নিউজ ডেস্ক, 12 জুন : উত্তৰ - পূৰ্বাঞ্চলত ২০৫.৭৮৪ বিলিয়ন য়েইন অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত প্ৰায় ১৩,০০০ কোটি টকাৰ বিনিয়োগ কৰিব জাপান চৰকাৰে । ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ সৈতে জাপানৰ প্ৰতিনিধি দলৰ বৈঠকৰ পাছতে এই ঘোষণা কৰা হয় । উত্তৰ - পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত বৰ্তমানেও চলি থকা আৰু নতুন কিছুমান আঁচনিৰ বাবে এই বিনিয়োগ কৰা হ'ব বুলি জানিবলৈ দিয়ে জিতেন্দ্ৰ সিঙে । বহুকেইটা গুৰুত্বপূৰ্ণ আঁচনিৰ সফল ৰূপায়নৰ বাবে জাপানে ভাৰতৰ সৈতে সহযোগিতা কৰিব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে । গুৱাহাটী পানী যোগান আঁচনি, উত্তৰ - পূৰ্বাঞ্চল পথ সংযোগ উন্নয়ন আঁচনি, মেঘালয় নেটৱৰ্ক সংযোগ উন্নয়ন আঁচনি, ছিকিম জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু বন পৰিচালনা আঁচনি আৰু বহুকেইটা গুৰুত্বপূৰ্ণ আঁচনিৰ বাবে বিনিয়োগ কৰিব জাপান চৰকাৰে ।
বাঁহৰ সৈতে জড়িত এক আঁচনিৰ বাবেও ভৱিষ্যতে জাপানৰ সৈতে সহযোগিতা কৰাৰ সম্ভাৱনা ব্যক্ত কৰে ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে । উত্তৰ - পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে তিনি - চাৰি বছৰ ধৰি জাপানে যি সহযোগিতা আগবঢ়াই আহিছে তাৰো প্ৰশংসা কৰে মন্ত্ৰী গৰাকীয়ে ।