ETV Bharat / entertainment

প্ৰথমবাৰৰ বাবে দ্বৈত চৰিত্ৰত দেখা যাব মনোজ বাজপেয়ীক, চাওক কিলাৰ ছুপৰ ট্ৰেইলাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 5:13 PM IST

Killer Soup Trailer: মনোজ বাজপেয়ীৰ নতুন ৱেৱ ছিৰিজ ‘কিলাৰ ছুপ’ৰ ট্ৰেইলাৰ মুকলি ৷ কেতিয়া অটিটি’ত ষ্ট্ৰীমিং কৰা হ’ব এই ধাৰাবাহিকখন জানি লওক এই প্ৰতিবেদনত ৷

Manoj Bajpayees Killer Soup Official Trailer Out
কিলাৰ ছুপ’ৰ ট্ৰেইলাৰ মুকলি

চিটাৰা ডেস্ক, ৩ জানুৱাৰী: ভাৰতীয় চিনেমাৰ অন্যতম অভিজ্ঞ অভিনেতা হিচাপে গণ্য কৰা হয় মনোজ বাজপেয়ীক ৷ সেয়েহে, মনোজ বাজপেয়ীৰ ছবিৰ বাবে অপেক্ষা কৰি থাকে অনুৰাগীয়ে ৷ একে সময়তে মনোজে যে যিকোনো ভূমিকাত নিজকে ভালদৰে খাপ খুৱাব পাৰে, সেই কথা তেওঁ বহুবাৰ প্ৰমাণ কৰি আহিছে । এতিয়া আকৌ এবাৰ মনোজ বাজপেয়ীক চাবলৈ সাজু হওক ৷ কিয়নো অতি সোনকালে অভিনেতাগৰাকীক তেওঁৰ পৰৱৰ্তী থ্ৰিলাৰ ছিৰিজ ‘কিলাৰ ছুপ’ত দেখা যাব ।

  • " class="align-text-top noRightClick twitterSection" data="">

‘কিলাৰ ছুপ’ৰ কাহিনী

মনোজ বাজপেয়ীয়ে ইতিমধ্যে তেওঁৰ ছুপাৰহিট ধাৰাবাহিক ‘দ্য ফেমিলি মেন’ৰ জৰিয়তে প্ৰমাণ কৰিছে যে অটিটিৰ বাবে তেওঁ পাৰফেক্ট অভিনেতা । এতিয়া অভিনেতাগৰাকীৰ ৱেব ছিৰিজ ‘কিলাৰ ছুপ’ৰ আভাসে দৰ্শকৰ কৌতুহল আৰু অধিক বৃদ্ধি কৰিছে ।

এই থ্ৰিলাৰ ৰহস্যৰ এক জোৰদাৰ ট্ৰেইলাৰো ইতিমধ্যে মুকলি কৰিছে নিৰ্মাতাই । ট্ৰেইলাৰটোত মনোজক দ্বৈত চৰিত্ৰত দেখা গৈছে, আমোদজনক কথাটো হ’ল- তেওঁৰ দুয়োটা চৰিত্ৰই নিজৰ মাজতে অতি আকৰ্ষণীয় আৰু ৰহস্যজনক ।

‘কিলাৰ ছুপ’ৰ ট্ৰেইলাৰ কেনেকুৱা ?

‘কিলাৰ ছুপ’ত মনোজৰ সৈতে মুখ্য চৰিত্ৰত দেখা গৈছে কংকনা সেনক । উল্লেখ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে অভিনেতাগৰাকীক পৰ্দাত ডাবল ৰ’লত দেখা যাব । ট্ৰেইলাৰটোত দেখা পোৱা অনুসৰি ক’ব পাৰি যে অভিনেতাগৰাকী হত্যাৰ অভিযোগত জড়িত হৈ পৰে । ট্ৰেইলাৰটো চালে স্পষ্ট হৈ পৰে যে হত্যাকাৰীজন হয়তো মনোজ বাজপেয়ী, নহ’লে তেওঁৰ পত্নী । বাৰু, হত্যাকাৰী যিয়েই নহওক কিয়, এই ছিৰিজখনে নিশ্চিতভাৱে দৰ্শকৰ কৌতুহল বৃদ্ধি কৰিব ।

নেটফ্লিক্সত সম্প্ৰচাৰ হ’ব এই ধাৰাবাহিকখন

অভিষেক চৌবেৰ পৰিচালনাত নিৰ্মিত ধাৰাবাহিক ‘কিলাৰ ছুপ’ এক ডাৰ্ক কমেডী থ্ৰিলাৰ মিষ্ট্ৰী । হিন্দীৰ উপৰিও তামিল, তেলুগু আৰু কানাড়া ভাষাতো মুক্তি পাব । এই ধাৰাবাহিকখন ১১ জানুৱাৰীৰ পৰা ডিজিটেল প্লেটফৰ্ম নেটফ্লিক্সত ষ্ট্ৰীমিং কৰা হ’ব ।

লগতে পঢ়ক: গুৰু ৰন্ধাৱাৰ সৈতে সম্পৰ্কত আছে নেকি শ্বেহনাজ গিল ? অভিনেত্ৰীগৰাকীৰ পোষ্টৰ পৰা অনুৰাগীয়ে পালে ইংগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.