ETV Bharat / entertainment

Karan Deol-Drisha Acharya's Marriage: ছানী দেউল তথা খুৰাক ববী দেউলৰ নৃত্যৰে মুখৰিত হৈ পৰিল কৰণৰ সংগীতানুষ্ঠান

author img

By

Published : Jun 17, 2023, 4:47 PM IST

বলীউডৰ ছুপাৰষ্টাৰ ছানী দেউলৰ পুত্ৰ কৰণ দেউলে দৃশা আচাৰ্যৰ সৈতে ১৮ জুন অৰ্থাৎ কাইলৈ বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে । একে সময়তে কৰণে বিবাহৰ পূৰ্বে নিজৰ সংগীতানুষ্ঠান উপভোগ কৰে । শুকুৰবাৰে সন্ধিয়া আয়োজন কৰা সংগীতানুষ্ঠানত ছানী দেউলৰ পৰা ধৰ্মেন্দ্ৰ আৰু ববি দেউলৈকে নৃত্য প্ৰদৰ্শনেৰে বিবাহ অনুষ্ঠানত আৰু আনন্দময় কৰি তোলে ।

Sunny Deol dances on 'Main Nikla Gaddi Leke...' at son's sangeet ceremony Bobby made the evening romantic
ছানী দেউল তথা খুৰাক ববী দেউলৰ নৃত্যৰে মুখৰিত হৈ পৰিল কৰণৰ সংগীতানুষ্ঠান

চিটাৰা ডেস্ক, 17 জুন: ছুপাৰষ্টাৰ ধৰ্মেন্দ্ৰৰ নাতি তথা ছানী দেউলৰ পুত্ৰ কৰণ দেউলে ১৮ জুনত দৃশা আচাৰ্যৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে । যাৰ সংগীতানুষ্ঠান শুকুৰবাৰে আয়োজন কৰা হৈছিল । য’ত সমগ্ৰ দেউল পৰিয়ালে নিজৰ নৃত্য প্ৰদৰ্শনেৰে সন্ধিয়াটো ৰঙীন কৰি তুলিছিল । কৰণেও ভাতৃ ৰাজবীৰৰ সৈতে নৃত্য প্ৰদৰ্শন কৰিছিল, আনহাতে ককাক ধৰ্মেন্দ্ৰেও নিজকে ৰখাব নোৱাৰি নাতিৰ সৈতে নৃত্য কৰে । আনহাতে পিতৃ ছানী দেউলে তেওঁৰ তাৰকাময় অভিনয়েৰে সকলোৰে হৃদয় জয় কৰিছিল ।

ছানী দেওলৰ জ্যেষ্ঠ পুত্ৰ কৰণ দেউলে ১৮ জুনত মুম্বাইত তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকা দৃশা আচাৰ্যৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ । সেয়ে ছানী দেওলৰ বাসগৃহ ফুল আৰু লাইটেৰে সজাই পৰাই তোলাৰ লগতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিবাহৰ পূৰ্বে চেলিব্ৰেচনৰ বহু ছবি আৰু ভিডিঅ’। বিবাহৰ পূৰ্বে এই চেলিব্ৰেচনত দেওল পৰিয়ালৰ সকলো ঘনিষ্ঠ আত্মীয়ক দেখা গ’ল যদিও ধৰ্মেন্দ্ৰৰ দ্বিতীয় পত্নী হেমা মালিনী আৰু তেওঁলোকৰ কন্যা ঈশা আৰু অহানা দেওলক দেখিবলৈ পোৱা নগ’ল ।

নিজৰ ছুপাৰহিট গীতত পৰিবেশন কৰিলে ছানীয়ে

পুত্ৰৰ সংগীতানুষ্ঠানত তেওঁৰ ছবি গদৰৰ ছুপাৰহিট গীত ‘মে নিকলা অ’ গড্ডী লেকে...’ত নৃত্য প্ৰদৰ্শণ কৰে । যাৰ ভিডিঅ' ইণ্টাৰনেটত বহুত ভাইৰেল হৈ পৰিছে আৰু মানুহে বহুত পচন্দ কৰিছে । ইয়াৰ লগে লগে তেওঁ পুত্ৰ কৰণৰ প্ৰতি আৱেগিক হৈ পৰিল আৰু মঞ্চৰ পৰাই পুত্ৰক আশীৰ্বাদ দিয়ে ।

খুৰা ববি দেউলে ৰোমান্টিক নৃত্য

আনহাতে কৰণৰ খুৰাক ববী দেউলে পত্নী তানিয়াৰ সৈতে তেওঁৰ নিজা ৰোমান্টিক গীত 'হামকো ছিৰ্ফ তুমছে প্যাৰ হে....'ত এক সুন্দৰ পৰিবেশন কৰে । তেওঁৰ ৰোমান্টিক নৃত্য প্ৰদৰ্শনে সন্ধিয়াটোক অধিক বিশেষ কৰি তুলিছিল । একে সময়তে কৰণৰ ককাক ধৰ্মেন্দ্ৰয়েও নাতিৰ সৈতে ‘য়মলা পাগলা দীৱানা...’ গীতটোত প্ৰাণভৰি নৃত্য কৰে ।

লগতে পঢ়ক: Adipurush: আদিপুৰুষ আৰু প্ৰভাসৰ সমালোচনা কৰি বিপদক যুৱক, ছবিগৃহৰ বাহিৰতে গণ প্ৰহাৰ যুৱকজনক, চাওক ভিডিঅ’

লগতে পঢ়ক: Adipurush: ডেৰ লাখ বিনামূলীয়া টিকট, হনুমানৰ বাবে ছবিগৃহত ১খন আসন বুকিং, আদিপুৰুষৰ বাবে কিমান কামত আহিব এই কৌশল

লগতে পঢ়ক: Adipurush Viral Video: ছবিগৃহত আদিপুৰুষ চাবলৈ আহিল হনুমান জী, ছবিগৃহৰ পৰা ভাইৰেল হ’ল ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.