ETV Bharat / entertainment

Gabriel Guevara arrested: যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ স্পেনিছ অভিনেতা গেব্ৰিয়েল গুৱেভাৰা

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 11:49 AM IST

গ্ৰেপ্তাৰ হ’ল স্পেনিছ অভিনেতা গেব্ৰিয়েল গুৱেভাৰা ৷ ভেনিচ চলচ্চিত্ৰ মহোৎসৱত যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে অভিনেতাগৰাকীক ৷

Spanish actor Gabriel Guevara arrested on sexual assault charge at Venice Film Festival
গ্ৰেপ্তাৰ হ’ল স্পেনিছ অভিনেতা গেব্ৰিয়েল গুৱেভাৰা

চিটাৰা ডেস্ক, ৪ ছেপ্টেম্বৰ: শেহতীয়াকৈ মুকলি হৈছিল স্পেনিছ ছবি ‘মাই ফ’ল্ট’ অৰ্থাৎ স্পেনিছ ভাষাত ‘কাল্পা মিয়া’ ৷ ছবিখনৰ মুক্তিৰ পিচতে ছ’চিয়েল মিডিয়াত অতি জনপ্ৰিয় হৈ পৰে ছবিখনত অভিনয় কৰা অভিনেতা গেব্ৰিয়েল গুৱেভাৰা আৰু অভিনেত্ৰী নিকোল ৱালেছ ৷

এই স্পেনিছ ছবিখনে ভাৰততো যথেষ্ট চৰ্চা লাভ কৰে আৰু ছ’চিয়েল মিডিয়াত যেন গেব্ৰিয়েল এক প্ৰকাৰে ক্ৰাছ হৈ একাংশ যুৱতীৰ বাবে ৷ কিন্তু গেব্ৰিয়েলৰ অনুৰাগীৰ বাবে আহিছে এটা বেয়া খবৰ ৷ কিয়নো ভেনিচ চলচ্চিত্ৰ মহোৎসৱৰ সময়ত গ্ৰেপ্তাৰ কৰা হৈছে স্পেনিছ অভিনেতা গেব্ৰিয়েল গুৱেভাৰাক ৷ দ্য হলিউড ৰিপ’ৰ্টাৰৰ মতে, ফ্ৰান্সত যৌন নিৰ্যাতনৰ অভিযোগত গেব্ৰিয়েলৰ ওপৰত সক্ৰিয় আন্তঃৰাষ্ট্ৰীয় ৱাৰেণ্ট মুকলি হৈছিল ।

উল্লেখ্য যে, ফিল্মিং ইটালীৰ দ্বাৰা প্ৰদান কৰা শ্ৰেষ্ঠ যুৱ অভিনেতাৰ সন্মান লাভ কৰাৰ এদিন পূৰ্বে অৰ্থাৎ ২ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল অভিনেতাগৰাকীক । কিন্তু গ্ৰেপ্তাৰৰ কথা জানিব পাৰি ফিল্মিং ইটালীয়ে এই বঁটা বাতিল কৰে ৷ অৱশ্যে তেওঁৰ বিৰুদ্ধে গোচৰৰ ফলাফল অহালৈকে “সতৰ্কতামূলক ব্যৱস্থা” বুলি কয় ।

গ্ৰেপ্তাৰৰ পিচতে মহোৎসৱেও এক বিবৃতি প্ৰকাশ কৰে

বিবৃতিটো কয়, ‘‘ভেনিচত স্পেনিছ অভিনেতা গেব্ৰিয়েল গুৱেভাৰাক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত বিভিন্ন ৱেবছাইটত প্ৰকাশ পোৱা বাতৰিৰ পিচত, বিয়েনালে ইয়াৰ দ্বাৰা স্পষ্ট কৰে যে ভেনিচত তেওঁৰ উপস্থিতি ৮০ সংখ্যক ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ সৈতে জড়িত কোনো অনুষ্ঠান বা প্ৰডাকচনৰ সৈতে সম্পৰ্কিত নহয় ।’’ গ্ৰেপ্তাৰৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে ।

ইফালে, কৰ্মক্ষেত্ৰত ২০১৮ চনত হিট টিন ড্ৰামা ফ্ৰেঞ্চাইজিৰ স্থানীয় অভিযোজন স্কাম স্পেইনৰ প্ৰথম ছিজনত ক্রিষ্টিয়ান মিৰালেছ হাৰো হিচাপে খ্যাতি লাভ কৰিছিল গেব্ৰিয়েল আৰু মাই ফল্ট ছবিত তেওঁৰ অভিনয়ে আৰু অধিক জনপ্ৰিয় কৰিছিল অভিনেতাগৰাকীক ৷

তেওঁৰ আন আন প্ৰজেক্টসমূহৰ ভিতৰত আছে ৰেড ফ্লেগছ, লগতে পূৰ্বৰ প্ৰজেক্টসমূহ হাউ টু স্ক্ৰু ইট অল আপ, ইউ’ৰ নথিং স্পেচিয়েল, এইচ আই টি, ডেঞ্জাৰছ মমছ আৰু চাৰ্টাৰ। (ANI)

লগতে পঢ়ক: Nobel Prize award ceremony: নবেল বঁটা প্ৰদান অনুষ্ঠানৰ বাবে ৰাছিয়া, ইৰাণ আৰু বেলাৰুছে নাপাব নিমন্ত্ৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.