ETV Bharat / international

বেজছক চেৰ পেলাই বিশ্বৰ ধনী ব্যক্তিৰ শীৰ্ষত এলন মাস্ক

author img

By

Published : Jan 8, 2021, 7:38 PM IST

Updated : Jan 8, 2021, 9:40 PM IST

বিশ্বৰ আটাইতকৈ ধনী মানুহৰ তালিকাৰ শীৰ্ষত এটা সময়ত টেছলাক বিক্ৰী কৰিবলৈ উলোৱা স্পেছ এক্স আৰু টেছলাৰ চি ই অ' এলন মাস্ক ৷ আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজছক চেৰ পেলাই বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষত মাস্ক ৷ ব্লুমবাৰ্গ বিলিয়নেৰি ইনদেক্সৰ বিশ্বৰ 500 গৰাকী ধনী ব্যক্তিৰ তালিকাত শীৰ্ষ স্থান এলন মাস্কৰ ৷

বেজছক চেৰ পেলাই বিশ্বৰ ধনী ব্যক্তিৰ শীৰ্ষত এলন মাস্ক
বেজছক চেৰ পেলাই বিশ্বৰ ধনী ব্যক্তিৰ শীৰ্ষত এলন মাস্ক

নেচনেল ডেস্ক, 8 জানুৱাৰী: আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজছক অতিক্ৰম কৰি টেছলা আৰু স্পেচ এক্সৰ চি ই অ' এলন মাস্কে বিশ্বৰ আটাইটকৈ ধনী মানুহৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে ৷ ব্লুমবাৰ্গ বিলিয়নেৰি ইনদেক্সৰ বিশ্বৰ 500 গৰাকী ধনী ব্যক্তিৰ তালিকাত এটা সময়ত দুৰ্বল ফলাফলৰ বাবে টেছলাক বিক্ৰী কৰিবলৈ সিদ্ধান্ত লোৱা এলন মাস্ক বিশ্বৰ আটাইটকৈ ধনী মানুহ হিছাপে বিবেচিত হৈছে ৷

বৃহস্পতিবাৰে টেছলাৰ শ্বেয়াৰ মূল্যত 4.8 শতাংশ ৰেলীয়ে মাস্কক বেজছক অতিক্ৰম কৰাত সহায় কৰে ৷ 2017 চনৰ অক্টোবৰৰ পৰা শীৰ্ষত থকা বেজছতকৈ 1.5 বিলিয়ন বেছি অৰ্থাৎ মুঠ 188.5 বিলিয়ন মাৰ্কিন ডলাৰৰ সৈতে মাস্কে বেজছক অতিক্ৰম কৰে ৷ চলিত বৰ্ষটোতে মাস্কৰ মুঠ সম্পত্তি 150 বিলিয়ন ডলাৰতকৈ বেছি বৃদ্ধি পাইছে ৷ ব্লুমবাৰ্গ বিলিয়নেৰি ইনদেক্সৰ মতে বিগত বৰ্ষত বিশ্বৰ মুঠ 500 গৰাকী ধনী ব্যক্তিৰ মুঠ সম্পত্তি আছিল 1.8 ট্ৰিলিয়ন ৷

2020 বৰ্ষত টেছলাই মুঠ 499,550 খন বাহন ডেলিভাৰ কৰিবলৈ সক্ষম হৈছে ৷ টেছলাৰ এই সাফল্য সন্দৰ্ভত এক টুইট কৰি কয় যে আৰম্ভণিতে টেছলা জীয়াই থকাৰ মাত্ৰ 10 শতাংশহে আশা দেখাৰ পাছতো টেছলাই প্ৰদৰ্শন কৰা এই সাফল্যৰ বাবে তেওঁ টেছলা দলক লৈ যথেষ্ট গৌৰাম্বিত ৷ মাস্কে কয় যে 2020 বৰ্ষৰ 5,00,000 বিক্ৰীক চেৰ পেলাই পাছৰটো দশকত তেওঁ বছৰি 20 মিলিয়ন বিক্ৰীৰ আশা কৰিছে ৷

লগতে পঢ়ক:ভাৰতীয় মুলৰ ড৹ ৰাজ আয়াৰ আমেৰিকান সেনাৰ চিআইঅ’ নিযুক্ত

Last Updated : Jan 8, 2021, 9:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.