ETV Bharat / international

Biden appoints two Indian Americans: যুক্তৰাষ্ট্ৰত পুনৰ গুৰুত্বপূৰ্ণ পদত দুজন ভাৰতীয়ক নিযুক্তি বিডেনৰ - World Economic Forum

শুকুৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনে(Joe Biden President USA) দুজন ভাৰতীয়-আমেৰিকানক বাণিজ্য নীতি আৰু আলোচনাৰ পৰামৰ্শদাতা সমিতিৰ সদস্য হিচাপে নিযুক্তি দিয়ে ৷ ফ্লেক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ৰেৱতী আদৱৈতি আৰু প্ৰাকৃতিক সম্পদ প্ৰতিৰক্ষা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনীষ বাপ্নাক বাণিজ্য নীতি আৰু আলোচনাৰ পৰামৰ্শদাতা সমিতিৰ সদস্য হিচাপে নিযুক্তি দিয়া হয় ।

Biden appoints two indian americans
গুৰুত্বপূৰ্ণ পদত দুজন ভাৰতীয়ক নিযুক্তি বাইডেনৰ
author img

By

Published : Mar 11, 2023, 12:22 PM IST

নিউজ ডেস্ক, 11 মাৰ্চ: শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বিডেনে দুজন ভাৰতীয়-আমেৰিকানক বাণিজ্য নীতি আৰু আলোচনাৰ পৰামৰ্শদাতা সমিতিৰ সদস্য হিচাপে নিযুক্তি দিয়ে ৷ ফ্লেক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ৰেৱতী আদৱৈতি(Revathi Advaithi, CEO of Flex) আৰু প্ৰাকৃতিক সম্পদ প্ৰতিৰক্ষা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনীষ বাপনাক(Manish Bapna, CEO of the NRDC) বাণিজ্য নীতি আৰু আলোচনাৰ পৰামৰ্শদাতা সমিতিৰ সদস্য হিচাপে নিযুক্তি দিয়া হয় ।

শুক্ৰবাৰে, বিডেনে পৰামৰ্শদাতা সমিতিত 14 গৰাকী বিষয়াক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে ৷ যিসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্য নীতিৰ বিকাশ, ৰূপায়ণ আৰু প্ৰশাসনৰ বিষয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্য প্ৰতিনিধিক সামগ্ৰিক নীতিগত পৰামৰ্শ প্ৰদান কৰিব ।

হোৱাইট হাউছৰ তৰফৰ পৰা জনোৱা হয় যে, ইয়াৰ ভিতৰত আছে বাণিজ্যিক চুক্তি তৈয়াৰ কৰাৰ আগতে আলোচনাৰ উদ্দেশ্য আৰু দৰদামৰ স্থিতি, বাণিজ্য চুক্তি ৰূপায়ণৰ প্ৰভাৱ, এবাৰ কৰা যিকোনো বাণিজ্য চুক্তিৰ পৰিচালনা সম্পৰ্কীয় বিষয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্য নীতিৰ বিকাশ, ৰূপায়ণ আৰু প্ৰশাসনৰ সন্দৰ্ভত উদ্ভৱ হোৱা অন্যান্য বিষয়সমূহ ৷

ৰেৱতী আদৱৈতি ফ্লেক্সৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দ্বায়িত্বত আছিল যি গ্লোবেল মেনুফেকচাৰিং পাৰ্টনাৰ যিয়ে বিশ্বৰ উন্নতিৰ বাবে বিভিন্ন গ্ৰাহকৰ ভিত্তি ডিজাইন আৰু প্ৰডাক্ট নিৰ্মাণ কৰাত সহায় কৰিছিল । ২০১৯ চনত এই দ্বায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা আদৱৈতিয়ে কোম্পানীটোৰ কৌশলগত দিশৰ স্থাপত্য আৰু উৎপাদন ক্ষেত্ৰত এক নতুন যুগক সুচনা কৰি পৰিৱৰ্তনৰ মাজেৰে ফ্লেক্সক নেতৃত্ব দিছিল বুলি হোৱাইট হাউছে উল্লেখ কৰিছে ।

