গুৱাহাটী, ৬ জুন : শনিবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় । হাই মাদ্ৰাছাৰ পৰীক্ষাত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম বৰপেটা জিলাৰ ধাকুৱা হাই মাদ্ৰাছাৰ ইয়ামিন আলী। ইয়ামিন আলীয়ে লাভ কৰে সৰ্বমুঠ ৫৫৮ নম্বৰ । দ্বিতীয় স্থান লাভ কৰে কামৰূপ গ্ৰাম্যৰ এছ এ বি হাই মাদ্ৰাছাৰ আপছানা য়াছমিনে। আপছানাই লাভ কৰে সৰ্বমুঠ ৫৫২ নম্বৰ । হাই মাদ্ৰাছাৰ পৰীক্ষাত তৃতীয় স্থান দখল কৰে কোকৰাঝাৰ জিলাৰ নৱজ্যোতি হাই মাদ্ৰাছাৰ ৰছিদুল আলীয়ে ।
চলিত বর্ষৰ হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৯,৩৪৭ গৰাকী শিক্ষাৰ্থী । ইয়াৰে উত্তীৰ্ণ হয় ৫,৯৫১গৰাকী । উত্তীৰ্ণৰ হাৰ ৬৩.৬৭ শতাংশ । আনহাতে হাই মাদ্ৰাছা পৰীক্ষাত এই বৰ্ষত ৭১২ গৰাকীয়ে প্ৰথম বিভাগ, ২,৬৩৯ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ২,৬০০ গৰাকী পৰীক্ষাৰ্থীয়ে তৃতীয় বিভাগ দখল কৰিবলৈ সক্ষম হয় । হাই মাদ্ৰাছাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬৫.২৫ শতাংশ আৰু ইয়াৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬২.৬২ শতাংশ হয় ।