ETV Bharat / international

গ্ল'ৱেল COVID-19 ট্ৰেকাৰ

author img

By

Published : Mar 22, 2020, 12:24 PM IST

Updated : Mar 22, 2020, 1:56 PM IST

বিশ্বব্যাপী কৰ'ণা ভাইৰাছত আক্ৰান্ত 3,07,613 লোক ৷ আনহাতে, মৃত্যু 13,050 লোকৰ ৷

কৰ'ণা ভাইৰাছ
গ্ল'ৱেল COVID-19 ট্ৰেকাৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 22 মাৰ্চ : কৰ'ণা ভাইৰাছৰ ফলত বিশ্বজুৰি 3,07,613 গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 13,050 গৰাকী লোকৰ ৷ বৰ্তমানলৈকে 95,797 লোক আৰোগ্য হৈ উঠিছে ৷ ইয়াৰে অধিক সংখ্যক লোক চীনত আৰোগ্য হৈ উঠিছে ৷

কৰ'ণা ভাইৰাছ
আক্ৰান্ত আৰু আৰোগ্য লোকৰ সংখ্যা

চীনৰ য়ুহানত বিশ্বৰ প্ৰথমটো কৰ'ণা ভাইৰাছৰ ঘটনা পোহৰলৈ আহিছিল ৷ কিন্তু, যোৱা চাৰিদিন ধৰি চহৰখনত নতুন ঘটনা পোহৰলৈ অহা নাই ৷

দেশখনত যোৱা 24 ঘন্টাত 46 জন লোক নতুনকৈ আক্ৰান্ত হৈছে যদিও ইয়াৰে 45 জন লোকৰ বিদেশ ভ্ৰমণৰ ইতিবৃত্ত আছিল ৷ কিন্তু দেশতে থাকিও আক্ৰান্ত হোৱা লোকজনৰ তথ্য প্ৰদান কৰিবলৈ মান্তি নহ'ল দেশখনৰ স্বাস্থ্যমন্ত্ৰীয়ে ৷

কৰ'ণা ভাইৰাছ
বিভিন্ন দেশত আক্ৰান্ত হোৱা লোকৰ সংখ্য়া

বৰ্তমান চীনত আক্ৰান্তৰ সংখ্যা 81,054 গৰাকী হোৱাৰ লগতে মৃত্যু হৈছে 3,261 জনৰ ৷ ইয়াৰোপৰি, আৰোগ্য হৈছে 72,244 জন লোকৰ ৷

ইটালীৰ উত্তৰাঞ্চলৰ স্থানীয় কৰ্তৃপক্ষই দেশৰ চৰকাৰক কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে পূৰ্বতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাই আহিছে ৷

3 এপ্ৰিলৰ পৰা ইটালীত এই নতুন ব্যৱস্থা কাৰ্যকৰী কৰা হ'ব বুলি জানিব পৰা গৈছে ৷

আৰু পঢ়ক : যোৰহাট পুলিবৰৰ শিশুটি আক্ৰান্ত নহয় COVID-19 ত

Last Updated : Mar 22, 2020, 1:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.