ETV Bharat / international

মহাকাশত সফলতাৰে ৩ টাকৈ ৰিম'ট চেঞ্চিং উপগ্ৰহ উৎক্ষেপণ চীনৰ

author img

By

Published : Nov 6, 2021, 1:46 PM IST

চীনে শনিবাৰে দক্ষিণ-পশ্চিম চিচুয়ান প্ৰদেশৰ জিচাং উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰে ৰিম'ট চেঞ্চিং উপগ্ৰহকেইটা । উপগ্ৰহ কেইটা লং মাৰ্চ-২ডি কেৰিয়াৰ ৰকেটৰ দ্বাৰা উৎক্ষেপণ কৰা হয় ।

remote sensing satellites
মহাকাশত সফলতাৰে ৩ টাকৈ ৰিম'ট চেঞ্চিং উপগ্ৰহ উৎক্ষেপণ চীনৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,৬ নৱেম্বৰ : বিজ্ঞানৰ ক্ষেত্ৰখনত যথেষ্ট পৰিমাণে অগ্ৰগতি লাভ কৰিছে চীনে । এইবাৰ তিনিটাকৈ নতুন ৰিম'ট চেঞ্চিং উপগ্ৰহ (remote sensing satellites) সফলতাৰে মহাকাশত উৎক্ষেপণ কৰিলে চীনে । চৰকাৰী সংবাদ মাধ্যমৰ তথ্য অনুসৰি, চীনে শনিবাৰে দেশখনৰ দক্ষিণ-পশ্চিম চিচুয়ান প্ৰদেশৰ জিচাং উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰে ৰিম'ট চেঞ্চিং উপগ্ৰহকেইটা ।

য়াওগান-৩৫ পৰিয়ালৰ উপগ্ৰহকেইটা লং মাৰ্চ-২ডি কেৰিয়াৰ ৰকেটৰ দ্বাৰা উৎক্ষেপণ কৰাৰ লগতে সফলতাৰে পৰিকল্পিত কক্ষপথত প্ৰৱেশ কৰিছিল । এই উৎক্ষেপণ লং মাৰ্চ ৰকেটৰ ৩৯৬ তম অভিযান হিচাপে চিহ্নিত হৈছে । ১৯৭০ চনৰ পৰা দেশৰ মহাকাশ কাৰ্যসূচীৰ মুখ্য আধাৰ হিচাপে গণ্য কৰা চীনৰ লং মাৰ্চ-৩বি ৰকেটে ২০১৮ চনৰ মাৰ্চত এক নতুন যোগাযোগ উপগ্ৰহ কক্ষপথত স্থাপন কৰি সফলতাৰে ইয়াৰ ৩০০ তম উৎক্ষেপণৰ অভিযান সম্পূৰ্ণ কৰিছিল ।

চীনৰ সকলো উৎক্ষেপণ অভিযানৰ ভিতৰত প্ৰায় ৯৬.৪ শতাংশই চাইনা এৰ’স্পেচ চায়েঞ্চ এণ্ড টেকন'লজী কৰ্প'ৰেচনৰ (China Aerospace Science and Technology Corporation) দ্বাৰা নিৰ্মিত লং মাৰ্চ কেৰিয়াৰ ৰকেট শৃংখলাৰ দ্বাৰা কৰা হৈছে ।

আনহাতে, ৩৭ বছৰ পাছত ২০১৯ চনত লং মাৰ্চ ৰকেটবোৰে প্ৰথম ১০০ টা উৎক্ষেপণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিল । দ্বিতীয় ১০০ টা উৎক্ষেপণ সম্পূৰ্ণ কৰিবলৈ প্ৰায় ৭.৫ বছৰ সময় লাগিছিল আৰু চূড়ান্ত ১০০ টা সম্পূৰ্ণ কৰিবলৈ মাত্ৰ চাৰি বছৰ সময় লাগিছিল । প্ৰতি বছৰে উৎক্ষেপণৰ গড় সংখ্যা ২.৭ ৰ পৰা ১৩.৩ লৈ বৃদ্ধি হৈছে আৰু তাৰ পিছত ২৩.৫ লৈ বৃদ্ধি হৈছে ।

লগতে পঢ়ক : অলিম্পিকৰ বাতৰি সংগ্ৰহত সাংবাদিকক বাধা নিদিবলৈ চীনক আহ্বান আমেৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.