ETV Bharat / international

মণ্ট ব্লেংক হিমবাহত উদ্ধাৰ 1966 চনৰ ভাৰতীয় সংবাদপত্ৰ - ইন্দিৰা গান্ধী

মণ্ট ব্লেংক হিমবাহৰ মাজৰ পৰা উদ্ধাৰ হৈছে 1966 চনৰ এক ভাৰতীয় সংবাদপত্ৰ ৷ উক্ত সংবাদপত্ৰৰ শিৰোনামা দখল কৰি জিলিকি আছে সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নাম ৷

Indian Newspaper recovered from the melting franch glacier Etv bharat news
হিমবাহত উদ্ধাৰ ভাৰতীয় সংবাদপত্ৰ
author img

By

Published : Jul 15, 2020, 2:20 PM IST

লণ্ডন,15 জুলাই: মণ্ট ব্লেংক হিমবাহৰ মাজৰ পৰা উদ্ধাৰ হৈছে 1966 চনৰ এক ভাৰতীয় সংবাদপত্ৰ ৷ উক্ত সংবাদপত্ৰৰ শিৰোনামা দখল কৰি জিলিকি আছে সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নাম ৷ বৃটেইনৰ এখন কাফেৰ গৰাকীয়ে উক্ত সংবাদপত্ৰৰ টুকুৰাতো উদ্ধাৰ কৰে ৷

পশ্চিম ইউৰোপৰ দ্বিতীয় সৰ্বোচ্চ পৰ্বত মণ্ট ব্লেংকৰ ওপৰত 1966 চনৰ 24 জানুৱাৰীত এক বিমান দুৰ্ঘটনা সংঘটিত হৈছিল ৷ এয়াৰ ইণ্ডিয়াৰ উক্ত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ প্ৰায় 54 বছৰ পিছত এখন স্থানীয় ৰেষ্টোৰাৰ গৰাকী টিমোথি মট্​টিনে সংবাদপত্ৰখনৰ টুকুৰাতো অঞ্চলটোৰ পৰা উদ্ধাৰ কৰে ৷ সংবাদপত্ৰৰ টুকুৰাতো বিমানখনৰ পৰা পৰি যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ পৰ্বতখনৰ হিমবাহ গলি যোৱাৰ পিছত এই কথা পোহৰলৈ আহিছে ৷ ব্যক্তিগৰাকীৰ কাফেৰ পৰা উক্ত পৰ্বতলৈ প্ৰায় 45 মিনিটৰ বাট ৷ অৱসৰ বিনোদনৰ বাবে সময়ে সময়ে পৰ্বতখনলৈ যোৱা ব্যক্তিগৰাকীয়ে লাভ কৰে সংবাদপত্ৰখনৰ অৱশিষ্ট অংশখিনি ৷ তাৰপিছতে উক্ত অংশটো আনি ব্যক্তিগৰাকীয়ে নিজৰ কাফেত ৰাইজৰ প্ৰদৰ্শনৰ বাবে দেৱালত ওলোমাই ৰাখে ৷ কাফেৰ গ্ৰাহকৰ মনোৰঞ্জনৰ প্ৰতি লক্ষ্য ৰাখি ব্যক্তিগৰাকীয়ে এনেদৰে যিকোনো বস্তু সংগ্ৰহ কৰি দেৱালত ওলোমাই ৰখাতো এক অভ্যাসত পৰিণত হোৱা বুলি উল্লেখ কৰে ৷

প্ৰায় ছয় দশক পূৰ্বে অৰ্থাৎ 1966 চনত ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল এয়াৰ ইণ্ডিয়াৰ এখন 707 নং বিমান ৷ যোগাযোগৰ প্ৰতিবন্ধকতাৰ বাবে দুৰ্ঘটনাত পতিত হৈছিল বিমানখন ৷ উক্ত দুৰ্ঘটনাত মৃত্যুবৰণ কৰে বিমানখনত থকা 177 গৰাকী যাত্ৰীৰ লগতে বিমান পৰিচালকৰ দলটোৱে ৷ 2012 চনত উক্ত বিমানখনৰ অৱশিষ্ট অংশ উদ্ধাৰ কৰা হৈছিল ৷ একেটা বছৰতে বিমানখনৰ অৱশিষ্ট অংশৰ পৰা উদ্ধাৰ হৈছিল কেন্দ্ৰীয় চৰকাৰ তথা বিদেশ মন্ত্ৰালয়ৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ ৷ পিছৰ বছৰত ফ্ৰান্সৰ এক পৰ্বতাৰোহীয়ে বিমানখনৰ পৰা পান্না, নীলা আৰু ৰুবিজাতীয় ধাতৱ কিছু সামগ্ৰী উদ্ধাৰ কৰে ৷ যাৰ বজাৰমূল্য আনুমানিক প্ৰায় 1 কোটি 10 লাখ-দুই লাখ টকা ৷

লগতে চাওকঃ ভয়াৱহ দিশে ৰাজ্যৰ বান পৰিস্থিতিঃ 33 লাখ লোক বানৰ কবলত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.