ETV Bharat / entertainment

Man Kasturi Re: তেজস্বী প্ৰকাশৰ প্ৰথমখন মাৰাঠী ছবি

author img

By

Published : Aug 8, 2022, 1:31 PM IST

তেজস্বী প্ৰকাশে ছ’চিয়েল মিডিয়াত নিজৰ প্ৰথম ছবিখনৰ পোষ্টাৰ শ্বেয়াৰ কৰিছে ৷ ‘মন কস্তুৰী ৰে’ শীৰ্ষক এইখন এখন মাৰাঠী ছবি । Snaket Mane ই পৰিচালনা কৰা ছবিখনৰ জৰিয়তে ডাঙৰ পৰ্দাত অভিষেক ঘটাব তেজস্বীয়ে ৷ জানো আহকচোন কোনজন অভিনেতাৰ বিপৰীতে স্ক্ৰীণ শ্বেয়াৰ কৰিব তেজস্বীয়ে-

Tejasswi Prakash
তেজস্বী প্ৰকাশৰ প্ৰথমখন মাৰাঠী ছবি

চিটাৰা ডেস্ক, 8 আগষ্ট : তেজস্বী প্ৰকাশে বৰ্তমান অভিনয় জীৱনৰ সফলতা সমূহ সুন্দৰকৈ উপভোগ কৰি আছে । টেলিভিছন শ্ব’ত অভিনয় কৰি লাখ লাখ অনুৰাগীৰ হৃদয় জয় কৰা বিগবছ 15 বিজয়ীগৰাকীয়ে এতিয়া চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে । ৰূপালী পৰ্দাৰ দৰ্শককো মোহিত কৰিব পাৰিব বুলি আশাবাদী তেজস্বী ৷

সোমবাৰে তেজস্বীয়ে ছ’চিয়েল মিডিয়াত নিজৰ আত্মপ্ৰকাশ কৰিবলৈ ওলোৱা ছবিখনৰ পোষ্টাৰ শ্বেয়াৰ কৰে ৷ এখন মাৰাঠী ছবিৰে ডাঙৰ পৰ্দাত খোজ দিব তেজস্বীয়ে ৷ ছবিখনত তেজস্বীক মাৰাঠী আইকন প্ৰয়াত লক্ষ্মীকান্ত বেৰ্ডেৰ পুত্ৰ অভিনয় এল বেৰ্ডেৰ সৈতে দেখিবলৈ পোৱা যাব ৷

মন কস্তুৰী ৰেৰ নেতৃত্বত আছে স্নেকেট মানে যিয়ে ইয়াৰ পূৰ্বে Khari Biscuit (2019) আৰু Pari Hoon Main (2018) আদি ছবি পৰিচালনা কৰিছিল । ছবিখনত তেজস্বীয়ে শ্ৰুতি নামৰ এগৰাকী কণমানি ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছে ৷ ছবিখনত এটা প্ৰেম কাহিনী তুলি ধৰা হৈছে । মুম্বাইত নিৰ্মিত এই ছবিখনক নতুন যুগৰ ৰোমান্টিক নাটক হিচাপে গণ্য কৰা হৈছে । ৪ নৱেম্বৰত ছবিগৃহত মুক্তি পাব ছবিখনে ।

মন কস্তুৰী ৰেৰ পিছত তেজস্বীৰ হাতত আৰু এখন মাৰাঠী ছবি আছে । বিহান সূৰ্যবংশীৰ পৰিচালনাত আৰু ৰোহিত শেট্টীৰ সহযোগিতাত School College Ani Life ত অভিনেত্ৰীগৰাকীক দেখিবলৈ পোৱা যাব । ছবিখনত কৰণ কিশোৰ পৰাবৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰিব তেজস্বীয়ে ।

লগতে পঢ়ক : New Assamese short film: মুক্তি পালে নতুন অসমীয়া চুটি ছবি ‘ প্ৰেমৰ ঢৌ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.