ETV Bharat / entertainment

চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল কাজলৰ মাতৃ তনুজা

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 2:05 PM IST

Updated : Dec 19, 2023, 3:33 PM IST

Tanuja Dishcharged From Hospital: বলীউডৰ প্ৰবীণ অভিনেত্ৰী তথা কাজলৰ মাতৃ তনুজাৰ স্বাস্থ্যৰ অৱস্থা এতিয়া বহুখিনি উন্নত হৈছে ৷ সেয়েহে, তেওঁক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে ।

Veteran actress Kajols mother Tanuja discharged from hospital
চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হ’ল তনুজাক

চিটাৰা ডেস্ক, ১৯ ডিচেম্বৰ: শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী কাজলৰ মাতৃ তথা প্ৰবীণ অভিনেত্ৰী তনুজাৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল । ইয়াৰ পিচতে মুম্বাইৰ জুহুৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, য’ত তেওঁক আই চি ইউত ৰখা হৈছিল । তেতিয়াৰ পৰাই অভিনেত্ৰীগৰাকীৰ সকলো অনুৰাগীয়ে তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰি আহিছে । এনে পৰিস্থিতিত তনুজাৰ স্বাস্থ্য সন্দৰ্ভত এটা ডাঙৰ আপডেট আহিছে । আচলতে তনুজাৰ স্বাস্থ্য এতিয়া উন্নত হৈছে আৰু তেওঁক হাস্পতালৰ পৰা ৰিলিজ দিয়া হৈছে ।

চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হ’ল তনুজাক

পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, এক সূত্ৰৰ উদ্ধৃতিৰে কোৱা হৈছে যে, "যোৱা নিশাই তেওঁৰ সকলো স্বাস্থ্যৰ পৰিমাপ স্বাভাৱিক হোৱাৰ বাবে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল ।" উল্লেখ্য যে, প্ৰবীণ অভিনেত্ৰীগৰাকীক বাৰ্ধক্যজনিত ৰোগৰ বাবে মুম্বাইৰ জুহু হাস্পতালৰ আই চি ইউ ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল ।

তনুজাই বহু হিন্দী আৰু বাংলা ছবিত কাম কৰিছে

উল্লেখ্য যে, ষাঠি-৭০ৰ দশকৰ জনপ্ৰিয় অভিনেত্ৰী তনুজাই বহাৰে ফিৰ ভি আয়েংগী, মেৰে জীৱন সাথী, জিনে কি ৰাহ, দয়া নেয়া, তিন ভুবনাৰ, পাৰে আৰু “প্ৰথম কদম ফুল”ৰ দৰে বহু ছবিত কাম কৰিছিল । ১৯৫০ চনৰ "হামাৰী বেটি" ছবিৰ জৰিয়তে তেওঁ শিশু শিল্পী হিচাপে অভিনয় জীৱন আৰম্ভ কৰিছিল । তেওঁৰ জ্যেষ্ঠ ভগ্নী নুতনেও এই ছবিখনৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । এই ছবিখন আছিল তেওঁৰ মাতৃ তথা প্ৰবীণ অভিনেত্ৰী শোভানা সমৰ্থৰ পৰিচালনাত নিৰ্মিত প্ৰথমখন ছবি ।

উল্লেখ্য যে, সৰু পৰ্দাতো কাম কৰিছে তনুজাই । টিভি শ্ব’ "আৰম্ভ" আৰু "জুনুন"ত দেখা গৈছিল তনুজাক । তনুজাক শেষবাৰৰ বাবে প্ৰাইম ভিডিঅ’ৰ ২০২২ চনৰ সংকলন "মডাৰ্ণ লাভ: মুম্বাই"ত দেখা গৈছিল ।

তনুজা কাজল আৰু তনিষাৰ মাতৃ

বলীউডৰ প্ৰতিভাৱান অভিনেত্ৰী কাজল আৰু তনিষা মুখাৰ্জীৰ মাতৃ তনুজা । কাজলে নিজৰ বলিষ্ঠ অভিনয়েৰে হিন্দী চিনেমাত স্থান দখল কৰাৰ বিপৰীতে তেওঁৰ ভগ্নী তনিষাই এতিয়াও স্বীকৃতিৰ বাবে সংগ্ৰাম কৰি আছে ।

লগতে পঢ়ক: আই চি ইউত ভৰ্তি কাজলৰ মাতৃ, এতিয়া কেনে আছে তনুজা ?

Last Updated : Dec 19, 2023, 3:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.