চিটাৰা ডেস্ক, 5 এপ্ৰিল: আজি মুক্তি লাভ কৰিলে দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন তথা ৰশ্মিকা মাণ্ডন্নাৰ অভিনীত ছবি পুষ্পা - দ্য ৰুলৰ পাৰ্ট 2 ৰ টিজাৰ (Pushpa 2 teaser Released) ৷ ছবিখন পৰিচালনা কৰিছে সুকুমাৰে । সুকুমাৰ ৰাইটিংছৰ সহযোগত মিথ্ৰী মুভি মেকাৰছৰ নবীন য়েৰনেনী আৰু ৱাই ৰবি শংকৰে প্ৰযোজনা কৰা এই ছবিখনত অভিনয় কৰিছে আল্লু অৰ্জুন, ফাহাধ ফাচিল, ৰশ্মিকা মান্দানা, ধনঞ্জয়, ৰাও ৰমেশ, সুনীল, অনাসুয়া ভৰদ্বাজ আৰু অজয় ঘোষে ।
ছবিখনৰ সংগীত ৰচনা কৰিছে দেৱী শ্ৰী প্ৰসাদে, চিনেমাট’গ্ৰাফী আৰু সম্পাদনা কৰিছে ক্ৰমে মিৰোছলাভ কুবা ব্ৰ’জেক আৰু কাৰ্তিক শ্ৰীনিবাসে (allu arjun 41st birthday)। ছবিখনৰ মুখ্য অভিনেতা আল্লু অৰ্জুনৰ জন্মদিনৰ এদিন পূৰ্বে অনুৰাগীলৈ প্ৰদান কৰা হৈছে এই উপহাৰ (Pushpa The Rule teaser) ৷
- " class="align-text-top noRightClick twitterSection" data="">
উল্লেখ্য যে, দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মান্দানাৰ ২৭ সংখ্যক জন্মদিনত ‘পুষ্পা - দ্য ৰুল’ ছবিখনৰ সৰু আভাস শ্বেয়াৰ কৰিছিল ছবি নিৰ্মাতাসকলে (Pushpa The Rule) । ইনষ্টাগ্ৰাম একাউন্টত মিথ্ৰি ছবি নিৰ্মাতাই শ্বেয়াৰ কৰিছিল পুষ্পা ২ৰ টিজাৰ । টিজাৰ ভিডিঅ’টোত দেখুওৱা হৈছিল সংঘৰ্ষ হোৱাৰ দৃশ্য ৷ লগতে ভিডিঅ’টোত পুষ্পা ক’ত আছে ? বুলি প্ৰশ্ন কৰা হৈছিল ৷ অৰ্থাৎ পুষ্পা ক’ৰবাত লুকাই আছিল আৰু আৰক্ষীয়ে পুষ্পাক বিচাৰি হাহাকাৰ কৰিছিল । ৰশ্মিকাৰ জন্মদিন উপলক্ষে নিৰ্মাতাই মুকলি কৰিছিল ছবিখনত ৰশ্মিকা মান্দানাৰ ফাৰ্ষ্ট লুক (Pushpa 2 teaser out now)৷
উল্লেখ্য যে, ২০২১ চনত মুক্তি লাভ কৰিছিল পুষ্পা - দ্য ৰাইজ ছবিখন ৷ এই ছবিখন মুক্তিৰ পিছতে বিশ্বজুৰি এক আলোড়নৰ সৃষ্টি কৰিছিল ৷ লগতে ছবিখনৰ প্ৰত্যেকটা গীতে দৰ্শকৰ মাজত ব্যাপক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল ৷ পুষ্পা ছবিখন ১৭০ৰ পৰা ২৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈছিল বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত ছবিখনে বক্স অফিচ প্ৰায় ৩৫০ ৰ পৰা ৩৭৩ কোটি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ সেয়াহে ছবিখনৰ দ্বিতীয় খণ্ডৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে দৰ্শক (Pushpa sequel teaser) ।
লগতে পঢ়ক: Pushpa The Rule TEASER: ৰশ্মিকা মান্দানাৰ জন্মদিনত অনুৰাগীলৈ পুষ্পা 2 ৰ ডাঙৰ উপহাৰ