ETV Bharat / international

চীনত নিৰ্মিত J-10C যুঁজাৰু বিমান ক্ৰয় কৰিলে পাকিস্তানে

author img

By

Published : Dec 30, 2021, 1:44 PM IST

ভাৰতে ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰাৰ প্ৰতিক্ৰিয়াস্বৰূপে পাকিস্তানে ক্ৰয় কৰিছে চীনত নিৰ্মিত J-10C যুঁজাৰু বিমান (Pakistan buys China made J 10C fighter jets) । J-10C যুঁজাৰু ক্ৰয় কৰাৰ কথা নিশ্চিত কৰি বুধবাৰে পাকিস্তানৰ গৃহ মন্ত্ৰী শ্বেইখ ৰছিদ আহমেদে এই মন্তব্য কৰে । J-10C যুঁজাৰু বিমানক চীনৰ শ্ৰেষ্ঠ যুঁজাৰু বিমান হিচাপে গণ্য কৰা হয় ।

Pakistan bought fighter jets from China
চীনত নিৰ্মিত J 10C যুঁজাৰু বিমান ক্ৰয় কৰিলে পাকিস্তানে

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩০ ডিচেম্বৰ : পাকিস্তানে চীনৰ পৰা ক্ৰয় কৰিছে ২৫ খন J-10C যুঁজাৰু বিমান (Pakistan bought fighter jets from China) । ভাৰতে ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰাৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানে এই বিমানসমূহ ক্ৰয় কৰিছে বুলি মন্তব্য কৰিলে পাকিস্তানৰ গৃহ মন্ত্ৰী শ্বেইখ ৰছিদ আহমেদে । বুধবাৰে ৰাৱালপিণ্ডিত শ্বেইখ ৰছিদ আহমেদে সাংবাদিকৰ আগত কয় যে, চীনত নিৰ্মিত ২৫ খন J-10C যুঁজাৰু বিমানৰ এটা স্কোৱাড্ৰণ ২০২২ ৰ ২৩ মাৰ্চত আয়োজিত হ'বলগীয়া পাকিস্তান দিৱসৰ অনুষ্ঠানত প্ৰদৰ্শন কৰা হ'ব (Sheikh Rashid Ahmed on Pakistan's J-10C jets acquisition) ।

উল্লেখ্য যে, J-10C যুঁজাৰু বিমানক চীনৰ শ্ৰেষ্ঠ যুঁজাৰু বিমান হিচাপে গণ্য কৰা হয় । এই যুঁজাৰু বিমানে সকলো বতৰতে আকাশমাৰ্গত উৰণ আৰম্ভ কৰিব পাৰে । অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত এফ-১৬ শ্ৰেণীৰ যুঁজাৰু বিমান পাকিস্তানত আগৰে পৰা আছে ।

বিগত বৰ্ষত পাক-চীন যুটীয়া অনুশীলনত J-10C বিমানেৰেও অনুশীলন চলোৱা হৈছিল আৰু পাকিস্তানৰ প্ৰতিৰক্ষা বিশেষজ্ঞসকলে যুঁজাৰু বিমানখনৰ বিষয়ে অধিক জনাৰ সুযোগ পাইছিল । এই যুটীয়া অনুশীলন যোৱা বছৰৰ ৭ ডিচেম্বৰত পাকিস্তানত আৰম্ভ হৈছিল আৰু প্ৰায় ২০ দিন ধৰি চলিছিল ।

চীনে J-10C, J-11B, KJ-500 বিমান আৰু Y-8 বৈদ্যুতিক যুদ্ধ বিমান প্ৰেৰণ কৰিছিল । আনহাতে, পাকিস্তানে JF-17 আৰু মিৰাজ III যুঁজাৰু বিমান লগত লৈ এই অনুশীলনত অংশগ্ৰহণ কৰিছিল । উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত এফ-১৬ যুঁজাৰু বিমানক ৰাফেলৰ সৈতে মোকাবিলা কৰিব পৰা যুঁজাৰু বিমান বুলি ধাৰণা কৰা হয় আৰু পাকিস্তানত পূৰ্বৰে পৰা এই বিমান আছে ।

কিন্তু ভাৰতে ফ্ৰান্সৰ পৰা ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰাৰ পিছত পাকিস্তানে নিজৰ প্ৰতিৰক্ষা শক্তি বৃদ্ধিৰ বাবে নতুন মাল্টিৰোল অল ৱেডাৰ যুঁজাৰু বিমান বিচাৰি আছিল । প্ৰায় পাঁচ বছৰ পূৰ্বে, বায়ু সেনাৰ ক্ষমতা বৃদ্ধিৰ উদ্দেশ্যেৰে ভাৰতে ফ্ৰান্সৰ সৈতে ৫৯,০০০ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছিল । ফ্ৰান্সৰ পৰা ৩৬ খন ৰাফেল বিমান ক্ৰয় কৰাৰ চুক্তি কৰা হৈছিল । ভাৰতে ইতিমধ্যে ফ্ৰান্সৰ পৰা কেইবাখনো ৰাফেল যুঁজাৰু বিমান লাভ কৰিছে ।

লগতে পঢ়ক: Gunfight in South Kashmir : দক্ষিণ কাশ্মীৰত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী ৬ সন্ত্ৰাসবাদী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.