চিটাৰা ডেস্ক, 24 ডিচেম্বৰ : 2022 বৰ্ষটো শেষ হ’বলৈ আৰু মাথো কেইটামান দিন বাকী । বছৰটো বিভিন্ন ক্ষেত্ৰত বহুতৰ বাবে উত্থান-পতনৰ মাজেৰে পাৰ হ’ল । মনোৰঞ্জন জগত খনলৈ যদি আমি মন কৰো আমি এই বছৰটোত বহু মহান শিল্পী হেৰুৱালো, বহু অভিনেতা-অভিনেত্ৰীয়ে যুগ্ম জীৱনৰ পাতনি মেলিলে, বহু দম্পতীৰ জীৱনলৈ আগমণ ঘটিল সন্তানৰ, বহুতে আকৌ বৈবাহিক জীৱনৰ সমাপ্ত কৰি আঁতৰি থকাৰো সিদ্ধান্ত ল’লে ৷
আমি এই বিশেষ লেখাটোত আগবঢ়াইছো 2022 বৰ্ষটোত পিতৃ-মাতৃৰ দায়িত্ব লাভ কৰা অভিনয় জগতৰ তাৰকাসকলৰ বিষয়ে (celebs became parents in 2022) ৷ আলিয়া-ৰণবীৰৰ পৰা আৰম্ভ কৰি হৰ্ষ-ভাৰতী সকলোৰে ওপৰত এবাৰ চকু ফুৰাওঁ আহক-
প্ৰিয়ংকা চোপ্ৰা-জোনাছ-নিক জোনাছ : 2022 চনৰ 22 জানুৱাৰীত surrogacy ৰ জৰিয়তে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু তেওঁৰ স্বামী নিক জোনাছৰ জীৱনলৈ আগমণ ঘটে এগৰাকী কন্যা সন্তানৰ । নিক আৰু প্ৰিয়ংকাই তেওঁলোকৰ কন্যা সন্তানৰ নাম মালতী মেৰী চোপ্ৰা ৰাখে । ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি প্ৰিয়ংকাই অনুৰাগীসকলক এই সুখবৰৰ বিষয়ে অৱগত কৰিছিল ।
সোনম কাপুৰ-আনন্দ আহুজা : বলীউডৰ অভিনেত্ৰী সোনম কাপুৰ আহুজা আৰু তেওঁৰ ব্যৱসায়ী স্বামী আনন্দ আহুজা দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কত আছিল ৷ 20 আগষ্টত সোনমে এটি পুত্ৰ সন্তানৰ জন্ম দিয়ে । সোনম আৰু আনন্দই পুত্ৰৰ নাম ৰাখিছে বায়ু । সোনম আৰু আনন্দ 2018 চনৰ মে’ মাহত বিবাহপাশত আবদ্ধ হয় । দিল্লী 6 ৰ অভিনেত্ৰী গৰাকীয়ে 2022 চনৰ মাৰ্চ মাহত গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল ।
কাজল আগৰৱাল-গৌতম কিটচলু : অভিনেত্ৰী কাজল আগৰৱাল আৰু তেওঁৰ উদ্যোগী স্বামী গৌতম কিটচলুৰ জীৱনলৈ 2022 চনৰ 19 এপ্ৰিলত এটি পুত্ৰ সন্তানৰ আগমণ ঘটে । 2022 চনত কাজলে গৌতমৰ সৈতে বিবাহপাশত আবদ্ধ হয় । দুয়োজনে নিজৰ সন্তানৰ নাম ৰাখিছে নীল ।
নয়নতাৰা-ৱিগনেশ্ব শিৱান : 2022 চনৰ 9 অক্টোবৰত চলচ্চিত্ৰ নিৰ্মাতা ৱিগনেশ্ব শিৱান আৰু তেওঁৰ পত্নী তথা দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী নয়নতাৰাই যমজ সন্তানক আদৰণি জনাই ৷ দুয়োজনেই surrogacyৰ জৰিয়তে যমজ সন্তানক আদৰণি জনায় ৷ এই দম্পতীহালে সন্তানৰ নাম ৰাখিছে উলাগম আৰু উয়িৰ ।
