ETV Bharat / entertainment

Kajol Movies: কাজলৰ সৈতে এই ছবিখনত কাম কৰাটো শ্বাহৰুখ খানৰ বাবে আছিল যন্ত্ৰণাদায়ক!

author img

By

Published : Aug 5, 2023, 7:11 PM IST

অভিনেত্ৰী কাজোলে ৫ আগষ্টত ৪৯ সংখ্যক জন্মদিন উদযাপন কৰিছে । আহকচোন অভিনেত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে, আহকচোন তেওঁৰ এখন ছবিৰ কাহিনী, য'ত শ্বাহৰুখ খানৰ সৈতে দুৰ্ঘটনা সংঘটিত হৈছিল ।

Kajol Movies
কাজলৰ সৈতে এই ছবিখনত কাম কৰাটো শ্বাহৰুখ খানৰ বাবে আছিল যন্ত্ৰণাদায়ক!

চিটাৰা ডেস্ক, 5 আগষ্ট: আজি কাজলৰ 49 সংখ্যক জন্মদিন ৷ বলীউডত নিজৰ সুন্দৰ অভিনয়েৰে আধিপত্য বিস্তাৰ কৰা কাজলে সদায় নিজৰ অভিনেৰে অনুৰাগীৰ হৃদয়ত নিজৰ এক সুকীয়া স্থান ল’বলৈ সক্ষম হৈছে ৷

বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু কাজলে একেলগে বহু ৰোমান্টিক ছবিত কাম কৰি আহিছে । দৰ্শকে শ্বাহৰুখ আৰু কাজোলৰ যুটিক সদায় মৰমেৰে আদৰি লৈছে, সেয়া লাগিলে বাজিগৰ, কুচ কুচ হোতা হ্যে, কভি খুচি কভি গম বা মাই নেম ইজ খানতে হওক ৷ দুয়োৰে যুটিয়ে ছবি অনুৰাগীক মোহিত কৰে, কিন্তু আপুনি জানেনে যে, কাজল আৰু শ্বাহৰুখ খানৰ আইকনিক ছবি দিলৱালে দুলহনিয়া লে জায়েংগে ছবিখনৰ অভিনেত্ৰী কাজলৰ সৈতে শ্বাহৰুখে ৰোমাঞ্চ কৰাটো শ্বাহৰুখৰ বাবে ছবি অতি অসুবিধাজনক হৈ পৰিছিল ।

হয়...দিলৱালে দুলহনীয়া লে জায়েংগেত এক দৃশ্য হয়তো আপুনি নিশ্চয় দেখিছে....য'ত শ্বাহৰুখ খানে কাজলক কান্ধত তুলি ল'বলগা হৈছিল, আৰু সেয়াই শ্বাহৰুখৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছিল ৷ ইয়াৰ ফলত শ্বাহৰুখে কি অসুবিধাৰ সন্মূখীন হ‘বলগীয়া হৈছিল জানো আহক...৷

শ্বাহৰুখ খানে বহু দিন যন্ত্ৰণা ভোগ কৰিছিল!

কাজলে তেওঁৰ সাক্ষাৎকাৰত কৈছিল যে, তেওঁ (শ্বাহৰুখ) মোক কান্ধত তুলি লৈছিল সঁচাকৈয়ে । শ্বুটিংটোও সহজেই সম্পূৰ্ণ হ’ল যদিও পিছত তেওঁৰ কান্ধ দুটা নিথৰ হৈ পৰিল । শ্বাহৰুখ খানে শ্বুটিঙৰ সময়ত কাকো অনুভৱ কৰিবলৈ নিদিলে যে তেওঁ (কাজল) গধুৰ আৰু আৰু তেওঁ নিজৰ কাম সম্পূৰ্ণ কৰিলে । কাজলে সাক্ষাৎকাৰটোত কৈছিল যে, কান্ধত উঠোৱা দৃশ্যটোৰ শ্বুটিং কৰাৰ পিছত শ্বাহৰুখ খানৰ কেইবাদিনো কান্ধৰ বিষ হৈছিল...!

যেতিয়া শ্বাহৰুখে কাজলক কান্ধত তুলি লৈছিল!

দিলৱালে দুলহনিয়া লে জায়েংগেৰ এই কাহিনীটো অভিনেত্ৰী কাজোলে নিজেই এক সাক্ষাৎকাৰত শ্বেয়াৰ কৰিছিল । এটা দৃশ্যত শ্বাহৰুখ খানে কান্ধত তুলি ল’বলগীয়া হোৱা বুলি অভিনেত্ৰীগৰাকীয়ে কৈছিল যদিও তেওঁৰ মনটো বৰ বেয়া লাগিছিল । কাজলে কয় যে, তেওঁ বাৰে বাৰে শ্বাহৰুখ খানক সুধিছিল যে তেওঁক(কাজল) কান্ধত তুলি ল’ব পাৰিব নে নাই, কাৰণ শ্বাহৰুখৰ বাবে তেওঁৰ বৰ বেয়া লাগিছিল ।

লগতে পঢ়ক: Stomach Pain during Pregnancy: গৰ্ভাৱস্থাৰ ৭ মাহত পেটৰ বিষ হৈছে নেকি ? বিষৰ কাৰণ তথা সমাধান চিকিৎসকৰ পৰা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.