ETV Bharat / international

Russia-Ukraine conflict: ইউক্ৰেইনত আহত ভাৰতীয় ছাত্ৰ

author img

By

Published : Mar 4, 2022, 9:44 AM IST

Updated : Mar 4, 2022, 11:50 AM IST

ইউক্ৰেইনত পুনৰ গুলীবিদ্ধ হৈছে আন এজন ভাৰতীয় ছাত্ৰ(Indian student shot in Ukraine) ৷ ইউক্ৰেইনৰ ৰাজধানী কিয়েভত চলি থকা গুলীয়াগুলীত আহত হয় ভাৰতীয় ছাত্ৰজন ।

Russia-Ukraine conflict
ইউক্ৰেইনত আহত ভাৰতীয় ছাত্ৰ

ইন্টাৰনেচনেল ডেস্ক, 4 মাৰ্চ: ইউক্ৰেইনত পুনৰ গুলিবিদ্ধ হৈছে এজন ভাৰতীয় ছাত্ৰ(Indian student shot in Ukraine) ৷ ইউক্ৰেইনৰ পৰা পোলেণ্ডলৈ গৈ থাকোতে গুলীবিদ্ধ হয় ভাৰতীয় ছাত্ৰজন (Indian student shot at while moving towards Poland) । ইউক্ৰেইনৰ ৰাজধানী কিভত চলি থকা গুলীয়াগুলীত আহত হয় ভাৰতীয় ছাত্ৰজন(A student coming from Kyiv got Shot) ৷ সম্প্ৰতি কিয়েভৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ছাত্ৰজন ৷

অসামৰিক বিমান পৰিবহণৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভি কে সিঙে বৃহস্পতিবাৰে এই ঘটনাৰ সম্ভেদ লাভ কৰা কথা জানিবলৈ দিয়ে ৷ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, "আজি আমি খবৰ লাভ কৰিছো যে কিয়েভ এৰি যোৱা এজন শিক্ষাৰ্থীক গুলীয়াগুলিত আহত হৈছে । তেওঁক কিয়েভলৈ ঘূৰাই নিয়া হৈছে । আমাৰ উদ্দেশ্য হৈছে কোনো ক্ষতি নোহোৱাকৈ অধিক লোকক শীঘ্ৰে স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰা" ৷

  • I received info today that a student coming from Kyiv got shot and was taken back midway. We're trying for maximum evacuation in minimum loss: MoS Civil Aviation Gen (Retd) VK Singh, in Poland#RussiaUkraine pic.twitter.com/cggVEsqfEj

    — ANI (@ANI) March 4, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, যুদ্ধপীড়িত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক স্থানান্তৰ কৰাত সহায় কৰিবলৈ সিং বৰ্তমান পোলেণ্ডতে আছে । শেহতীয়াকৈ ১ মাৰ্চত কৰ্ণাটকৰ নবীন এছ জি নামৰ এজন যুৱ ভাৰতীয় চিকিৎসা বিদ্যাৰ্থী ইউক্ৰেইনৰ খাৰকিভ চহৰত নিজৰ আৰু সহ-শিক্ষাৰ্থীসকলৰ বাবে খাদ্য ক্ৰয় কৰিবলৈ অহাৰ সময়ত গুলীবৰ্ষণত নিহত হৈছিল ।

লগতে পঢ়ক : Russia-Ukraine crisis: ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় ছাত্ৰৰ মৃত্যু

Last Updated : Mar 4, 2022, 11:50 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.