এটিআৰ 72-500 বিমানখন হিমালয়ৰ পাদদেশৰ পোখৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰলৈ আহি থকাৰ সময়তে ই প্ৰায় 820 মিটাৰ (2,700 ফুট) উচ্চতাত ৰানৱেৰ পৰা প্ৰায় 1.6 কিলোমিটাৰ (1 মাইল) দূৰত্বত এটা খাদত ভূপতিত হয় । অৱশ্যে এই দুৰ্ঘটনাৰ কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই । বিমান বিশেষজ্ঞৰ একাংশই কয় যে বিমানখনৰ অন্তিম মুহূৰ্তৰ মাটিৰ পৰা লোৱা ভিডিঅ'টোৱে ইংগিত দিছিল যে ই এটা ষ্টলৰ দিশলৈ গৈ আছিল । অৱশ্যে কিয় গৈ আছিল সেইটো স্পষ্ট নহয় ।
উল্লেখ্য, বিমানখনত ৬৮ জন যাত্ৰী আছিল । তাৰে ভিতৰত আছিল ১৫ জন বিদেশী নাগৰিক । লগতে চাৰিজন ক্ৰু সদস্যও আছিল । বিদেশীসকলৰ ভিতৰত আছিল পাঁচজন ভাৰতীয়, চাৰিজন ৰাছিয়ান, দুজন দক্ষিণ কোৰিয়ান আৰু আয়াৰলেণ্ড, অষ্ট্ৰেলিয়া, আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ এজনকৈ । নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই লগতে কৈছে যে বিমানবন্দৰৰ instrument landing system-এ ২৬ ফেব্ৰুৱাৰীলৈকে কাম নকৰিব । ১ জানুৱাৰীত বিমানবন্দৰৰ কাম আৰম্ভ হোৱাৰ বাবে আঠ সপ্তাহলৈকে ই নিষ্ক্ৰিয় হৈ থাকিব ।
বিমান সুৰক্ষা বিশেষজ্ঞসকলে কৈছে যে এই অনুপস্থিতিয়ে নেপালত বিমান সুৰক্ষাৰ দুৰ্বল দিশটো প্ৰতিফলিত কৰে, য'ত পাহাৰীয়া অঞ্চল আৰু ইয়াৰ ফলত পৰিৱৰ্তনশীল বতৰৰ পৰিস্থিতিয়ে উৰণ কঠিন কৰি তোলে ।
লগতে পঢ়ক :Republic Day in Google Doodle : গুগল ডুডলত 74 সংখ্যক গণৰাজ্য দিৱসৰ কাগজৰ কলা