বিপাশা বসু-কৰণ সিং গ্ৰোভাৰ : 2022 চনৰ 12 নৱেম্বৰত বলীউডৰ অভিনেত্ৰী বিপাশা বসু আৰু অভিনেতা কৰণ সিং গ্ৰোভাৰে প্ৰথমটি সন্তানক আদৰণি জনায় । 2016 চনত বিবাহপাশত আবদ্ধ হোৱা এই দম্পতীয়ে আগষ্ট মাহত অনুৰাগীৰে গৰ্ভধাৰণৰ খবৰ শ্বেয়াৰ কৰিছিল । তেওঁলোকে কন্যাৰ নাম ৰাখিছে দেৱী ।
ৰণবীৰ কাপুৰ-আলিয়া ভাট : চলিত বছৰতেই বিয়া পাতি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থকা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে গৰ্ভধাৰণৰ কথা শ্বেয়াৰ কৰি সকলোকে আচৰিত কৰি তুলিছিল ৷ 2022 চনৰ 6 নৱেম্বৰত কন্যা সন্তান ৰাহাৰ জন্ম হয় । 14 এপ্ৰিলত বিয়াত বহা আলিয়াই জুন মাহত গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল ।
মনোজ তিৱাৰী-সুৰভি : গায়ক অভিনেতা তথা ৰাজনীতিবিদ মনোজ তিৱাৰী আৰু তেওঁৰ পত্নী সুৰভিয়ে 12 ডিচেম্বৰত এটি কন্যা সন্তানক আদৰণি জনায় । তিৱাৰীয়ে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এই খবৰটো শ্বেয়াৰ কৰি লক্ষ্মী ঘৰলৈ অহাৰ বিষয়ে অৱগত কৰে । হাস্পতালৰ পৰা পত্নীৰ সৈতে চেলফি তুলি বন্ধু-বান্ধৱী আৰু অনুগামীৰ সৈতে সুখ ভাগ-বতৰা কৰে তেওঁ ।
হেজেল কীচ-যুৱৰাজ সিং : ক্ৰিকেটাৰ যুৱৰাজ সিং আৰু অভিনেত্ৰী হেজেল কীচ বিবাহৰ পাঁচ বছৰৰ পিছত এটি পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হয় । চলিত বৰ্ষৰ 25 জানুৱাৰীত হেজেল সিঙে এটি পুত্ৰ সন্তান জন্ম দিয়ে । অলপতে তেওঁলোকে সন্তানৰ নাম মুকলি কৰিছে অৰিয়ান কীচ সিং বুলি ।
ভাৰতী সিং-হৰ্ষ লিম্বাচিয়া : চলিত বৰ্ষৰ এপ্ৰিল মাহত কমেডিয়ান ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াই পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অনুভৱ কৰিছিল । 2017 চনত টেলিভিছনৰ কমেডী শ্ব’ৰ চেটত লগ পোৱাৰ পিছত এওঁলোকৰ মাজত প্ৰেম আৰম্ভ হয় আৰু দুয়ো বিবাহপাশত আবদ্ধ হয় । 11 জুনত দুয়োৱে আনুষ্ঠানিকভাৱে নিজৰ পুত্ৰৰ নাম ঘোষণা কৰে । অৱশ্যে ঘৰত মৰমতে গোলা বুলি মাতে ।
হৰমন বাৱেজা-ছাশা ৰামচন্দনী : 2022 চনৰ 23 ডিচেম্বৰত বলীউডৰ অভিনেতা হৰমন বাৱেজা আৰু তেওঁৰ পত্নী তথা সৌন্দৰ্য্য-স্বাস্থ্য বিশেষজ্ঞ ছাশা ৰামচন্দনীৰ জীৱনলৈ আগমণ ঘটে এটি দেৱশিশুৰ ৷ বিয়াৰ প্ৰায় এবছৰ পিছত ছাশাই এটি পুত্ৰ সন্তান জন্ম দিছে ।
লগতে পঢ়ক : তছলিমা নাছৰিনে উপহাস কৰা টুইটৰ উত্তৰ দিলে অভিষেক বচ্চনে