ETV Bharat / entertainment

Ramayana: ৰণবীৰ-আলিয়া হ’ব ৰাম-সীতা, ৰাৱণৰ চৰিত্ৰত থাকিব কেজিএফৰ তাৰকা যশ, কেতিয়া আৰম্ভ হ’ব শ্বুটিং ?

author img

By

Published : Jun 8, 2023, 5:08 PM IST

ৰামায়ণ নামৰ ছবিখনৰ প্ৰস্তুতি চলাই আছে দংগল ছবিখনৰ পৰিচালকে। ছবিখনৰ বিষয়ে ইতিমধ্যেই আহিছে এটা ডাঙৰ আপডেট । ছবিখনত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে ৰাম-সীতাৰ চৰিত্ৰত অভিনয় কৰিব ৷ কিন্তু কোন হ’ব ৰাৱণ ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Ranbir Kapoor as lord ram, alia bhatt sita and yash to play Ravan in Nitesh Tiwari's Ramayana
ৰামায়ণৰ ৰাম আৰু সীতাৰ চৰিত্ৰক লৈ আন এখন ছবিৰ প্ৰস্তুতি

চিটাৰা ডেস্ক, 8 জুন: বলীউডত ৰামায়ণৰ ৰাম আৰু সীতাৰ চৰিত্ৰক লৈ আন এখন ছবিৰ প্ৰস্তুতি চলি আছে ৷ কোৱা হৈছে যে দংগল ফেম পৰিচালক নিতেশ তিৱাৰীয়ে এই ছবিখন নিৰ্মাণ কৰিব । শেহতীয়াকৈ পৰিচালকগৰাকীয়ে তেওঁৰ আগন্তুক ছবি ‘বাৱাল’ৰ শ্বুটিং সম্পূৰ্ণ কৰিছে (Ramayana Ranbir Kapoor as lord ram)। এতিয়া খবৰ অনুসৰি তেওঁ ৰামায়ণৰ কাম কৰি আছে । এই ছবিখন চলিত বৰ্ষৰ দীপাৱলীত ঘোষণা কৰিব পাৰে । একে সময়তে ছবিখনৰ ঘোষণাৰ পূৰ্বেই ইয়াৰ সৈতে জড়িত ভাল খবৰ চৰ্চালৈ আহিছে। এই ছবিখনত বাস্তৱ জীৱনৰ যুটি ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটক ৰাম-সীতাৰ চৰিত্ৰত দেখা যাব । একে সময়তে ৰাৱণৰ চৰিত্ৰত কেজিএফৰ তাৰকা যশক দেখা যাব বুলি কোৱা হৈছে ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰণবীৰ কাপুৰৰ সন্মুখত অভিনেতা যশক ৰাৱণ চৰিত্ৰত নিক্ষেপ কৰাৰ প্ৰস্তুতি চলোৱা হৈছে ৷ যদিও এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি অহা নাই আৰু এই খবৰো নিশ্চিত হোৱা নাই (Ranbir Kapoor as lord ram)।

কিন্তু কোৱা হৈছে যে ৰাম আৰু সীতাৰ চৰিত্ৰত ৰণবীৰ আৰু আলিয়াক নিশ্চিতভাৱে দেখা যাব। ডিচেম্বৰৰ শেষৰ ফালে বা ২০২৪ চনৰ ভিতৰত ছবিগৃহত আহিব নিতেশ তিৱাৰীৰ এই ছবিখন (Alia bhatt sita Ranbir Kapoor) ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰামৰ চৰিত্ৰত ৰণবীৰ কাপুৰৰ লুক টেষ্ট কৰা হৈছে আৰু অহা ১৫ দিনত জানিব পৰা যাব যে তেওঁ ছবিখনৰ বাবে ফাইনেল হ’ব নে নহয় (Alia bhatt sita)।

ৰামায়ণৰ প্ৰযোজক হৈছে আল্লু অৰবিন্দ, নমিত মালহোত্ৰা আৰু মধু মন্তেনা । নিতেশ তিৱাৰী আৰু ৰবি উদ্যৱৰে একেলগে পৰিচালনা কৰিব এই ছবিখন । ৰণবীৰ কাপুৰৰ ৱৰ্ক ফ্ৰন্টৰ কথা ক’বলৈ গ’লে চলিত বৰ্ষৰ ১১ আগষ্টত ছবি এনিমেলত দেখা যাব । সন্দীপ ভাংগা ৰেড্ডীৰ ছবিখনত নায়িকা হিচাপে অভিনয় কৰিব ৰশ্মিকা মান্দান্নাই ।

লগতে পঢ়ক: Gadar: Ek Prem katha: কাইলৈ ​​ছবিগৃহত পুনৰ মুক্তি পাব গদৰ এক প্ৰেম কথা, এটাৰ লগত এটা টিকট হ’ব বিনামূলীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.