ETV Bharat / entertainment

Rakhi Sawant Video: ওমৰাহ কৰি মুম্বাইলৈ উভতি আহিল ৰাখী সাৱন্ত, বিমানবন্দৰত উষ্ম আদৰণি ৰাখীক - ওমৰাহ কৰি মুম্বাইলৈ উভতি আহিল ৰাখী সাৱন্ত

শেহতীয়াকৈ ওমৰাহ কৰিবলৈ মক্কালৈ গৈছিল ৰাখী সাৱন্ত । এতিয়া ওমৰাহ সমাপ্ত কৰি মুম্বাইলৈ উভতি আহিছে ৰাখী । বিমানবন্দৰত ৰাখীক উষ্ম আদৰণি অনুৰাগীৰ ৷ চাওক ভিডিঅ’ ৷

'Rakhi nahi Fatima bolo': Rakhi Sawant gets a floral welcome at airport upon return from Umrah. Watch
ওমৰাহ সমাপ্ত কৰি মুম্বাইলৈ উভতি আহিছে ৰাখী
author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 2:18 PM IST

চিটাৰা ডেস্ক, 31 আগষ্ট: ড্ৰামা কুইন ৰাখী সাৱন্ত বিগত কিছুদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ আদিলৰ সৈতে চলি থকা বাকযুদ্ধৰ মাজতে ৰাখীয়ে অলপতে ওমৰাহ পৰিৱেশন কৰিবলৈ মক্কালৈ গৈছিল । অৱশ্যে মক্কাৰ পৰা বহুকেইটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল ৰাখীয়ে ৷ য’ত আদিলৰ বিষয়ে অভিযোগ উত্থাপন কৰা দেখা গৈছিল ৰাখীক ৷ শেহতীয়াকৈ মক্কাৰ পৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত ৰাখীয়ে কৈছিল আদিলে মোৰ জীৱন ধ্বংস কৰিছে ৷ এতিয়া মই আল্লাহৰ পৰা ন্যায় বিচাৰিছোঁ ৷

ওমৰাহ কৰাৰ পিচত এতিয়া মুম্বাইলৈ উভতি আহিছে ৰাখী ৷ মুম্বাইলৈ উভতি অহাৰ পাচতে বিমানবন্দৰত বিশেষ আদৰণি লাভ কৰিছে ৰাখীয়ে । ৰাখীক ফুলৰ মালাৰে আদৰণি জনায় বন্ধু-বান্ধৱী আৰু অনুৰাগীয়ে । ৰাখীক দেখি পাপাৰাজীয়ে তেওঁৰ নামেৰে চিঞৰিবলৈ ধৰে, ইয়াৰ পিচতে অভিনেত্ৰীগৰাকীয়ে ক’লে যে মোক ৰাখী নহয়, ফাতিমা বুলি অভিহিত কৰা ।

উল্লেখ্য যে ৰাখী সাৱন্ত বিমানবন্দৰৰ পৰা ওলাই অহাৰ লগে লগেই অভিনেত্ৰীগৰাকীক মালা পিন্ধাবলৈ আগবাঢ়ি আহে কেইবাজনো লোক ৷ যদিও ৰাখীয়ে পিছুৱাই গৈ মালাখন পৰিধান কৰাৰ পৰিৱৰ্তে হাতত লয় । ইয়াৰ পিচত ৰাখীয়ে এগৰাকী মহিলাক ডিঙিত মালা পিন্ধাবলৈ অনুমতি দিয়ে ।

পাপাৰাজীক কি ক’লে ৰাখীয়ে

বিমানবন্দৰৰ পৰা ওলাই অহাৰ লগে লগে ৰাখীক দেখি সকলোৱে ৰাখীৰ নাম চিঞৰিবলৈ ধৰিলে । ৰাখীয়ে ওলাই আহি ক’লে – ৰাখী নহয়, কোৱা ফাতিমা । ইয়াৰ পিছত পাপাৰাজীয়ে ৰাখীৰ কথাত সন্মতি জনাই ফাতিমা বুলি ক’বলৈ আৰম্ভ কৰে ।

নথি-পত্ৰত নাম সলনি কৰিব নে ৰাখীয়ে ?

যেতিয়া এজন সাংবাদিক ৰাখীক সুধিলে যে নথিখনত ​​নাম সলনি কৰিব নেকি ? ৰাখীয়ে এই বিষয়ে ক’লে - ভগৱানে মোক এনেকৈয়ে সৃষ্টি কৰিছে । মই যেনেকুৱা তেওঁ মোক তেনেকৈয়ে ভাল পায় ৷ তেওঁ নিবিচাৰে যে মই নথি-পত্ৰত ​​মোৰ নাম সলনি কৰো ।

লগতে পঢ়ক: Jawan Trailer: কিং খানৰ অনুৰাগীৰ বাবে সুখবৰ ! অৱশেষত মুকলি হ’ল জৱানৰ বহু প্ৰত্যাশিত ট্ৰেইলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.