ETV Bharat / international

Missile Hits Poland: পোলেণ্ডত মিছাইল আক্ৰমণৰ পাছতে বাইডেনৰ জৰুৰী বৈঠক

author img

By

Published : Nov 16, 2022, 8:57 AM IST

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ জৰুৰী বৈঠকৰ আহ্বান(Biden calls emergency meeting after missile hits Poland) । ৰাছিয়াত নিৰ্মিত মিছাইলে পোলেণ্ডত আঘাত কৰাৰ কৰাৰ পাচতেই জৰুৰী বৈঠকৰ আহ্বান কৰে বাইডেনে । পোলেণ্ডত ৰাছিয়াৰ আক্ৰমণৰ পাছতেই বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়া(Russia Ukraine War update) ।

Biden calls emergency meeting after missile hits Poland
পোলেণ্ডত মিছাইল আক্ৰমণ

ইন্টাৰনেশ্যনেল ডেস্ক, ১৬ নৱেম্বৰ: পোলেণ্ডত ৰাছিয়াৰ মিচাইল আক্ৰমণৰ পাছতেই বুধবাৰে পুৱতি নিশা এখন জৰুৰী বৈঠকৰ আহ্বান কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে(Biden calls emergency meeting after missile hits Poland) । জি-৭ আৰু নাটোৰ নেতাসকলৰ সৈতে এই জৰুৰী বৈঠকৰ আহ্বান কৰে বাইডেনে(Biden meeting of G7 and NATO leaders in Indonesia) । ইউক্ৰেইন আৰু পোলেণ্ড সীমান্তত ৰাছিয়ান মিছাইলে আঘাত কৰাৰ ফলত পোলেণ্ডৰ দুজন লোকৰ মৃত্যুৰ খবৰ প্ৰকাশিত হৈছিল(Russian made missile killed two people in Poland) ।

Biden calls emergency meeting after missile hits Poland
পোলেণ্ডত মিছাইল আক্ৰমণৰ পাছতে বাইডেনৰ জৰুৰী বৈঠকৰ আহ্বান

মিছাইল বিস্ফোৰণৰ খবৰ পোৱাৰ লগে লগে নাটোৰ সদস্যসকল তথা বাইডেনে নিশাটোৰ ভিতৰতে সক্ৰিয় হৈ পৰে । বাইডেনে বুধবাৰে পুৱতি নিশা পোলেণ্ডৰ ৰাষ্ট্ৰপতি এন্দ্ৰজেজ ডুডা(President Andrzej Duda)ক ফোন কৰি প্ৰাণহানিৰ বাবে গভীৰ সমবেদনা প্ৰকাশ কৰে । লগতে বাইডেনে পোলেণ্ডৰ তদন্তৰ বাবে সম্পূৰ্ণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমৰ্থন আৰু সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে আৰু নাটোৰ প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে ।

ইফালে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে(US Secretary of State Antony Blinken) পোলেণ্ড আৰু ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে বিস্ফোৰণ সন্দৰ্ভত টেলিফোনযোগে বাৰ্তালাপ কৰে আৰু তদন্তৰ বাবে সমৰ্থন ৰখাৰ আশ্বাস দিয়ে । তেঁও টুইটযোগে উল্লেখ কৰে যে ব্লিঙ্কেনে পুৱাৰ পৰা পোলেণ্ডৰ বৈদেশিক মন্ত্ৰী ৰাউ আৰু ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী কুলেবাৰ সৈতে পূৱ পোলেণ্ডত হোৱা বিস্ফোৰণ সন্দৰ্ভত আলোচনা কৰিছে(Russia Ukraine War update) । তদন্ত আগবঢ়াৰ লগে লগে আগন্তুক দিনবোৰত ঘনিষ্ঠভাৱে সমন্বিত হৈ থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু তেঁওলোকে উপযুক্ত পৰৱৰ্তী পদক্ষেপ নিৰ্ধাৰণ কৰিব বুলি উল্লেখ কৰে ।

উল্লেখ্য যে পোলেণ্ডৰ বৈদেশিক মন্ত্ৰালয়ৰ এক বিবৃতিত মিছাইলটো ৰাছিয়াত তৈয়াৰ কৰা বুলি চিনাক্ত কৰা হৈছে । কিন্তু পোলেণ্ডৰ ৰাষ্ট্ৰপতি ডুডাই কয় যে ইয়াক ক'ত নিৰ্মাণ কৰা হৈছিল আৰু ক'ৰ পৰা নিক্ষেপ কৰা হৈছিল সেই সন্দৰ্ভত বৰ্তমানো প্ৰকৃত তথ্য লাভ কৰা নাই । যদি এই মিছাইল ৰাছিয়াৰ বুলি নিশ্চিত হয় তেন্তে ইউক্ৰেইন আক্ৰমণৰ পিছত নাটো দেশৰ ওপৰত ৰাছিয়াৰ প্ৰথম আক্ৰমণ হিচাপে বিবেচিত হ'ব ।

লগতে পঢ়ক: Bomb Blast In Istanbul: ইস্তানবুলত বোমা বিস্ফোৰণত নিহত 6, আহত 81

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.