ETV Bharat / international

হংকঙত আমেৰিকাৰ হস্তক্ষেপত প্ৰতিবন্ধকতাৰ ঘোষণা

author img

By

Published : Jan 19, 2021, 1:09 PM IST

হংকঙত আমেৰিকাৰ বিষয়াৰ স্পষ্ট ৰূপত হস্তক্ষেপত প্ৰতিবন্ধকতা জাৰি কৰে বেইজিঙে । হংকঙৰ আভ্য়ন্তৰীণ বিষয়ত দখল নিদিবলৈও আমেৰিকাক দাবী চীনৰ বিদেশ মন্ত্ৰালয়ৰ ।

হংকঙত আমেৰিকাৰ হস্তক্ষেপত প্ৰতিবন্ধকতাৰ ঘোষণা
হংকঙত আমেৰিকাৰ হস্তক্ষেপত প্ৰতিবন্ধকতাৰ ঘোষণা

নিউজ ডেস্ক , ১৯ জানুৱাৰী : চীন আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কত পুনৰ ফাট মেলিছে । আমেৰিকাই চীন আৰু হংকঙৰ কেইবাগৰাকী বিষয়াৰ ওপৰত প্ৰতিবন্ধকতা লগোৱাৰ পিছতে এইবাৰ চীনেও হংকঙত আমেৰিকাৰ বিষয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ ঘোষণা কৰিছে ।

উল্লেখ যে ৬ জানুৱাৰীত ৫০ গৰাকীৰো অধিক লোকতন্ত্ৰ সমৰ্থনকাৰী ৰাজনৈতিক নেতা আৰু কাৰ্যকৰ্তা বিষয়াক ৰাষ্ট্ৰীয় সুৰক্ষা আইন উলংঘনৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে হংকং চৰকাৰে । তাৰ ভিতৰত আছিল ১৩ গৰাকী প্ৰাক্তন বিধান সভাৰ সদস্য় আৰু এগৰাকী আমেৰিকাৰ অধিবক্তা আৰু এগৰাকী প্ৰাক্তন আইন প্ৰবক্তাও আছে । ইয়াৰ পিছতে ১৬ জানুৱাৰীত আমেৰিকাই হংকঙত ৰাষ্ট্ৰীয় সুৰক্ষা আইন বলবৎ কৰাৰ ক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণৰ বাবে ৬ গৰাকী চীন আৰু হঙকঙৰ বিষয়া নিযুক্তি দিয়ে । আমেৰিকা কতৃপক্ষৰ এই কাৰ্যৰ পিছতে জাঙুৰ খাই উঠিছে চীন আৰু হংকঙৰ কতৃপক্ষ । পূৰ্বে চীন আৰু হংকঙ বিষয়াৰ ওপৰত আমেৰিকাৰ নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে প্ৰতিক্ৰিয়া ব্য়ক্ত কৰি সোমবাৰে বেজিঙে আমেৰিকাৰ বিষয়া আৰু সাংসদসকলক হংকঙত স্পষ্ট ৰূপত হস্তক্ষেপত নিষেধাজ্ঞা জাৰি কৰা বুলি এক ঘোষণা কৰে ।

দক্ষিণ চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে ৬ গৰাকী চীনৰ আৰু হংকঙৰ বিষয়াক হংকঙত মনোনীত কৰি চীন আৰু হঙকঙত আমেৰিকাই স্পষ্ট ৰূপত হস্তক্ষেপ কৰিছে । যাৰ বাবে মুখপাত্ৰ গৰাকীয়ে এই কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰে আৰু কয় যে আমেৰিকাই হংকঙৰ আভ্য়ন্তৰীণ বিষয়ত দখল দিয়া বন্ধ কৰিব লাগে । লগতে তেওঁ কয় যে আগলৈ আমেৰিকাৰ বিষয়াকো দেশখনত নিষিদ্ধ ঘোষণা কৰা হ'ব । যিসকল আমেৰিকাৰ বিষয়াৰ ওপৰত নিষিধেজ্ঞা জাৰি কৰা হ'ব তেওঁলোকৰ নাম নোলোৱাকৈয়ে মুখপাত্ৰ গৰাকীয়ে কয় যে হংকঙৰ তদন্তৰ ক্ষেত্ৰত জড়িত বিষয়াৰ ওপৰত পাৰস্পৰিক নিষেধাজ্ঞা জাৰি কৰা হ'ব । আমেৰিকাই অতি সোনকালে হংকঙৰ ঘটনা সন্দৰ্ভত দখল দিয়া বন্ধ কৰিব লাগে আৰু চীনৰ আভ্য়ন্তৰীণ ঘটনাত দখল দি চীনৰ ৰাষ্ট্ৰীয় সুৰক্ষাক বিপদত পেলোৱা বিভিন্ন বাহনৰ ব্য়ৱহাৰো অতি সোনকালে বন্ধ কৰিবলৈ দাবী জনায় মুখপাত্ৰ গৰাকীয়ে ।

লগতে পঢ়ক :এয়াৰ ষ্ট্ৰাইকৰ তথ্য ভাইৰেল হৈ পৰা সম্পৰ্কত প্ৰতিক্ৰিয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.