ৱাশ্চিংটন, 8 নৱেম্বৰ : সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক পৰাভূত কৰি পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে শনিবাৰে জ' বিডেনে জয়লাভ কৰে ৷ অৱশ্যে বিডেনে শনিবাৰে জয় লাভ কৰিছে যদিও এই ফলাফল ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে অন্তিমটো খোজ নহয় ৷ দুই শতিকাতকৈও আগৰ পৰা এক বিশেষ প্ৰণালীৰ অধীনত চলি অহা নিয়ম অনুসৰি এতিয়াও এক সপ্তাহ সময় আছে যি সময়ছোৱাৰ ভিতৰত 538 জনীয়া সদস্যৰ ইলেক্টৰেল কলেজে ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰিব ৷
যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে থকা মুখ্য পদক্ষেপ সমূহৰ এক আলোকপাত :
যেতিয়া আমেৰিকান নাগৰিক সকলে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোট ইয়াৰ অৰ্থ এইয়ে যে তেওঁলোকে নিজ ৰাজ্যৰ নিৰ্বাচক সকলৰ বাবে ভোট প্ৰদান কৰিছে ৷ বেছিভাগ ক্ষেত্ৰতে এই নিৰ্বাচক সকলে নিজ ভোটাৰ সকলৰ পচন্দৰ প্ৰাৰ্থীক ভোট দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ৷ নিৰ্বাচক সকলৰ সংখ্যা প্ৰতিখন ৰাজ্যৰ নিৰ্বাচনী ভোটৰ সমান ৷ নিৰ্বাচক সকল কেনেকৈ নিৰ্বাচিত হয় তাৰ ওপৰত ৰাজ্যৰ আইনৰ তাৰতম্য হয় ৷ কিন্তু, সাধাৰণতে দেখা যায় যে দলৰ ৰাজ্যিক সন্মিলনী বা কেন্দ্ৰীয় সমিতিৰ ভোটৰ দ্বাৰা প্ৰতিটো দলৰ প্ৰাৰ্থীৰ বাবে নিৰ্বাচক সকলৰ এক স্লেট তৈয়াৰ কৰা হয় ৷
নিৰ্বাচনী দিনটোৰ পাছত ৰাজ্যই জনপ্ৰিয় ভোট সমূহৰ গণনা কৰি প্ৰমাণ কৰা হয় ৷ এই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত প্ৰত্যেকগৰাকী ৰাজ্যপালে ভোট নিশ্চিতকৰণৰ এক নথি প্ৰস্তুত কৰিব লাগে ৷ এই নথিত নিৰ্বাচকৰ নাম আৰু ভোটৰ সংখ্যা উল্লেখ থাকে ৷ প্ৰতিখন ৰাষ্ট্ৰৰ মোহৰ কঢ়িওৱা এই প্ৰমাণপত্ৰ যুক্তৰাষ্ট্ৰ আৰ্কাইভিষ্টৰ কাষলৈ পথোৱা হয় ৷ ডিচেম্বৰৰ 8 তাৰিখ হৈছে ৰাজ্যিক পৰ্যায়ত নিৰ্বাচনী বিবাদ সমাধানৰ সময়সীমা ৷ এই সময়ছোৱাতে ৰাজ্যিক পৰ্যায়ত ভোটদানৰ ক্ষেত্ৰত হোৱা যিকোনো খেলিমেলি শুদ্ধ কৰিব লাগিব ৷
ডিচেম্বৰ 14 তাৰিখে নিৰ্বাচক সকলে সংশ্লিষ্ট ৰাজ্য আৰু কলম্বিয়াৰ জিলাত বেলট পেপাৰেৰে ভোট দিব ৷ ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিৰ বাবে ভোট সমূহ হিচাব কৰাৰ পাছত নিৰ্বাচক সকলে ছখন চাৰ্টিফিকেট ভোটত হস্তাক্ষৰ কৰিব ৷ অন্যান্য বিভাগীয় নথি পত্ৰৰ লগতে প্ৰমাণপত্ৰ সমূহ পঞ্জীয়ন হৈ থকা মেইলৰ জৰিয়তে বিভিন্ন বিষয়া তথা চিনেটৰ সভাপতি গৰাকীলৈ প্ৰেৰণ কৰা হ'ব ৷
ডিচেম্বৰ 23 তাৰিখে প্ৰমাণপত্ৰ সমূহ সংশ্লিষ্ট বিষয়ালৈ প্ৰেৰণ কৰিব লাগিব ৷ যদিহে প্ৰমাণ পত্ৰ সমূহ প্ৰেৰণ কৰা নহয় তেনে ক্ষেত্ৰত ৱাশ্বিংটনলৈ ফলাফল প্ৰাপ্ত কৰিবৰ বাবে বিকল্প সুযোগ প্ৰদান কৰা হ'ব ৷
2021 ৰ জানুৱাৰি 6 তাৰিখত সদন আৰু চিনেটে এক যুটীয়া অধিৱেশনত মিলিত হৈ ভোটসমূহ গণনা কৰিব ৷ যদিহে এটা টিকটত 270 বা তাতকৈ অধিক নিৰ্বচনী ভোট থাকে তেন্তে চিনেটৰ সভাপতি গৰাকীয়ে ফলাফল ঘোষণা কৰিব ৷
কংগ্ৰেছৰ সদস্য সকলে যিকোনো ৰাজ্যৰ ঘোষণা ঘূৰাই লোৱা প্ৰক্ৰিয়াত আপত্তি দৰ্শোৱাৰ সম্ভাৱনা আছে ৷ সদনৰ কোনো এগৰাকী সদস্য আৰু চিনেটৰ এগৰাকী সদস্যই লিখিত আপত্তি দৰ্শোৱা বাধ্যতামূলক ৷ যদিহে এই আপত্তিয়ে নিৰ্দিষ্ট কিছু প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে তেন্তে প্ৰত্যেক কক্ষই পৃথককৈ সৰ্বাধিক দুঘন্টাৰ বাবে বিষয়টোৰ সন্দৰ্ভত তৰ্কত বহিব ৷ ইয়াৰ পাছতে দুয়োটা কক্ষই আপত্তিটোৰ সপক্ষে বা বিপক্ষে ভোট কৰিব ৷ ইয়াৰ পাছতে অধিৱেশনত ভোটৰ ফলাফল ঘোষণা কৰা হয় ৷ ৰাজ্যিক নিৰ্বাচনী ভোটক লৈ উত্থাপন হোৱা যিকোনো আপত্তি দুয়োখন সদনৰ দ্বাৰা অনুমোদিত হলেহে এনে যিকোনো ভোট কাটিব পৰা যায় ৷
যদিহে কোনো এজন ৰাষ্ট্ৰপতি প্ৰাৰ্থীয়ে 270 টা নিৰ্বাচনী ভোট লাভ নকৰে, তেন্তে সংবিধানৰ 12 নং সংশোধনী অনুসৰি সদনে নিৰ্বাচনৰ সিদ্ধান্ত ল'ব ৷ প্ৰয়োজন অনুসাৰে সদনে গৰিষ্ঠসংখ্যক ভোটৰ মাধ্যমেৰে ৰাষ্ট্ৰপতি গৰাকী নিৰ্বাচন কৰিব ৷ জানুৱাৰী 20 ত উদ্বোধনী দিনটোত নিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকীয়ে শপত গ্ৰহণ কৰিব ৷
লগতে পঢ়ক: ময়েই শেষগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি নহওঁ : কমলা হেৰিছ