ETV Bharat / entertainment

FIR Against Elvish Yadav: বিদেশী যুৱতীৰে ৰেভ পাৰ্টি, সাপৰ বিষ যোগান, কেনেকৈ ধৰা পৰিল এলভিছ ? FIR ৰ সবিশেষ জানি লওক

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 1:39 PM IST

বিগ বছ অটিটি ২ বিজয়ী এলভিছ যাদৱৰ বিৰুদ্ধে নয়ডাত এফআইআৰ ৰুজু । এই সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এলভিছে ৷

noida police raided and recovered five cobras and poison from party case registered against youtuber elvish yadav
এলভিছ যাদৱৰ বিৰুদ্ধে নয়ডাত এফআইআৰ ৰুজু

চিটাৰা ডেস্ক, 3 নৱেম্বৰ: বিগ বছ বিজয়ী এলভিছ যাদৱৰ বিৰুদ্ধে নয়ডা আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে । আৰক্ষীয়ে ষ্টিং অপাৰেচন চলাই এলভিছ যাদৱকে ধৰি ছয়জন আৰু অচিনাকি লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । জানিব পৰা মতে এলভিছ যাদৱে নয়ডাত ৰেভ পাৰ্টিৰ আয়োজন কৰিছিল । য’ত উদ্ধাৰ হয় বিষাক্ত সাপকে ধৰি সাপৰ বিষ ৷

noida-police-noida police raided and recovered five cobras and poison from party case registered against youtuber elvish yadavraided-and-recovered-five-cobras-and-poison-from-party-case-registered-against-youtuber-elvish-yadav
এলভিছ যাদৱৰ বিৰুদ্ধে নয়ডাত এফআইআৰ ৰুজু

আচলতে গৌৰৱ গুপ্তা (পিপল ফৰ এনিমেল) নয়ডাৰ ছেক্টৰ ৪৯ থানাৰ পি এফ এ অৰ্গেনাইজেচনৰ এনিমেল ৱেলফেয়াৰৰ বিষয়া । তেওঁ থানাত এজাহাৰ দাখিল কৰে যে বিগ বছ অ’টিটি বিজয়ী এলভিছ যাদৱে নিজৰ গেং/ইউটিউবাৰৰ আন সদস্যৰ সৈতে নয়ডা আৰু এনচিআৰৰ ফাৰ্ম হাউচত ভিডিঅ’ শ্বুট কৰে আৰু অবৈধভাৱে ৰেভ পাৰ্টি কৰে । এই পাৰ্টিবোৰত সাপৰ বিষ আৰু জীয়া সাপ আদিও ব্যৱহাৰ কৰা হয় । ইয়াৰ উপৰিও বিদেশী ছোৱালীকো মাতি আনি সাপৰ বিষ আৰু মাদক দ্ৰব্য সেৱন কৰোৱা হয় ।

এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীক গোপন খবৰ দিয়া লোকজনে অৰ্থাৎ গুপ্তচৰে এই গোটেই বিষয়টোৰ সন্দৰ্ভত এলভিছ যাদৱৰ সৈতে যোগাযোগ কৰি নয়ডাত ৰেভ পাৰ্টিৰ আয়োজন কৰি সাপৰ বিষৰ ব্যৱস্থা কৰিবলৈ কয়, য’ত এলভিছ যাদৱে তেওঁৰ এজেণ্ট ৰাহুল (সৰবৰাহকাৰী)ৰ মোবাইল নম্বৰ দি কয় যে মোৰ নাম ব্যৱহাৰ কৰি ব্যক্তিজনৰ লগত কথা পাতক । গুপ্তচৰে এলভিছ যাদৱৰ নাম লওঁতে পাৰ্টিৰ ব্যৱস্থা কৰিবলৈ মান্তি হয় ৰাহুলে । ইয়াৰ পিচত সৰবৰাহকাৰীয়ে ক’লে যে আপুনি য’তেই ক’ব, মই মোৰ সংগীসকলৰ সৈতে সাপ লৈ আহিম ।

ইয়াৰ পিচত সৰবৰাহকাৰীক গুপ্তচৰে ক’লে ক’ত সাপ লৈ আহিব লাগে, য’ত সৰবৰাহকাৰীয়ে বৃহস্পতিবাৰে তেওঁৰ সহযোগীসকলৰ সৈতে ছেক্টৰ ৫১ৰ চেভ্ৰন বেংকেট হললৈ আহিবলৈ সন্মত হয় । এই তথ্য ডি এফ অ’ নয়ডাক দিয়া হৈছিল । সকলো সৰবৰাহকাৰী বেংকেট হললৈ অহাৰ লগে লগে গুপ্তচৰে সাপ চাবলৈ ইচ্ছা প্ৰকাশ কৰে, ইয়াৰ পিচত তেওঁলোকে সাপ দেখুৱাই । এই তথ্য নিশ্চিত হোৱাৰ লগে লগে ছেক্টৰ ৪৯ আৰক্ষী আৰু বন বিভাগৰ নয়ডা দলক মাতি অনা হয়, তাৰ পিচত আৰক্ষীৰ দল আৰু বন বিভাগৰ দলে তেওঁলোকৰ সামগ্ৰীসহ পাঁচজন লোকক আটক কৰে ।

এই সন্দৰ্ভত চেক্টৰ ৪৯ থানাৰ প্ৰভাৰী সন্দীপ চৌধুৰীয়ে কয় যে গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত আছে ৰাহুল, তিটুনাথ, জয়কৰণ, নাৰায়ণ আৰু ৰবিনাথ । অনুসন্ধানৰ সময়ত ৰাহুলৰ পৰা প্ৰায় ২০ মিলিলিটাৰ সাপৰ বিষ উদ্ধাৰ হয় । ইয়াৰ উপৰিও মুঠ ৯ টা সাপ, এটা অজগৰ, দুমুখীয়া সাপ আৰু এটা বামুণী সাপ উদ্ধাৰ কৰা হয় । জেৰাৰ সময়ত কোৱা হৈছিল যে তেওঁলোকে ৰেভ পাৰ্টিত এই সাপ আৰু বিষ ব্যৱহাৰ কৰে । এলভিছ যাদৱকে ধৰি সকলোৰে বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ ৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে ।

এলভিছ যাদৱৰ প্ৰতিক্ৰিয়া

এতিয়া এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এলভিছ যাদৱে ৷ ছ’চিয়েল মিডিয়াত ভিডিঅ’ শ্বেয়াৰ কৰি এলভিছে এই সকলোবোৰ অভিযোগ নাকচ কৰিছে ৷ এলভিছৰ মতে এই খবৰত অলপো সত্যসত্যতা নাই ৷ লগতে এলভিছে কয় যে তেওঁ আৰক্ষীৰ লগত সম্পূৰ্ণ সহযোগ কৰিব আৰু যদি তেওঁ এই গোচৰৰ সৈতে জড়িত বুলি আৰক্ষীয়ে প্ৰমাণ কৰিব পাৰে তেন্তে সকলো দোষ তেওঁ নিজৰ ওপৰত জাপি ল’ব ৷

লগতে পঢ়ক: Big Boss OTT 2 Winner : ১ কোটি টকাৰ ধন দাবী এলভিছক, গুজৰাটৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.