ETV Bharat / entertainment

Gautami Tadimalla quits BJP: গুৰুতৰ অভিযোগ উত্থাপন কৰি বিজেপি ত্যাগ কৰিলে অভিনেত্ৰী গৌতমীয়ে

বিজেপি ত্যাগ কৰিছে তামিল অভিনেত্ৰী গৌতমী তাদিমাল্লাই । এই সন্দৰ্ভত তেওঁ এক বিবৃতিও প্ৰকাশ কৰিছে । সবিশেষ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 3:59 PM IST

Tamil Nadu: Actor-politician Gautami Tadimalla quits BJP
ভাৰতীয় জনতা পাৰ্টি ত্যাগ তামিল অভিনেত্ৰী গৌতমী তাদিমাল্লাৰ

চিটাৰা ডেস্ক, 23 অক্টোবৰ: সোমবাৰে বিজেপি ত্যাগ কৰিলে তামিল অভিনেত্ৰী গৌতমী তাদিমাল্লাই । ২৫ বছৰ ধৰি দলটোৰ সৈতে জড়িত হৈ আছিল অভিনেত্ৰীগৰাকী । ছ’চিয়েল মিডিয়াত এটা পোষ্টযোগে এই কথা ঘোষণা কৰে গৌতমীয়েও । ছ’চিয়েল মিডিয়াৰ পদত্যাগৰ পোষ্টটোত তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু দলৰ তামিলনাডু ইউনিটৰ মুৰব্বী কে. অন্নমলাইক টেগ কৰিছে ।

  • Tamil Nadu | Actress and BJP leader Gautami Tadimalla resigns from BJP.

    "...Today I stand at an unimaginable crisis point in my life and find that not only do I not have any support from the Party and leaders, but it has also come to my knowledge that several amongst them have… pic.twitter.com/gOYGw6bef0

    — ANI (@ANI) October 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

গৌতমী তাদিমাল্লা কোন ?

গৌতমী তাদিমাল্লাই হিন্দী, কানাড়া, তামিল, মালয়ালম আৰু তেলুগু ছবিত কাম কৰি আহিছে । গৌতমী ১৯৮৭ চনৰ পৰা ১৯৯৮ চনলৈ দক্ষিণ ভাৰতৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী আছিল । ১৯৯৮ চনত গৌতমীয়ে ব্যৱসায়ী সন্দীপ ভাটিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয় । ১৯৯৯ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় । তেওঁলোকৰ এগৰাকী কন্যা সন্তান আছে, কন্যা সন্তানটিৰ জন্ম হৈছিল ১৯৯৯ চনত । ইফালে ২০০৪ চনৰ পৰা ২০১৬ চনলৈকে অভিনেতা কমল হাছানৰ সৈতে গৌতমীৰ সম্পৰ্কৰ খবৰ পোৱা গৈছিল ।

টিকটৰ সন্দৰ্ভত কি ক’লে অভিনেত্ৰীগৰাকীয়ে ?

নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’(পূৰ্বৰ টুইটাৰ) একাউণ্টত শ্বেয়াৰ কৰা বিবৃতিত গৌতমীয়ে কয়,‘‘তামিলনাডুত ২০২১ চনৰ বিধানসভা নিৰ্বাচনত টিকট দিয়াৰ আশ্বাস দলটোৱে শেষ মুহূৰ্তত বাতিল কৰে । তথাপিও মই বিজেপিৰ প্ৰতি দায়বদ্ধ হৈ থাকিলো । কিন্তু এতিয়া গধুৰ হৃদয় আৰু হতাশাৰে বিজেপিৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছো ।’’

গৌতমী তাদিমাল্লাই কয় যে ২০২১ চনৰ নিৰ্বাচনৰ সময়ত তেওঁক ৰাজপলায়মৰ উন্নয়নৰ দায়িত্ব দিয়া হৈছিল । তাৰ পৰাই অভিনেত্ৰীগৰাকী আত্মবিশ্বাসী হৈ পৰিছিল তেওঁক টিকট দিয়া হ’ব, যাৰ বাবে তেওঁ নিজকে তৃণমূল পৰ্যায়ত দলটোক শক্তিশালী কৰাৰ বাবে উৎসৰ্গা কৰিছিল । অৱশ্যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ এই আশ্বাস শেষ মুহূৰ্তত বাতিল কৰে দলটোৱে ।

গৌতমীয়ে লগতে অভিযোগ কৰি কয়,‘‘এজন ব্যক্তিয়ে মোৰ ধন, সম্পত্তি আৰু নথি-পত্ৰৰ প্ৰৱঞ্চনা কৰিছে । কিন্তু এই সন্দৰ্ভত বিজেপি আৰু নেতাৰ পৰা মই কোনো সমৰ্থন পোৱা নাই ৷ আনকি তেওঁলোকৰ বহুতেই মোৰ জীৱনৰ উপাৰ্জনৰ প্ৰতাৰণা কৰা একেজন ব্যক্তিকে সক্ৰিয়ভাৱে সহায় আৰু সমৰ্থন কৰি আছে ।’’

তেওঁ লগতে কয় যে ন্যায় হ’ব বুলি মুখ্যমন্ত্ৰী এম কে ষ্টালিন আৰু ন্যায়িক ব্যৱস্থাৰ ওপৰত আশা আছে । ইফালে তেওঁ কয় যে এজাহাৰ দাখিল কৰাৰ পাচতো অভিযুক্তজন যোৱা ৪০ দিন ধৰি পলাতক হৈ আছে । তেওঁ কয় যে তেওঁ পদত্যাগ পত্ৰখন অতি বেদনা আৰু দুখত লিখিছে ।

লগতে পঢ়ক: Bombay HC on Pakistani artists: পাকিস্তানী শিল্পীৰ বাবে ভাল খবৰ, বম্বে উচ্চ ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিলে এই নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.