ETV Bharat / international

চলিত বৰ্ষৰ শেষৰ ফালে প্ৰতিষেধক পোৱা যাবঃ ট্ৰাম্প - প্ৰতিষেধক

বিশ্ববাসীৰ বাবে এক সুখবৰ । চলিত বৰ্ষৰ শেষৰ ফালে কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক লাভ কৰাৰ ইংগিত দিলে মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে । এক টেলিভিচন অনুষ্ঠানত এই কথাৰ ইংগিত দিয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

Vaccine will be available by year's end: Trump

author img

By

Published : May 4, 2020, 3:16 PM IST

নিউজ ডেস্ক, ৪ মে': সমগ্ৰ বিশ্বই বৰ্তমান যুঁজি আছে কৰ'ণা ভাইৰাছ তথা COVID-১৯ মহামাৰীৰ বিৰুদ্ধে । বৰ্তমানলৈকে উলিয়াব পৰা হোৱা নাই এই মহামাৰীৰ প্ৰতিষেধক । কিন্তু ইয়াৰ মাজতে এক সুখবৰৰ ইংগিত দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ।

দেওবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, এই বৰ্ষৰ শেষৰ ফালে লাভ কৰা যাব কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক । ইয়াৰ লগতে টাম্পে কয় যে, মাৰ্কিন যুক্তৰাষ্ট্ৰ চৰকাৰে সমস্ত শক্তি লগাই দিছে । "Remdesivir" এনে এটা ঔষধ যিটো কৰ'ণা ভাইৰাছৰ ফলত হোৱা ৰোগ আৰোগ্য কৰাৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত সহায়ক ফল দেখুৱাবলৈ সক্ষম হৈছিল ।

ট্ৰাম্পে দেওবাৰে নিশা আমেৰিকাৰ এখন সংবাদ মাধ্য়মৰ দ্বাৰা প্ৰযোজিত টেলিভিচন টাউন হলত এই মন্তব্য কৰিছিল । Covid-১৯ ৰ পৰা আক্ৰান্ত মুক্ত হোৱা নেব্ৰাস্কাৰৰ প্ৰত্যুত্তৰত টাম্পে এই বৰ্ষৰ শেষৰ ভাগত প্ৰতিষেধক লাভ কৰাৰ লগতে আমেৰিকা চৰকাৰে Remdesivir ৰ বাবে কঠিন পৰিশ্ৰম কৰি আছে বুলি উল্লেখ কৰিছিল ।

আমেৰিকাৰ সাৰ্বজনিক স্বাস্থ্য বিষয়াই কৈছিল প্ৰতিষেধক লাভ কৰিবলৈ ১ বছৰৰ পৰা ১৮ মাহ সময়ৰ প্ৰয়োজন হয় । এন্থনী ফোচীয়ে এপ্ৰিল মাহৰ অন্তত কৈছিল যে, যদি অতি শীঘ্ৰেই প্ৰতিষেধক তৈয়াৰ কৰা হয় তেন্তে জানুৱাৰীৰ লগে-লগে বিস্তৃত বিতৰণ কৰিব পৰা যাব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.