ETV Bharat / entertainment

Richa Chadha tweet: ভাৰতীয় সেনা সন্দৰ্ভত মন্তব্য কৰি বিতৰ্কত ৰিছা চড্ডা

author img

By

Published : Nov 24, 2022, 3:18 PM IST

'ফুক্ৰে' খ্যাত অভিনেত্ৰী ৰিছা চড্ডাই ভাৰতীয় সেনাৰ ওপৰত মন্তব্য কৰি নিজৰ বাবে সমস্যা মাতি লৈছে (Richa Chadha Indian army)। এতিয়া তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ দাবী কৰা হৈছে।

Richa Chadha
ৰিছা চড্ডা বিতৰ্ক

চিটাৰা ডেস্ক, 24 নৱেম্বৰ : বলীউডৰ অভিনেত্ৰী ৰিছা চড্ডাই অলপতে প্ৰেমিক তথা অভিনেতা আলী ফজলৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ বাতৰিৰ শিৰোনাম দখল কৰিছিল । অভিনেত্ৰী গৰাকীয়ে বিবাহিত জীৱন উপভোগ কৰি আছিলহে ঠিক তেনেকুৱাতে এটা টুইট কৰি এতিয়া তেওঁ নিজৰ বাবে সমস্যা মাতি লৈছে । ঘটনাটো হ’ল- অভিনেত্ৰীগৰাকীয়ে তেওঁৰ টুইটত ভাৰতীয় সৈনিকসকলৰ ওপৰত মন্তব্য কৰি বেয়াকৈ ফান্দত পৰিছে ।

শেহতীয়াকৈ, উত্তৰ সেনাৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে পাকিস্তান অধিকৃত কাশ্মীৰ পুনৰ ভাৰতৰ অধীনলৈ অনাৰ আদেশ কাৰ্যকৰী কৰাৰ বাবে এক বিবৃতি দিছিল । অভিনেত্ৰীগৰাকীয়ে কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেলৰ এই ভিডিঅ'টোত মন্তব্য কৰিছিল (Richa Chadha tweet galwan) । বিজেপি নেতা মঞ্জিন্দৰ সিং চিৰছাই অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাই তেওঁক কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ উপাসক বুলি অভিহিত কৰিছে ।

  • रिचा चड्ढा जैसी 3rd grade बॉलीवुड अदाकारा ओछे पब्लिसिटी स्टंट के लिये भारतीय सेना का अपमान कर रही हैं@RichaChadha कांग्रेस और राहुल गांधी की उपासक हैं इसलिए उनकी इस ट्वीट में भारत विरोधी सोच साफ नजर आती है।
    मैं @MumbaiPolice से उनके ख़िलाफ कानूनी कार्रवाई की माँग करता हूँ@ANI https://t.co/eetOjHrDor pic.twitter.com/uXPcj3gGwE

    — Manjinder Singh Sirsa (@mssirsa) November 24, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতীয় জোৱানক ঠাট্টা কৰিলে নেকি ৰিছা চড্ডাই?

দৰাচলতে উত্তৰ সেনাৰ অধিনায়ক লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে পাকিস্তানে দখল কৰা কাশ্মীৰ পুনৰ ভাৰতৰ অধীনলৈ অনাৰ দৰে আদেশ কাৰ্যকৰী কৰিবলৈ দিয়া বক্তব্যৰ ওপৰত ৰিছাই মন্তব্য কৰে এইদৰে, ‘গালৱান চেইছ হাই’। ইয়াৰ পিছতে বিজেপি নেতা মঞ্জিন্দৰ সিং চিৰছাই অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে থিয় হৈছে । তেওঁ এটা টুইট জাৰি কৰি লিখিছে, "ৰিছা চড্ডাৰ দৰে তৃতীয় শ্ৰেণীৰ বলীউড অভিনেত্ৰীয়ে কম খৰচৰ প্ৰচাৰ ষ্টাণ্টৰ বাবে ভাৰতীয় সেনাক অপমান কৰিছে, @RichaChadha কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ উপাসক, গতিকে তেওঁৰ ভাৰত বিৰোধী চিন্তাধাৰা এই টুইটত স্পষ্টকৈ দেখা গৈছে । মুম্বাই আৰক্ষীৰ পৰা তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ দাবী জনাইছো" ।

'সৈনিকক অপমান কৰাটো উচিত নহয়'

একে সময়তে আন এটা টুইটত মঞ্জিন্দৰ সিং চিৰছাই অভিনেত্ৰী গৰাকীৰ এই মন্তব্যক লজ্জাজনক বুলি অভিহিত কৰিছে । চিৰছাই কয় যে অভিনেত্ৰীগৰাকীয়ে এই মন্তব্য অতি সোনকালে উঠাই ল’ব লাগে । "আমাৰ সশস্ত্ৰ বাহিনীক এনেদৰে অপমান কৰাটো ন্যায্য নহয়", তেওঁ লগতে কয় ।

ৰিছা ছ’চিয়েল মিডিয়াত সক্ৰিয় ৷ ‘ফুক্ৰে’ ছবিখনৰ ছেটত লগ পোৱা আলী ফজলৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় ৰিছা । ৰাজনৈতিক আৰু সামাজিক বিষয়ত তেওঁ মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰে । ইয়াৰ পূৰ্বেও নিজৰ বক্তব্যৰ বাবে বহুবাৰ শিৰোনামলৈ আহিছে ।

লগতে পঢ়ক : বিয়াৰ পূৰ্বৰ অনুষ্ঠান পৰা ৰিছা আলীৰ ফটো চাওক-

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.