ETV Bharat / entertainment

Salman Khan Video: গণপতি দৰ্শনৰ বাবে ভগ্নী অৰ্পিতাৰ ঘৰত উপস্থিত ছলমান খান, চাওক ভিডিঅ’

author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 10:23 AM IST

গণেশ চতুৰ্থী উপলক্ষে ভগ্নী অৰ্পিতা খান শৰ্মাৰ ঘৰত উপস্থিত হয় ছলমান খান ৷ পৰম্পৰাগত সাজত ভগ্নীৰ ঘৰত উপস্থিত হয় ছুপাৰষ্টাৰগৰাকী ৷ চাওক ভিডিঅ’ ৷

Superstar Salman Khan reached at sister Arpita Khan residence for Ganesh Chaturthi
গণেশ বাবাৰ আশীৰ্বাদ ল’বলৈ ভগ্নীৰ ঘৰত উপস্থিত হ’ল ভাইজান

চিটাৰা ডেস্ক, ২০ ছেপ্টেম্বৰ: গণেশ চতুৰ্থী উপলক্ষে বলীউডৰ বহু তাৰকাই নিজ নিজ বাসগৃহত স্থাপন কৰিছে ভগৱান গণেশৰ মূৰ্তি । প্ৰতিবাৰৰ দৰে এইবাৰো বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ ভগ্নী অৰ্পিতা আৰু অৰ্পিতাৰ স্বামী আয়ুষ শৰ্মাই নিজৰ ঘৰত গণেশ বাবাক আৰাধনা কৰিছে । ইফালে ছ’চিয়েল মিডিয়াত ছলমানৰ এটা শেহতীয়া ভিডিঅ’ পোহৰলৈ আহিছে, য’ত তেওঁক গণপতিৰ দৰ্শন কৰিবলৈ ভগ্নীৰ ঘৰত উপস্থিত হোৱা দেখা গৈছে ।

গণেশ চতুৰ্থী উপলক্ষে ভগ্নীৰ ঘৰত উপস্থিত হৈছে ছলমান খান

প্ৰতি বছৰে গণেশ চতুৰ্থী উপলক্ষে অৰ্পিতা খান আৰু আয়ুষ শৰ্মাই নিজৰ ঘৰত গণপতি স্থাপন কৰে । কেৱল এয়াই নহয়, ছলমান খান আৰু তেওঁৰ পৰিয়ালৰ লোকে তেওঁৰ সৈতে গণেশ চতুৰ্থীৰ পৱিত্ৰ উৎসৱ পালন কৰা দেখা যায় । এনে পৰিস্থিতিত এইবছৰো গণেশ চতুৰ্থীৰ দিনা ভনীয়েকৰ ঘৰত কেনেকৈনো উপস্থিত নাথাকিব ছলমান খান, ভগ্নীৰ ঘৰত উপস্থিত হৈ ভগৱান গণেশৰ আশীৰ্বাদ লয় ছুপাৰষ্টাৰগৰাকী ।

মঙলবাৰে নিশা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ’ । ভিডিঅ’টোত ভাইজানক নীলা আৰু বগা কুৰ্তা পায়জামা পৰিধান কৰি ভনীয়েক অৰ্পিতাৰ ঘৰত উপস্থিত হোৱা দেখা গৈছে । গণেশ চতুৰ্থী উপলক্ষে ছলমানৰ এই ভিডিঅ’টোৱে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে । কেৱল এয়াই নহয়, এই উপলক্ষে ছলমানে পাপাৰাজীৰ সৈতেও ছবি ক্লিক কৰে । অনুৰাগীয়ে ছলমান খানৰ এই পৰম্পৰাগত ৰূপটোক শলাগ লৈছে ।

ছলমানৰ ‘টাইগাৰ ৩’ৰ বাবে অপেক্ষাত সকলো

চলিত বৰ্ষত মুক্তি পোৱা ছলমান খানৰ ছবি ‘কিছি কা ভাই কিচি কি জানে’ বক্স অফিচত বিশেষ একো ফলাফল দেখুৱাব নোৱাৰিলে । এনে পৰিস্থিতিত ছলমানৰ পৰৱৰ্তী ছবি ‘টাইগাৰ ৩’ৰ পৰা সকলোৰে আশা ।

শেহতীয়াকৈ ছলমানে ‘টাইগাৰ ৩’ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ শ্বেয়াৰ কৰিছে, ইয়াৰ পিচতে সকলোৱে এই ছবিখনৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে । উল্লেখ্য যে, চলিত বৰ্ষৰ দীপাৱলী উপলক্ষে ছবিগৃহত মুক্তি পাব ‘টাইগাৰ ৩’।

লগতে পঢ়ক: Salman Khan: নতুন ৰূপত ভাইজানক দেখি অনুৰাগীয়ে ক’লে; ৰাধে ইজ বেক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.