ফ্লেক্সৰ পূৰ্বে ৰেৱতী আদৱৈতি Eaton ৰ বৈদ্যুতিক খণ্ডৰ সঞ্চালক আৰু মুখ্য পৰিচালন বিষয়া আছিল । য'ত ২০ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক বিক্ৰী আৰু প্ৰায় ১,০২,০০০ গৰাকী কৰ্মচাৰী আছিল ৷ তেওঁ Eaton ৰ বৈদ্যুতিক খণ্ড আৰু Honeywell ত কাম কৰাৰ লগতে উবেৰ আৰু Catalyst.org. পৰিচালনা সমিতিৰ সদস্য হিচাপেও সেৱা আগবঢ়াইছিল ।

আদৱৈতি ৱৰ্ল্ড ইক'নমিক ফ'ৰামৰ(World Economic Forum) Advanced Manufacturing CEO Community ৰ উপসভাপতি হোৱাৰ লগতে WEF Alliance of CEO Climate Leaders ৰ সৈতেও জৰিত ৷ তেওঁ একেৰাহে চাৰি বছৰৰ বাবে ফৰ্চুন আলোচনীৰ আটাইতকৈ শক্তিশালী মহিলা ব্যৱসায়ীৰ তালিকাত স্বীকৃত হোৱাৰ লগতে ভাৰতৰ বিজনেছ টুডেৰ(Business Today) আটাইতকৈ শক্তিশালী মহিলাসকলৰ এগৰাকী হিচাপে মনোনীত হৈছিল । তেওঁ বিৰলা ইনষ্টিটিউট অৱ টেকন'লজী এণ্ড চাইন্সৰ(BITS) পৰা মেকানিকেল ইঞ্জিনিয়াৰিংত স্নাতক ডিগ্ৰী আৰু থাণ্ডাৰবাৰ্ড স্কুল অফ গ্লোবেল মেনেজমেণ্টৰ পৰা এমবিএ ডিগ্ৰী লাভ কৰিছে ।

মনীষ বাপনা প্ৰাকৃতিক সম্পদ প্ৰতিৰক্ষা পৰিষদৰ (এনআৰডিচি) সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া, যি যোৱা অৰ্ধ শতিকাৰ বহুতো গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক বিষয়ত মাইলৰ খুঁটি হিচাপে চিহ্ণিত হোৱা বিষয়ৰ আঁৰত আছে,হোৱাইট হাউছে কয়।

25 বছৰীয়া কৰ্মজীৱনত, মনীষ বাপনাৰ নেতৃত্বই দৰিদ্ৰতা আৰু জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণবোৰ মোকাবিলা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যিবোৰ ন্যায়সঙ্গত আৰু দীৰ্ঘম্যাদী ৷ শেহতীয়াকৈ তেওঁ World Resources Instituteৰ কাৰ্যবাহী উপ-সভাপতি আৰু পৰিচালন সঞ্চালক হিচাপে ১৪ বছৰতকৈ অধিক সময় কাম কৰিছিল। বেংক ইনফৰ্মেশ্যন চেণ্টাৰত এডভোকেচিৰ কেৰিয়াৰ গঢ়ি তোলাৰ পূৰ্বে তেওঁ McKinsey & Company আৰু বিশ্ব বেংকত কৰ্মজীৱনৰ পাতনি মেলিছিল ৷

হোৱাইট হাউছ তথ্য অনুসৰি তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ(Harvard University) পৰা ব্যৱসায় আৰু ৰাজনীতি আৰু অৰ্থনৈতিক উন্নয়নত স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে এম আই টিৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক ৷

লগতে পঢ়ক:Sukesh Chandrashekhar After Sisodias Arrest : এইবাৰ অৰবিন্দ কেজৰিৱাল !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.