ETV Bharat / entertainment

ৰাহাৰ নাম শুনি মন্তব্য নকৰাকৈ থাকিব নোৱাৰিলে প্ৰিয়ংকা চোপ্ৰাই

author img

By

Published : Nov 25, 2022, 11:57 AM IST

নাম প্ৰকাশ হোৱাৰ পিছৰে পৰা ৰাহাই সকলো পিনৰে পৰা লাভ কৰিছে আশীষ আৰু শুভেচ্ছা বাৰ্তা ৷ এটা সময়ত ৰণবীৰ কাপুৰৰ সৈতে প্ৰেমৰ বাতৰিৰে চৰ্চাত থকা গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰাইয়ো ৰণবীৰ-আলিয়াৰ সন্তানৰ নাম জনাৰ পাছত দিলে এই মন্তব্য-

Priyanka Chopra
ৰাহাৰ নাম শুনি মন্তব্য নকৰাকৈ থাকিব নোৱাৰিলে প্ৰিয়ংকা চোপ্ৰাই

চিটাৰা ডেস্ক, 25 নৱেম্বৰ : বলীউডৰ জনপ্ৰিয় যুটি ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে অনুৰাগীসকলক বেছি সময় অপেক্ষা নকৰোৱাকৈ তেওঁলোকৰ কন্যা সন্তানৰ নাম প্ৰকাশ কৰিছে । ৰণবীৰ-আলিয়াৰ লগতে নীতু কাপুৰে কন্যা সন্তানটিৰ নাম ৰাহা ৰাখিছে । আলিয়াই অনুৰাগীৰে সৈতে এখন ফটো শ্বেয়াৰ কৰি নিজৰ সন্তানৰ নাম প্ৰকাশ কৰিছে ।

ৰণবীৰ-আলিয়াৰ জীয়েকৰ নাম প্ৰকাশ হোৱাৰ পিছৰে পৰা শুভেচ্ছাবাণীৰে উপচি পৰিছে আলিয়াৰ ছ’চিয়েল মিডিয়া হেণ্ডেল । বলীউডৰ বহু তাৰকাই নিজৰ মৰম পঠিয়াইছে ৰাহালৈ ৷ ৰণবীৰ কাপুৰৰ কথিত প্ৰাক্তন প্ৰেমিকা তথা গোলকীয় তাৰকা প্ৰিয়ংকা চোপ্ৰাইয়ো ৰণবীৰ-আলিয়াৰ জীয়েকৰ নামৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে ৷

প্ৰিয়ংকা চোপ্ৰাই দিছে আশীৰ্বাদ

আলিয়া ভাটে আপলোড কৰা ফটোখন দেখি প্ৰিয়ংকা চোপ্ৰাই লিখিছে, ‘গড ব্লেছ ৰাহা’। সমান্তৰালকৈ ৰণবীৰ সিং, ৰাহাৰ পেহী কৰীণা কাপুৰ, ৰাহাৰ আইতা নীতু কাপুৰ,শ্বেতা বচ্চন নন্দাকে আদি কৰি বহুতে আশীৰ্বাদ যাচিছে ৰাহাক ।

ৰাহা নামৰ অৰ্থ কি?

কেৱল নাম প্ৰকাশ কৰাই নহয় অনুৰাগীসকলক আলিয়াই নামৰ ভিন্ন অৰ্থৰ কথাও জনাইছে । ৰাহাৰ আইতাক নীতু কাপুৰে এই নামটো নিৰ্ধাৰণ কৰিছে । আলিয়াই জনাই যে ৰাহা নামটোৰ বহুত সুন্দৰ অৰ্থ আছে । প্ৰকৃতাৰ্থত ৰাহা মানে হৈছে ঐশ্বৰিক পথ । তাৰ লগতে আলিয়াই কৈছে যে, "শ্বাহিলী ভাষাত তাই জয়,

সংস্কৃতত ৰাহা এটা বংশ,

বাংলা ভাষাত - বিশ্ৰাম, আৰাম, সকাহ,

আৰবীত শান্তি,

ইয়াৰ অন্য অৰ্থ হৈছে সুখ, স্বাধীনতা আৰু আনন্দ" ।

লগতে পঢ়ক : Why Pankaj Tripathi rejecting offers: পংকজ ত্ৰিপাঠীয়ে কিয় বাৰে বাৰে প্ৰত্যাখ্যান কৰিছে দক্ষিণৰ ছবিৰ অফাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.