নিউজ ডেস্ক, 17 মাৰ্চ: কৰ’ণা ভাইৰাছৰ প্ৰতিষেধক তৈয়াৰত ব্যস্ত আমেৰিকা ৷ চিটেলৰ কাইছেৰ পাৰমেণ্টে ৱাছিংটন হেল্থ ৰিচাৰ্জ ইনষ্টিটিউটত চলাই থকা হৈছে প্ৰতিষেধক তৈয়াৰৰ পৰীক্ষণ ৷ সোমবাৰে প্ৰথমগৰাকী স্বেচ্ছাসেৱকৰ দেহত পৰীক্ষণ কৰা হয় প্ৰতিষেধকৰ ৷ আমেৰিকাৰ নেশ্যনেল ইনষ্টিটিউট অফ হেল্থ (NIH) সহযোগত চলোৱা হৈছে কৰ’ণা ভাইৰাছৰ প্ৰতিষেধকৰ পৰীক্ষণ ৷
স্বাস্থ্য সংস্থাটোৰ অধিকাৰীৰ মতে, যি কোনো এটা ভাইৰাছৰ প্ৰতিষেধক তৈয়াৰ কৰি তাক বৈধতা পূৰ্ণ গ্ৰহণ যোগ্যতাৰ বাবে অতি কমেও 12 ৰ পৰা 18 মাহৰ সময়ৰ প্ৰয়োজন বুলি উল্লেখ কৰে ৷ নেশ্যনেল ইনষ্টিটিউট অফ হেল্থ আৰু মৰ্ডান ইংক দ্বাৰা তৈয়াৰ কৰা প্ৰতিষেধকটোক পৰৱৰ্তী সময়ত 45 গৰাকী যুৱকৰ দেহত পৰীক্ষণ কৰা হ’ব ৷
শেহতীয়াকৈ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও প্ৰতিষেধক তৈয়াৰৰ ওপৰত অত্যাধিক জোৰ দিয়াৰ কথা উল্লেখ কৰি অতি শীঘ্ৰেই প্ৰতিষেধক লাভ কৰা হ’ব বুলি আশা প্ৰকাশ কৰিছিল ৷
চীনটো কৰ’ণা ভাইৰাছৰ প্ৰতিষেধক তৈয়াৰ কৰাক লৈ অহৰহ চেষ্টা চলাই থকা হৈছে ৷ HIV প্ৰতিষেধকৰ পৰা তৈয়াৰৰ কৰিব পৰা যায় নেকি তাৰো পৰীক্ষণ চলাই থকা হৈছে চীনত ৷ আনহাতে ইব’লা প্ৰতিষেধক ৰেমিডীবিৰ জৰিয়তেও কৰ’ণাৰ প্ৰতিষেধক উলিয়াব পাৰি তাৰো গৱেষণা চলাই গৈছে চিকিৎসা বিজ্ঞানীয়ে ৷
লগতে চাওক- ভাৰতত 114 লৈ বৃদ্ধি কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা